অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমৰ নেতিবাচক প্ৰচাৰ
বৰ্তমান অষ্ট্ৰেলিয়াত থকা ভাৰতীয় ক্ৰিকেট দলটোক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এটা বিতৰ্কই সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে৷ এদিনীয়া শৃংখলাত অষ্ট্ৰেলিয়া আৰু টুৱেণ্টী২০ শৃংখলাত ভাৰত জয়ী হোৱাৰ পাছত চাৰিখন টেষ্টৰ ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী শৃংখলাৰ প্ৰথমখন টেষ্টত বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দলটো শোচনীয়ভাৱে পৰাস্ত হ’লেও দ্বিতীয় টেষ্টত সবল প্ৰত্যাৱৰ্তনেৰে সমতা স্থাপন কৰিবলৈ সক্ষম হৈছিল টীম ইণ্ডিয়া৷ কিন্তু দলটোৱে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া তৃতীয় টেষ্টৰ বাবে প্ৰস্তুতি চলাই থকা অৱস্থাতে সৃষ্টি হ’ল অনাহূত বিতৰ্কটো৷ নতুন বছৰটোৰ পহিলা দিনটোত সহঃঅধিনায়ক ৰোহিত শৰ্মাৰ লগতে আন চাৰিজন ভাৰতীয় ক্ৰিকেটাৰে মেলব’ৰ্নৰ ৰেস্তোৰাঁ এখনত আহাৰ গ্ৰহণৰ ফটো এখন ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতেই ক্ৰিকেটাৰকেইজনক লৈ সৃষ্টি কৰা হ’ল বিতৰ্কৰ৷ তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উঠিছে ক’ভিড প্ৰট’কল ভংগৰ৷ আনহাতে, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে [বি চি চি আই] ক্ৰিকেটাৰকেইজনৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ প্ৰকাশ্যেই নস্যাৎ কৰাৰ লগতে ক্ৰিকেটাৰকেইজনক অস্বস্তিত পেলোৱাৰ লগতে তেওঁলোকৰ মনঃসংযোগ বিঘ্নিত কৰাৰ বাবে অষ্টে˜লিয়াৰ সংবাদ মাধ্যমৰ এয়া এক পৰিকল্পিত কৌশল বুলি অভিহিত কৰিছে৷ তাৎপৰ্যপূৰ্ণ যে যিকেইজন ক্ৰিকেটাৰৰ বিৰুদ্ধে ক’ভিড বিধি ভংগৰ অভিযোগ তোলা হৈছিল, আটাইকেইজনৰে ক’ভিড টেষ্টৰ ফলাফল নিগেটিভ পোৱা গৈছে আৰু দলৰ আন সতীৰ্থৰ সৈতে ইতিমধ্যে তেওঁলোক ছিডনীত উপস্থিত হৈছে৷ ৰোহিত শৰ্মা আৰু আন চাৰিজন ক্ৰিকেটাৰে ৰেস্তোৰাঁত খাবলৈ যোৱাৰ বিষয়টোক লৈ অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমে অনাৱশ্যকভাৱে হৈ-চৈৰ সৃষ্টি কৰাৰো প্ৰতি-অভিযোগ উঠিছে৷ এই বিষয়টোত কেইবাজনো প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰৰ অভিমত হৈছে যে নিয়মিত অধিনায়ক বিৰাট কোহলি আৰু প্ৰভাৱশালী পেচ বলাৰ মহম্মদ ছামিবিহীন ভাৰতৰ হাতত মেলব’ৰ্নৰ দ্বিতীয় টেষ্টত পৰাস্ত হোৱাৰ পাছত অষ্ট্ৰেলিয়াৰ আত্মসন্মানত আঘাত লাগিছে আৰু সেইবাবে ভাৰতীয় দলটোৰ মনোবল হ্ৰাস কৰাৰ বাবে দেশখনৰ সংবাদ মাধ্যমো উঠি-পৰি লাগিছে৷ অষ্ট্ৰেলিয়ানসকলৰ ধাৰণা যে স্বদেশত তেওঁলোক অপ্ৰতিৰোধ্য আৰু সেয়েহে ২০১৮-১৯ বৰ্ষৰ পাছত স্বদেশত ভাৰতৰ হাতত আন এখন টেষ্ট শৃংখলাত পৰাজয় হ’ব তেওঁলোকৰ বাবে এক ডাঙৰ লজ্জা৷ সেইবাবেই পৰৱৰ্তী দুখন টেষ্টত যাতে ভাৰতৰ জয় সম্ভৱ নহয়, তাৰ কৌশল ৰচনা কৰা হৈছে৷ ৰোহিত শৰ্মা আৰু আন চাৰিজন ক্ৰিকেটাৰে ক’ভিড বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে অষ্ট্ৰেলিয়াৰ আগশাৰীৰ সংবাদ পত্ৰ ছিডনী মৰ্নিং হেৰাল্ডে বিৰাট কোহলি আৰু হাৰ্দিক পাণ্ডিয়াৰ পুৰণি ফটো এখন প্ৰকাশ কৰি নতুন বিতৰ্কৰ সৃষ্টি কৰাৰ অপচেষ্টা চলাইছিল৷ সংবাদপত্ৰখনৰ দাবী আছিল যে ডিচেম্বৰত কোহলি আৰু পাণ্ডিয়াই শ্বপিং মল এটালৈ গৈ অনুৰাগীৰ সৈতে ফটো উঠিছিল৷ তদুপৰি, সেই সময়ত দুয়োজনৰ মুখত নাছিল মাস্ক, যিটো হৈছে ক’ভিড বিধিৰ পৰিপন্থী৷ কোহলি আৰু পাণ্ডিয়া দুয়োজনেই বৰ্তমান ভাৰতত আছে আৰু সেয়েহে তেওঁলোকৰ পুৰণি ফটো দেখুৱাই ক’ভিড বিধি ভংগ কৰাৰ বাতৰি পৰিৱেশন কৰাটো অযুক্তিকৰ৷ কোহলি কিম্বা পাণ্ডিয়াক লৈ কোনোপক্ষৰ পৰা আপত্তিও অহা নাছিল৷ তেন্তে সংবাদপত্ৰখনে তেওঁলোকক লৈ নতুন বিতৰ্কৰ সৃষ্টি কৰাৰ উদ্দেশ্য কি হ’ব পাৰে, তাক জানিবলৈ কাৰো বাকী নাই৷
অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমৰ এনে কাৰ্যকলাপ কোনো নতুন কথা নহয়৷ ২০০৮ চনত ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত এণ্ড্ৰিউ ছাইমণ্ডছ আৰু ভাৰতীয় স্পিনাৰ হৰভজন সিঙক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্ক ক্ৰিকেটপ্ৰেমীয়ে সহজে পাহৰিব নোৱাৰে৷ সেই বিতৰ্কতো অনুঘটকৰ কাম কৰিছিল দেশখনৰ সংবাদ মাধ্যমে৷ প্ৰকৃত কথাটো হৈছে যে অষ্ট্ৰেলিয়াই স্বদেশত পৰাজয় কোনোপধ্যেই মানি ল’ব নিবিচাৰে আৰু প্ৰতিপক্ষক খেলপথাৰত নোৱাৰিলেও আনপ্ৰকাৰে খেলুৱৈৰ ওপৰত মানসিক চাপ সৃষ্টিৰ বাবে সকলোপ্ৰকাৰৰ চেষ্টা চলায়৷ ছিডনী আৰু ব্ৰীছবেনত হ’বলগীয়া পৰৱৰ্তী দুখন টেষ্টত টীম ইণ্ডিয়াই অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমৰ এই কৌশলৰ কেনেদৰে প্ৰত্যুত্তৰ দিয়ে, সেয়া হ’ব লক্ষণীয়৷






