Logo
image

হিমাই নিজেই গম নাপায় অলিম্পিকলৈ ‘নিৰ্বাচন’ৰ কথা

টকিঅ’ যাত্ৰাৰ ভুৱা বাতৰি

আমাৰ অসম, ৭ জানুৱাৰীঃ অনূৰ্ধ্ব ২০ বছৰৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণপদক জয় কৰা ভাৰতৰ প্ৰথমগৰাকী এথলীট ‘ধিং এক্সপ্ৰেছ’  হিমা দাসে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা বুলি  ছ’চিয়েল মিডিয়া আৰু একাংশ সংবাদ মাধ্যমত প্ৰচাৰ কৰা এটা ভুৱা বাতৰিয়ে সৃষ্টি কৰিছে এক বিভ্ৰান্তিকৰ পৰিস্থিতিৰ৷ বাতৰিটোত কোৱা হৈছিল যে, জুলাইত হ’বলগীয়া টকিঅ’ অলিম্পিকৰ বাবে ভাৰতৰ মহিলাৰ ৪*১০০  ৰিলে দলটোৱে যোগ্যতা অৰ্জন কৰিছে আৰু উক্ত দলটোৰ অন্যতম সদস্য হৈছে অসমকন্যা হিমা দাস৷ আমোদজনক কথাটো হৈছে যে, হিমাই অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ বাতৰি ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ সময়ত এথলীটগৰাকীৰ লগতে প্ৰশিক্ষক নিপন দাস আছিল এই বিষয়টোত সম্পূৰ্ণ অজ্ঞ৷ অসম এথলেটিকছ সন্থাৰ হাততো নাছিল এই বিষয়ে কোনো তথ্য৷ আনহাতে, ভাৰতীয় মহিলা ৪*১০০  ৰিলে দলটোৱে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা বিষয়টো অস্বীকাৰ কৰিছে ভাৰতীয় এথলেটিকছ ফেডাৰেশ্বনেও৷ ফেডাৰেশ্বনৰ মতে, এনেধৰণৰ বাতৰি প্ৰথমেই তেওঁলোকৰ অফিচিয়েল ৱেবছাইটযোগে প্ৰচাৰ কৰা হয়৷ এজন খেলুৱৈ অথবা এটা দল অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ হ’লে ভাগ ল’ব লাগে কোৱালিফায়িং টুৰ্নামেণ্টত৷ কৰ’না ভাইৰাছৰ বাবে ২০২০ বৰ্ষৰ জুলাইত হ’বলগীয়া টকিঅ’ অলিম্পিক এবছৰলৈ স্থগিত ৰখা হৈছে৷ একে কাৰণতে অলিম্পিকৰ কোৱালিফায়িং ইভেণ্টবোৰো স্থগিত ৰখা হৈছে৷ তেনেক্ষেত্ৰত হিমা দাস অথবা ভাৰতীয় মহিলা ৪*১০০ ৰিলে দলটোৱে অলিম্পিকলৈ যোগ্যতা অজৰ্ন কৰাটো কেনেদৰে সম্ভৱ? উল্লেখ্য, ২০০০ চনৰ ছিডনী অলিম্পিকৰ পাছৰ পৰা ভাৰতীয় মহিলা ৪*১০০ ৰিলে দলে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব পৰা নাই৷ টকিঅ’ অলিম্পিকত ভাৰতীয় মহিলা দলটোৱে যোগ্যতা অৰ্জন কৰিব পাৰিব বুলি অৱশ্যে এথলেটিকছ ফেডাৰেশ্বন  আশাবাদী আৰু কোৱালিফায়িং ইভেণ্টত হিমাই দ্যুতি চান্দৰ সৈতে ভাৰতীয় দলত স্থান পোৱাটো প্ৰায় নিশ্চিত৷ এনেধৰণৰ খবৰকে ভুল ব্যাখ্যা দি হিমা আৰু ভাৰতীয় মহিলা ৪*১০০ ৰিলে দলটোৱে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা বুলি ভুল বাতৰি প্ৰচাৰ কৰি ছ’চিয়েল মিডিয়া আৰু একাংশ সংবাদ মাধ্যমে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে৷ প্ৰকৃততে টকিঅ’ অলিম্পিকৰ বাবে ভাৰতীয় মহিলা ৪*১০০ ৰিলে দলটোৰ কোৱালিফায়িং ইভেণ্ট আছে চলিত বৰ্ষৰ এপ্ৰিলত থাইলেণ্ডত৷ তাৰ পাছত মে’ত পোলেণ্ডত অনুষ্ঠিত হ’ব ৱৰ্ল্ড ৰিলে চেম্পিয়নশ্বিপ৷ উক্ত চেম্পিয়নশ্বিপৰ শীৰ্ষৰ আঠটা দলে পোনপটীয়াকৈ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব৷