দেশ সাংবিধানিক সংকটৰ দিশে গৈছে নেকি?
পৰাধীন ভাৰতে স্বাধীনতা প্ৰাপ্তিৰ পৰৱৰ্তী সময়ত ১৯৫০ চনৰ ২৬ জানুৱাৰীত তদানীন্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে সংসদৰ সন্মতিক্ৰমে ভাৰতক গণৰাজ্য বুলি ঘোষণা কৰে৷ আম্বেদকাৰে সম্পাদনা কৰা বৃহৎ সংবিধানখন গ্ৰহণ কৰে আৰু ভাৰত বিশ্বৰ অন্যতম গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি ঘোষণা কৰে৷ আমেৰিকা যুক্তৰাজ্য, ব্ৰিটেইন, ফ্ৰান্স, কানাডা আদি ৰাষ্ট্ৰৰ সংবিধানৰ পৰা কিছুমান উৎকৃষ্ট ধাৰা আৰু জনকল্যাণমূলক বিধি-বিধান সংগ্ৰহ কৰি ড॰ আম্বেদকাৰে ভাৰতৰ সংবিধানৰ অন্তৰ্ভুক্ত কৰে৷ ভাৰতৰ সংবিধান বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বুলি স্বীকৃত৷ তথাপি সংবিধানখন কেইবাবাৰো সংশোধন আৰু সংবৰ্ধন কৰা হৈছে৷ ১৯৭৬ চনত ৪২সংখ্যক সংশোধনীত ভাৰতৰ সংবিধানত ‘ধৰ্মনিৰপেক্ষ’ শব্দ সন্নিৱিষ্ট কৰা হয়৷ যাৰ দ্বাৰা প্ৰতিপন্ন হয় যে ভাৰত কেৱল গণৰাজ্যই নহয়, ই এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ৷ ভাৰতৰ কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই৷ ভাৰতে কোনো ধৰ্মৰ পৃষ্ঠপোষকতা নকৰে৷ যাৰ পৰিপ্ৰেক্ষিতত ভাৰতত জন্মসূত্ৰে বাস কৰা সকলো ধৰ্মীয় লোক ভাৰতৰ নাগৰিক৷ সেই সূত্ৰে সকলোৱে নিৰ্ভয়ে আৰু নিৰ্বিঘ্নে জীৱন নিৰ্বাহ কৰি আছে৷
কিন্তু ২০১৪ চনৰ সংসদীয় নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰা বিজেপিৰ কাৰ্যাৱলীয়ে প্ৰতিপন্ন কৰে যে ভাৰতৰ সংবিধানৰ প্ৰতি বিজেপিৰ সাংসদ, মন্ত্ৰীসকলৰ আনুগত্য নাই৷ বহুকেইজন সাংসদে সংবিধান উলংঘা কৰা সত্ত্বেও দলৰ সভাপতি বা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক জবাবদিহি কৰা নাই৷ এই চৰকাৰে অৰ্থনৈতিক উন্নয়নলৈ পিঠি দি সামাজিক শান্তি বিনষ্টকাৰী কাম-কাজ আৰু ধৰ্মীয় কৰ্মকাণ্ডত মনোনিৱেশ কৰিছে৷ কিছুমান সাংসদ, নেতাই সাম্প্ৰদায়িক মন্তব্য আৰু বক্তব্যৰে সংখ্যালঘুক ভয়-ভাবুকি দি আছে৷ প্ৰধানমন্ত্ৰী নিৰ্বিকাৰ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতৰ একমাত্ৰ প্ৰধানমন্ত্ৰী, যিয়ে ছবছৰীয়া কাৰ্যকালত এবাৰো সংবাদ মেল অনুষ্ঠিত কৰা নাই৷ দিল্লীত সংঘটিত হিন্দু-মুছলমানৰ সংঘৰ্ষৰ সময়ত মৌন হৈ থাকিল৷ প্ৰধানমন্ত্ৰীৰ এনে আচৰণে সংখ্যালঘুক অধিক শংকিত কৰি তুলিছে৷
নতুন মুদ্ৰানীতি প্ৰৱৰ্তনৰ পৰা দেশৰ অৰ্থনীতিয়ে মন্দাৱস্থালৈ গতি কৰিছে৷ নিম্নমুখী অৰ্থনীতিৰ বিকাশৰ পৰিকল্পনা বা আঁচনি নলৈ লোকচানৰ জোৰা মাৰিবলৈ একাদিক্ৰমে ৰাষ্ট্ৰীয় সম্পদ, ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰ বিক্ৰী কৰি আছে৷ আকৌ আত্মনিৰ্ভৰশীল হোৱাৰ শ্লোগান আওৰাইছে৷ এনে দুমুখীয়া নীতি অৱলম্বন কৰা চৰকাৰ এখনক ৰাইজে বিশ্বাসত লয় কেনেকৈ?
বৰ্তমানৰ চৰকাৰ ধৰ্মনিৰপেক্ষ নীতিৰ পৰা আঁতৰি গৈ ধৰ্মীয় গোড়ামিৰে দেশ শাসন কৰিব বুলি শংকা হৈছে৷ ভাৰতীয় জনতা পাৰ্টীয়ে অতি সোনকালে হয়তো ভাৰতৰ সংবিধান নাকচ কৰি নতুন সংবিধান ৰচনা কৰিব পাৰে৷ প্ৰয়োজন সাপেক্ষে দেশত একনায়কত্ব শাসন নাইবা সামৰিক শাসন জাপি দিব পাৰে৷ অৱসৰপ্ৰাপ্ত স্থলসেনাপ্ৰধান বিপিন ৰাৱটক স্থল, বায়ু আৰু জল বাহিনীৰ সৰ্বোচ্ছ মুৰব্বী পদত অধিষ্ঠিত কৰাৰ অন্তৰালৰ উদ্দেশ্য আন কি হ’ব পাৰে?
গণতান্ত্ৰিক দেশ এখনৰ জনগণৰ সদিচ্ছাৰ ওপৰত নিৰ্বাচিত চৰকাৰ বৰ্তি থাকে৷ উন্নয়নশীল ৰাষ্ট্ৰ ভাৰতৰ অধিকাংশ লোক দৰিদ্ৰ৷ এই দৰিদ্ৰ লোকৰ কৰ্মসংস্থাপনৰ ব্যৱস্থা নকৰি নিৰ্বাচনৰ আগে আগে কিছুমান আকৰ্ষণীয় আঁচনি ঘোষণা কৰি কিছুসংখ্যক দুখীয়াৰ মাজত চাউল, দাইল, তেলৰ যোগান ধৰি ভোট সংগ্ৰহৰ বাট উলিয়াইছে৷ এই দৰিদ্ৰ শ্ৰেণীটোৱে নিজৰ ভৱিষ্যৎ কিদৰে সুখময় কৰিব পাৰি, সেইখিনিও নাজানে৷ প্ৰকৃত শত্ৰু-মিত্ৰ চিনাক্ত কৰিব নোৱাৰে৷ বিনামূলীয়া চাউল, দাইল পাই আহ্লাদিত হৈ এনে কিছুমান লোকক জনপ্ৰতিনিধি নিৰ্বাচিত কৰে, যিসকলে ভোটযুদ্ধত জিকি সমষ্টিবাসীলৈ পিঠি দিয়া দেখা যায়৷ চৰকাৰীপক্ষই নগদ ধন, খাদ্যসামগ্ৰী আদি প্ৰদান কৰি পৰিশ্ৰমী, সৎ নাগৰিকক এলেহুৱা আৰু অকৰ্মণ্য কৰি গৈ আছে৷ ভৱিষ্যতে এই কৰ্মযোগী লোক কৰ্মবিমুখ বা ধোদ হৈ পৰিব৷ এচাম দলীয় তৃণমূলকৰ্মী নামধাৰী দালালে ফুচুলাই ভোট কিনা-বেচাৰ বেহা চলাই আছে৷ এনেদৰে ৰাজনৈতিক দলবোৰে সাধাৰণ লোকক কৰ্মবিমুখ, চিন্তাশক্তিহীন অধম প্ৰাণীলৈ পৰিণত কৰিব যেন অনুমান হয়৷
ফোনঃ ৯৭০৭৫-৪২৪০১






