Logo
image

এঞ্জিঅ’প্লাষ্টি সম্পন্ন, সাৱধানে থাকিব লাগিব সৌৰভ গাংগুলী

আমাৰ অসম, ০৫ জানুৱাৰীঃ দেওবাৰে হৃদযন্ত্ৰৰ এঞ্জিঅ’প্লাষ্টি সম্পন্ন হৈ যোৱা ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলীয়ে জীৱনৰ পৰৱৰ্তী সময়খিনি অতি সাৱধানে কটাব লাগিব৷ সৌৰভ গাংগুলীৰ কৰ’নাৰি আৰ্টাৰিত এঞ্জিঅ’প্লাষ্টি সম্পন্ন কৰা হৈছে৷ এঞ্জিঅ’প্লাষ্টি হৈছে এবিধ শল্য চিকিৎসা যাৰ জৰিয়তে হৃদপিণ্ডৰ  পেশীলৈ ৰক্ত সৰবৰাহ কৰা ধমনী বা ৰক্তনলীসমূহৰ পথ খুলি দিয়া হয়৷ কলেষ্ট’ৰেল বা আন আন কাৰণত গেদ জমা হৈ এই ৰক্ত পৰিবাহী ধমনীসমূহ বন্ধ হৈ যায়৷ সেই আঘাতেই হৈছে হাৰ্ট এটেক৷ কেতিয়াবা সেয়া মৃদু, কেতিয়াবা মজলীয়া আৰু কেতিয়াবা ডাঙৰ বা মেজৰ হাৰ্ট এটেক হয়৷  সৌৰভ গাংগুলীৰ ক্ষেত্ৰত হোৱা হাৰ্ট এটেক মৃদু৷ চিকিৎসকে প্ৰথম দিনা এডাল ধমনীৰ বন্ধ হৈ থকা স্থান মুকলি কৰি তাত এটা ষ্টেণ্ট স্থাপন কৰিছে৷ এতিয়া এই ষ্টেণ্টৰ মাজেৰে পূৰ্বৰ দৰে সাৱলীল গতিত তেজৰ চলাচল হৈ আছে৷ সৌৰভ গাংগুলীৰ মুঠতে তিনিডাল ধমনীত ব্লকেজ আছে অৰ্থাৎ বন্ধ হৈ আছে৷ বাকী দুডাল ধমনীও অনুৰূপ ব্যৱস্থাৰে চিকিৎসকে মুকলি কৰি ষ্টেণ্ট স্থাপন কৰিব৷ এনে পৰিস্থিতিত পৰৱৰ্তী সময়ত সৌৰভ গাংগুলী সাৱধান হৈ থাকিব লাগিব৷