Logo
image

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাছ মৰা নিষিদ্ধ : ৰাইজৰ তীব্ৰ প্ৰতিবাদ

ডিজিটেল ডেস্ক, কাজিৰঙা: প্ৰতি বছৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া লোকে ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্ত এলেকাত থকা বিলত বিশেষকৈ মাঘ বিহুৰ উৰুকাৰ দিনা মৎস্য চিকাৰ কৰে৷ কিন্তু এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ অনুৰোধ মৰ্মে মাঘ বিহুৰ উৰুকাত ৰাষ্ট্ৰীয় উদ্যানৰ বিল, খাল, জলাশয় আদিত বাহিৰা লোকৰ প্ৰবেশ নিষিদ্ধ কৰি বোকাখাত আৰু কলিয়াবৰ মহকুমা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে। এই আইন ভংগকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও প্ৰশাসনে ঘোষণা কৰিছে। 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বন্যপ্ৰাণী প্ৰতিৰোধ আইন ভংগ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰবেশ নকৰিবলৈ ৰাইজক এক জাননীৰ দ্বাৰা আহ্বান জনাইছে। উল্লেখ্য যে বহু বছৰৰ পৰা মাছ ধৰিবলৈ অহা কিছু লোকে বন আইন ভংগ কৰি বন আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ লগতে বিশৃংখল পৰিবেশ সৃষ্টি কৰাত উদ্যান কৰ্তৃপক্ষ চিন্তিত হৈছে। বিগত বৰ্ষতো ৰাষ্ট্ৰীয় উদ্যানখনৰ বিশেষকৈ বুঢ়াপাহাৰ আৰু কহঁৰা বনাঞ্চলৰ অধীনত মৰিডিফলু, পতাহি আদি বিল আৰু জলাশয়ত মাঘ বিহুৰ সময়ত সহস্ৰাধিক লোকে বন আইন ভংগ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাওতে বন বিভাগৰ লোকে গুলী ফুটাই, লাঠী চাৰ্জ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছিল।

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ ক্ষেত্ৰত উদ্যানৰ কাষৰীয়া ৰাইজে বন বিভাগৰ লোকক সহযোগ আগবঢ়াই থকাৰ বাবে ৰাজ্যখনৰ প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎ সিংহই প্ৰধানকৈ মাঘ বিহুৰ উৰুকাৰ দিনা উদ্যানৰ কাষৰীয়া খাল, বিল, জলাশয় আদিত মাছ ধৰাৰ অনুমতি প্ৰদান কৰিছিল আৰু তেতিয়াৰ পৰাই ৰাইজে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মৎস্য চিকাৰ কৰি আহিছে৷  কিন্তু বৰ্তমান পূৰ্বৰ পৰিৱেশ সম্পূৰ্ণ বিপৰীত হৈছে । মাঘ বিহুত মাছ ধৰাটো এক বৃহৎ ব্যৱসায়লৈ পৰিণত হৈ পৰিছে । ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয়া ৰাইজ মাছ ধৰাৰ পৰা বঞ্চিত হৈছে। যাৰ ফলত প্ৰায়ত মুখ্যমন্ত্ৰী শৰৎ সিংহৰ উদ্দেশ্যে বিফল হোৱাৰ পৰিস্থিতি সৃষ্টি হৈছে। 

ইফালে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাছ ধৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰতি বছৰে মাঘ বিহুৰ উৰুকাৰ দিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিলত মাছ ধৰাটো এক অঘোষিত পৰম্পৰালৈ পৰিণত হৈছিল। এই পৰম্পৰাক এতিয়া উদ্যান কৰ্তৃপক্ষই বাধা প্ৰদান কৰাত ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া একাংশ ৰাইজে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হালধিবাৰী অৰ্থাৎ ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ অধীনত থকা মৰিডিফলু নদীৰ কালমুখ বিলৰ প্ৰৱেশ পথৰ সন্মূখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। মাছ ধৰা পৰম্পৰাক বাধা নিদিব, আমাৰ দাবী মানিবই লাগিব আদি ধ্বনিৰে একাংশ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মাছ ধৰিবলৈ যাতে কোনো লোক প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে আজি বোকাখাত মহকুমা প্ৰশাসনে এগৰাকী দণ্ডাধীশৰ নেতৃত্বত আৰক্ষী, চিআৰপিএফ আৰু বন সুৰক্ষা বাহিনীৰ এক বৃহৎ দল মোতায়েন কৰে। কোনো লোকে যাতে আইন ভংগ কৰি ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মাছ ধৰিব নোৱাৰে তাৰ বাবে সকলো ধৰণৰ বাধা প্ৰদান কৰা হব বুলি দণ্ডাধীশে মত প্ৰকাশ কৰে ।