Logo
image

ছিডনীৰ ৰেস্তোঁৰাত গো-মাংস গ্ৰহণ বিতৰ্কত ৰোহিতসহ ৫ ক্ৰিকেটাৰ

আমাৰ অসম, ০৫ জানুৱাৰীঃ বছৰৰ আৰম্ভণিতে ভাৰতীয় ক্ৰিকেট বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে৷ বৰ্ষাবিঘ্নিত নিশা ৰোহিত শৰ্মাসহ পাঁচ ভাৰতীয় ক্ৰিকেটাৰে ছিডনীৰ এখন ৰেস্তোঁৰালৈ গৈ আহাৰ গ্ৰহণৰ পাছতেই অত্যুৎসাহী এজন ক্ৰিকেট অনুৰাগীয়ে সেই ভিডিঅ’ ভাইৰেল কৰিছিল৷ সেই সময়ত ৰোহিতৰ লগত আছিল নবদীপ ছাইিন, ঋষভ পণ্ট, শুভমন গীল আৰু পৃথ্বি শ্ব৷ ভাৰতীয় খেলুৱৈৰ সেই ভিডিঅ’ প্ৰচাৰ হোৱাৰ পাছতে  কৰ’নাবিধি ভংগ কৰাৰ অভিযোগ তুলি নানা প্ৰশ্ন উত্থাপিত হৈছে৷ গুৰুত্বপূৰ্ণ কথা হ’ল, উক্ত ভিডিঅ’টোত ভাৰতীয় খেলুৱৈৰ খাদ্যৰ বাবদ  ৰেস্তোঁৰা কতৃৰ্পক্ষক পৰিশোধ কৰা বিলখনত খাদ্যৰ তালিকাত গো-মাংস থকাৰ কথা উল্লেখ থকা প্ৰসংগই অধিক বিতৰ্কৰ সৃষ্টি কৰিছে৷ ৰেস্তোঁৰালৈ গৈ ক্ৰিকেটাৰ কেইজনে কেনেকৈ আৰু কিয় গো-মাংস ভক্ষণ কৰিলে সেই লৈও দেশৰ ক্ৰিকেটপ্ৰেমীসকলৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে৷ অৱশ্যে ছ’চিয়েল মিডিয়াত একাংশ ক্ৰিকেটপ্ৰেমীয়ে ৰোহিত শৰ্মা আৰু সংগীসকলৰ সপক্ষে মাত মতাৰ বিপৰীতে আন একাংশই তেওঁলোকৰ এনে কাৰ্যৰ বিৰোধিতা কৰিছে৷ নভলদীপ সিং নামৰ এজন সমৰ্থকৰ দাবী– ৰেস্তোঁৰাখনৰ বিল তেওঁ পৰিশোধ কৰিছে৷  কেৱল বিল পৰিশোধ কৰাই নহয়,  সিঙে ভাৰতীয় ক্ৰিকেটাৰকেইজনৰ সৈতে  একেলগে কথা পতা, ফটো তোলা আৰু এজনক আলিংগন কৰা  বুলিও দাবী কৰিছে৷