ধানৰ ন্যূনতম সমৰ্থন মূল্য কৃষকে পাইছেনে
... অসম চৰকাৰে অসম ৰাজ্যিক নিয়ন্ত্ৰিত বজাৰ সমিতিৰ জৰিয়তে ২০১৯-২০ বৰ্ষত [২০-৫-২০২০ তাৰিখলৈ] ২৫,০০০ টন লক্ষ্যৰ বিপৰীতে ধান ক্ৰয় কৰিছিল প্ৰায় ৫,৮৯১.৮১১ টন৷ অৰ্থাৎ লক্ষ্যৰ বিপৰীতে মাত্ৰ ২৩.৫৭ শতাংশ! এইধৰণৰ নিৰুৎসাহজনক লক্ষ্যপ্ৰাপ্তিৰ মূল কাৰণ হয়তো পৰ্যাপ্ত ধনৰ অভাৱ৷ এই তথ্যৰ আধাৰত চৰকাৰলৈ আমি জনাব বিচৰা অনুৰোধটো হ’ল– ধান ক্ৰয়ৰ লক্ষ্য প্ৰাপ্তিৰ বাবে চৰকাৰে প্ৰয়োজনীয় অৰ্থৰ যোগান ধৰক, যাতে নিৰ্দিষ্ট সংস্থাসমূহে ঈপ্সিত লক্ষ্যত উপনীত হ’ব পাৰে ...
কেন্দ্ৰীয় চৰকাৰে ‘ন্যূনতম সমৰ্থন মূল্য’ ব্যৱস্থাৰ অধীনত সচৰাচৰ সামৰি লোৱা কেইবিধমান শস্য হ’ল– ধান, হাইব্ৰীড জোৱাৰ, চৰঘম বা মালদাণ্ডি জোৱাৰ, বজ্ৰা, মাকৈ, ৰাগী, অৰহৰ, মুগ, মাটিমাহ, কপাহ, সুৰুজমুখী ফুলৰ বীজ, চয়াবীন, তিল, গুজিতিল, ঘেঁহু, বাৰ্লি, বুটমাহ, মচুৰমাহ, সৰিয়হ, কুসুম ফুলৰ গুটি, মৰাপাট, বাকলি গুচোৱা নাৰিকল আৰু ক’প্ৰা নাৰিকল আদি৷
সাধাৰণতে ভাৰতীয় খাদ্য নিগম আৰু আন কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰী সংস্থাৰ দ্বাৰা প্ৰতিবছৰে চৰকাৰীভাৱে ন্যূনতম সমৰ্থন মূল্যত কৃষকৰ উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে৷ বিশেষকৈ তেতিয়া, যেতিয়া শস্যৰ বজাৰ মূল্য চৰকাৰীভাৱে ঘোষিত দৰতকৈ দীৰ্ঘ সময়ৰ বাবে নিম্নগামী হয়৷ কৃষকৰ পৰা ক্ৰয় কৰা এই শস্য [বিশেষকৈ ধান আৰু ঘেঁহু] নিৰ্দিষ্ট উদ্যোগৰ দ্বাৰা পোনে পোনে খাদ্য হিচাপে গ্ৰহণ কৰিব পৰা কৰি সেইবোৰৰ সৰহভাগ চৰকাৰী আঁচনিৰ অধীনৰ হিতাধিকাৰীৰ মাজত ‘ৰাজহুৱা বিতৰণ ব্যৱস্থা’ৰ জৰিয়তে বিতৰণ কৰা হয়৷
অসমকে সামৰি সমগ্ৰ ভাৰতৰ বাবে প্ৰযোজ্য হোৱা এই বছৰৰ [২০২০-২১] ধানৰ ন্যূনতম সমৰ্থন মূল্য হ’ল– [ক] সাধাৰণ শ্ৰেণীঃ প্ৰতি কুইণ্টলত ১,৮৬৮ টকা [প্ৰতি মোনত – ৭৪৭.২০ টকা] আৰু [খ] লাহী– প্ৰতি কুইণ্টলত ১,৮৮৮ টকা [প্ৰতি মোনত – ৭৫৫.২০ টকা]৷ অসমত উৎপাদিত আইজং আৰু ৰঞ্জিত ধান ‘সাধাৰণ শ্ৰেণী’ত অন্তৰ্ভুক্ত৷
‘ধান ক্ৰয় কেন্দ্ৰ’ত ন্যূনতম সমৰ্থন মূল্যত বিক্ৰী কৰিব খোজা ধানৰ গুণগত মানৰ [সৰ্বোচ্ছ গ্ৰহণযোগ্য মান] বিশদ বিৱৰণ– [১] ধানৰ জলীয় বাষ্পৰ পৰিমাণঃ ১৭ শতাংশ বা তাতকৈ কম [২] শিল, ইটাৰ টুকুৰা আদি অজৈৱিক পদাৰ্থৰ উপস্থিতিঃ ১ শতাংশ বা তাতকৈ কম, [৩] ধানৰ নৰা, পাত আদি জৈৱিক পদাৰ্থৰ অৱশিষ্টৰ উপস্থিতিঃ ১ শতাংশ বা তাতকৈ কম [৪] অপৈণত ধান, কাঠ পতান আৰু পতানৰ উপস্থিতিঃ ৩ শতাংশ বা তাতকৈ কম [৫] গজালি ওলোৱা, পোকে খোৱা, অনুজ্জ্বল আৰু নষ্ট হোৱা ধানঃ চাৰি শতাংশৰ অধিক নহয়৷ ধানৰ নমুনা আগতীয়াকৈ দাখিল কৰিলেও ধানৰ এই গুণগত মান ধান ক্ৰয়ৰ দিনা ‘ধান ক্ৰয় কেন্দ্ৰ’ত পুনৰ পৰীক্ষা কৰা হয়৷ ‘ধান ক্ৰয় কেন্দ্ৰ’ত ধান বিক্ৰী কৰা কৃষকৰ ধানৰ মূল্য নিৰ্দিষ্ট সময়ৰ মূৰত জমা হয় তেওঁলোকৰ বেংকৰ জমাবহীত ‘চেক্’ৰ জৰিয়তে৷
অসমত ‘ন্যূনতম সমৰ্থন মূল্য’ত ধান ক্ৰয় কৰাৰ বাবে চৰকাৰী অনুমোদন লাভ কৰে ভাৰতীয় খাদ্য নিগম, অসম ৰাজ্যিক নিয়ন্ত্ৰিত বজাৰ সমিতি, অসম খাদ্য আৰু অসামৰিক যোগান নিগম, নাফেড [NAFED: National Agricultural Cooperative Marketing Federation] আদি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ কিছুমান সংস্থাই৷ এই সংস্থাসমূহে বিভিন্ন স্থানত নিজ নিজ ‘ধান ক্ৰয় কেন্দ্ৰ’ স্থাপন কৰি ধান ক্ৰয়ৰ ব্যৱস্থা কৰে৷ এই সংস্থাসমূহৰ দ্বাৰাই সংগৃহীত ধানৰ চাউল, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে, চৰকাৰী আঁচনিৰ অন্তৰ্ভুক্ত হিতাধিকাৰীৰ মাজত বিতৰণ কৰাৰ ব্যৱস্থা লোৱা হয়৷ এই প্ৰক্ৰিয়াত ‘ভাৰতীয় খাদ্য নিগমে’ মুখ্য ভূমিকা পালন কৰে৷
‘ন্যূনতম সমৰ্থন মূল্য’ত ধান কিনা-বেচা কৰা আঁচনিখনৰ সফল ৰূপায়ণৰ স্বাৰ্থত অসমৰ কৃষক সমাজ সজাগ আৰু সচেতন হোৱাৰ লগতে আঁচনিখনৰ বিষয়ে বিতংকৈ নহ’লেও কিছু কথা জনাটো অত্যন্ত জৰুৰী৷ অসমৰ কৃষকৰ উন্নতিকল্পে আঁচনিখনৰ সফল ৰূপায়ণ আমি আন্তৰিকতাৰে কামনা কৰিম৷ এইক্ষেত্ৰত অসমৰ কৃষি বিভাগ তথা অসম চৰকাৰক আমি দুটামান অনুৰোধ জনাব বিচাৰিম৷ আমাৰ অনুৰোধকেইটা এনেকুৱাধৰণৰ–
১] বিগত সময়ছোৱাৰ তথ্যানুসৰি অসমত অস্থায়ীভিত্তিত স্থাপন কৰা ধান ক্ৰয় কেন্দ্ৰৰ সংখ্যা পৰ্যাপ্ত নহয়৷ ইয়াৰ সংখ্যা বৃদ্ধিৰ বাবে চৰকাৰে ব্যৱস্থা ল’ব লাগে৷ লগতে ভিতৰুৱা অঞ্চলতো এই ক্ৰয় কেন্দ্ৰ স্থাপন কৰিব লাগে যাতে এজন কৃষকে ধান বিক্ৰী কৰিবলৈ ৪০-৫০ কিলোমিটাৰ বাটকুৰি বাই আহিব নালাগে৷
২] ‘ন্যূনতম সমৰ্থন মূল্য’ত ধান বিক্ৰী কৰাৰ ক্ষেত্ৰত যাতে প্ৰকৃত কৃষকসকলৰ হাৰাশাস্তি নহয়, তেওঁলোক যাতে সেই সুবিধাৰ পৰা বঞ্চিত নহয়, তাৰ প্ৰতি কৃষি বিভাগৰ মন্ত্ৰীকে সামৰি বৰমূৰীয়া বিষয়াসকলে আন্তৰিকতাৰে নজৰ দিব লাগে৷
৩] নিৰ্দিষ্ট দুই-এখন নিৰ্বাচিত স্থানৰ সলনি প্ৰতিখন গাঁৱৰ কৃষকৰ মাজত, প্ৰকৃত কৃষকৰ উপস্থিতিত সজাগতামূলক সভা অনুষ্ঠিত কৰি এই বিষয়ে কৃষকসকলক সজাগ কৰিবলৈ কৃষি বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ ইয়াৰ বাবে বিভাগে আছুতীয়া পুঁজিৰ ব্যৱস্থা কৰিব লাগে৷ ওপৰঞ্চিভাৱে ‘পোষ্টাৰ’ আৰু ‘হ’ৰ্ডিঙ’ৰ সহায় ল’ব লাগে৷
৪] এই প্ৰক্ৰিয়াৰ বাবে কৃষি বিভাগৰ ‘কৃষি উন্নয়ন বিষয়া’সকলে কৃষকক প্ৰমাণ-পত্ৰ প্ৰদান কৰা প্ৰক্ৰিয়াটো সহজ আৰু পোন কৰিব লাগে, যাতে প্ৰকৃত কৃষকসকল বিশেষকৈ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকল বঞ্চিত নহয়, কৃষকে সেইখন সংগ্ৰহ কৰিবলৈ তাঁতবাটি কাঢ়িবলগীয়া নহয়৷ এই প্ৰমাণপত্ৰ যাতে কোনোমতে মধ্যভোগী, দালাল তথা ব্যৱসায়ীৰ হাতত নপৰে, তাৰ প্ৰতি জিলা কৃষি বিভাগ আৰু স্থানীয় প্ৰশাসনে তীক্ষ্ণ নজৰ ৰাখিব লাগে৷
৫] কৃষি উন্নয়ন বিষয়াসকলে প্ৰদান কৰা প্ৰমাণপত্ৰসমূহ আসোঁৱাহমুক্ত, খাটি আৰু বাস্তৱসন্মত হোৱা উচিত৷ কৃষকলৈ প্ৰদান কৰা অবাস্তৱ তথ্যসমৃদ্ধ প্ৰমাণপত্ৰ এখনৰ উদাহৰণ– ধানখেতিৰ মাটিঃ ১৬ বিঘা, ধানৰ মুঠ উৎপাদনঃ ৯৬ কুইণ্টল [২৪০ মোন], বিক্ৰীৰ বাবে উপলব্ধ ধানৰ পৰিমাণঃ ৯৬ কুইণ্টল৷ এতিয়া আমাৰ মনত উদয় হোৱা প্ৰশ্নটো– কৃষকে নিজে উৎপাদন কৰা আটাইখিনি ধানেই বিক্ৰী কৰিব নে নিজৰ পৰিয়ালৰ বাবে প্ৰয়োজন হোৱা ধানখিনি ৰাখি ওপৰঞ্চিখিনি বিক্ৰী কৰিব? প্ৰমাণপত্ৰখন মুঠ উৎপাদন নে ‘বিপণনযোগ্য উদ্বৃত্ত’ৰ আধাৰত প্ৰদান কৰিব লাগে?
৬] ধান ক্ৰয় প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছত চৰকাৰ আৰু কৃষি বিভাগে আঁচনিখন ৰূপায়ণৰ সফলতা-বিফলতা, সুবিধা-অসুবিধা, ভুল-ভ্ৰান্তি আদিৰ নিৰ্মোহ পৰ্যালোচনা কৰি পৰৱৰ্তী বছৰৰ বাবে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি আমাৰ ধাৰণা হয়৷
৭] অসম চৰকাৰে অসম ৰাজ্যিক নিয়ন্ত্ৰিত বজাৰ সমিতিৰ জৰিয়তে ২০১৯-২০ বৰ্ষত [২০-৫-২০২০ তাৰিখলৈ] ২৫,০০০ টন লক্ষ্যৰ বিপৰীতে ধান ক্ৰয় কৰিছিল প্ৰায় ৫,৮৯১.৮১১ টন৷ অৰ্থাৎ লক্ষ্যৰ বিপৰীতে মাত্ৰ ২৩.৫৭ শতাংশ! এইধৰণৰ নিৰুৎসাহজনক লক্ষ্যপ্ৰাপ্তিৰ মূল কাৰণ হয়তো পৰ্যাপ্ত ধনৰ অভাৱ৷ এই তথ্যৰ আধাৰত চৰকাৰলৈ আমি জনাব বিচৰা অনুৰোধটো হ’ল– ধান ক্ৰয়ৰ লক্ষ্য প্ৰাপ্তিৰ বাবে চৰকাৰে প্ৰয়োজনীয় অৰ্থৰ যোগান ধৰক, যাতে নিৰ্দিষ্ট সংস্থাসমূহে ঈপ্সিত লক্ষ্যত উপনীত হ’ব পাৰে৷ সম্পূৰ্ণকৈ নহ’লেও বুজনসংখ্যক কৃষক যাতে ইয়াৰ দ্বাৰা উপকৃত হয়৷
ফোনঃ ৯৭০৭৩-৩০২৩১






