Logo
image

হৃদৰোগত আক্ৰান্ত সৌৰভ গাংগুলী...

আমাৰ অসম, ০২ জানুৱাৰীঃ শনিবাৰে হঠাৎ অসুস্থ হৈ পৰে বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী। শনিবাৰে পুৱা প্ৰায় ১১ বজাত শৰীৰ চৰ্চা কৰি থকা অৱস্থাতে অসুস্থ হৈ পৰা ক্ৰিকেটাৰগৰাকীক ততাতৈয়াকৈ কলকাতাৰ উডলেণ্ড হাস্পাতালত ভৰ্তি কৰোৱা হয়। সামান্যভাৱে হৃদৰোগত আক্ৰান্ত হৈছে বিচিচিআইৰ অধ্যক্ষগৰাকী। ক্ৰিকেটাৰগৰাকীৰ অসুস্থ হোৱাৰ খবৰ পোৱাৰ পাছতেই টুইটযোগে দুখ প্ৰকাশ কৰি আশু আৰোগ্য কামনা কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, ক্ৰিকেটাৰ বিৰাট কোহলিৰ লগতে অসংখ্য অনুৰাগীয়ে।