Logo
image

ডুবন্ত আদানি গ্ৰুপত পুনৰ বিনিয়োগ এলআইচি-এছবিআইৰ

আমাৰ অসম, ৩০ জানুৱাৰী:  ডুবন্ত আদানি গোষ্ঠীত বিনিয়োগ কৰা ভাৰতীয় জীৱন বীমা নিগম [এলআইচি] আৰু ভাৰতীয় ষ্টেট বেংকে মাথোঁ দুদিনত কেইবাহাজাৰ কোটিকৈ টকা হেৰুৱায়ো আদানি গোষ্ঠীৰ প্ৰতি দৰদ এৰিব পৰা নাই৷ আদানি গোষ্ঠীত এল আই চিয়ে পুনৰ ৩০০কোটি টকা আৰু এছবিআই এমপ্লয়িজ ফাণ্ড তথা এছবিআই লাইফে ২২৫ কোটি টকা বিনিয়োগ কৰাত সকলোৰে চকু কপাঁলত উঠিছে৷ কি সাহসত এই দুয়োটা বীমা প্ৰতিষ্ঠান আৰু কৰ্মচাৰীৰ ভৱিষ্যনিধিৰ ধন ডুবি থকা আদানিৰ কোম্পানীত বিনিয়োগ কৰিছে সেই লৈ গভীৰ সন্দেহ আৰু প্ৰশ্নৰ সৃষ্টি হৈছে৷ উল্লেখ্য, হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ নামৰ   বিনিয়োগ সম্পৰ্কীয় মাৰ্কিন সংস্থা এটাই আদানি গোষ্ঠীৰ জালিয়াতি উন্মোচন কৰাত যোৱা বৃহস্পতিবাৰ আৰু শুকুৰবাৰে আদানি গোষ্ঠীৰ শ্বেয়াৰৰ অভাৱনীয় পতন ঘটে আৰু দুদিনত আদানি গোষ্ঠীয়ে ৩.৫৫ লাখ কোটি টকা হেৰুৱাবলগীয়া হয়৷ সেই আদানি গোষ্ঠীৰ বিভিন্ন কোম্পানীত বিনিয়োগ কৰি থোৱা এল আইচিৰো দুদিনত ২৭ হাজাৰ কোটি টকা লোকচান হয়৷ আদানি গোষ্ঠীৰ কোম্পানীত এল আইচি-ৰ প্ৰায় ৭৭ হাজাৰ কোটি টকা বিনিয়োগ আছিল৷ সেই পৰিমান দুদিনত ৫০ হাজাৰ কোটি টকালৈ অৱনমিত হৈছে৷ আনহাতে ভাৰতীয় ষ্টেট বেংকে আদানি গোষ্ঠীক ৮১,২০০ কোটি টকাৰ ঋণ দি থৈছে৷ তদুপৰি এছ বি আই লাইফ আৰু এছবিআই এমপ্লয়িজ প্ৰভিভেণ্ড ফাণ্ডৰ আদানি গোষ্ঠীত বিনিয়োগ কৰি থোৱা ৭৮ হাজাৰ কোটি টকা লোকচান হয় উক্ত দুটা দিনত৷ কাইলৈ সোমবাৰে পুনৰ শ্বেয়াৰ বজাৰ মুকলি হ’লে আদানি গোষ্ঠীত শ্বেয়াৰৰ পতন অৱশ্যম্ভাৱী৷ তাৰ লগতে আদানি গোষ্ঠীত বিনিয়োগ কৰি থোৱা বিভিন্ন প্ৰতিষ্ঠান আৰু এলআইচি তথা এছবিআইটো লোকচান হোৱা স্বাভাৱিক৷ এনে পৰিস্থিতি দেখা স্বত্বেও এলআইচিয়ে ৩০০ কোটি আৰু এছবিআইৰ দুটা গোটে ২২৫ কোটি টকা আদানিৰ কোম্পানীত পুনৰ বিনিয়োগ কৰিছে৷ এনে পৰিস্থিতিতি ৰাষ্ট্ৰীয়কৃত বেংক এছবিআই আৰু চৰকাৰৰ অংশীদাৰিত্ব থকা এল আইচিয়ে কিয় জুৱা খেলিছে সেই লৈ সন্দেহ আৰু শংকাৰ সৃষ্টি হৈছে৷