হেলমেট পৰিধান নকৰাকৈ বাইক চলাই যদি সাৱধান হওক আপুনি : ৰাজপথত ঘূৰি ফুৰিছে যমদূত
ডিজিটেল ডেস্ক : আপুনি যদি হেলমেট পৰিধান নকৰাকৈ বাইক চলাই তেন্তে সাৱধান হওঁক৷ কিয়নো ৰাজপথত ঘূৰি ফুৰিছে যমদূত৷ মঙলদৈ চহৰৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে যমদূতক৷
পিছে এই যমদূত সৰগৰ পৰা নামি অহা নাই৷ হেলমেট পৰিধান নকৰি বাইক চলোৱা লোকসকলৰ মাজত সজাগতা আনিবৰ বাবে এজন লোকে পৰিধান কৰিছে যমদূতৰ পোছাক৷ হেলমেট পৰিধান নকৰা বাইক আৰোহীসকলক স্বাগতম জনোৱাৰ লগতে হেণ্ডছেক দিছে যমদূতে৷
মঙলদৈ চহৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভোগালী বিহুৰ প্ৰাকক্ষণত দৰং জিলাৰ পৰিবহন বিভাগে পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি জনসাধাৰণৰ মাজত সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰিছে৷ আনহাতে হেলমেট পৰিহিত বাইক আৰোহীসকলক এপাহকৈ গোলাপ ফুল দিছে আৰক্ষীয়ে।