Logo
image

ফাইনেলত আজি অষ্ট্ৰেলিয়াৰ সন্মুখত দঃআফ্ৰিকা

আমাৰ অসম, ২৬ ফেব্ৰুৱাৰীঃ  আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ কোনো টুৰ্নামেণ্টত ছেমিফাইনেলৰ বাধা অতিক্ৰম কৰিব নোৱৰা বাবে ‘ছকাৰ’ৰ অপবাদ সহিবলগীয়া হৈছিল দক্ষিণ আফ্ৰিকাই৷ পুৰুষ কিম্বা মহিলা দুয়োটা দলৰ ক্ষেত্ৰতে দেখা গৈছিল এই ব্যৰ্থতা৷ অৱশেষত দক্ষিণ আফ্ৰিকাক সেই অপবাদৰ পৰা মুক্ত কৰিলে দেশখনৰ মহিলা ক্ৰিকেট দলটোৱে৷ স্বদেশত অনুষ্ঠিত মহিলা টুৱেণ্টী২০ ক্ৰিকেটৰ ছেমিফাইনেলত শুকুৰবাৰে ইংলেণ্ডক ৬ ৰানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ফাইনেলত উপনীত হৈছে দক্ষিণ আফ্ৰিকা৷ ইয়াৰ পূৰ্বে  পাঁচবাৰ ছেমিফাইনেলৰ পৰা বিদায় ল’বলগীয়া হৈছিল দলটোৱে৷ দেওবাৰৰ ফাইনেলত দলটো অৱতীৰ্ণ হ’ব পাঁচবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে৷ এতিয়া দক্ষিণ আফ্ৰিকাৰ লক্ষ্য হ’ব ফাইনেলত অষ্ট্ৰেলিয়াক পৰাস্ত কৰাটো, যিটো হ’ব দলটোৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান৷ এতিয়ালৈকে অপৰাজিত থকা অষ্ট্ৰেলিয়া হৈছে মহিলা টুৱেণ্টী২০ বিশ্বকাপৰ সফলতম দল৷ পাঁচবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়া ক্ৰমাগত সপ্তমবাৰ ফাইনেললৈ উন্নীত হৈছে৷

ইপিনে, দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দলটোৰ প্ৰদৰ্শন বিগত ১২ মাহত যথেষ্ট উন্নত হৈছে৷ যোৱা বছৰৰ ৫০ অভাৰৰ বিশ্বকাপৰ ছেমিফাইনেললৈ উন্নীত হৈছিল দলটো৷ অ’পেনাৰদ্বয় ল’ৰা ৱ’লভাৰ্ট আৰু তাজমিন ব্ৰিটছে ছেমিফাইনেলত যি প্ৰদৰ্শন দেখুৱালে, তাৰ পাছত অষ্ট্ৰেলিয়াৰ বলাৰো নিশ্চয় সতৰ্ক হ’বলৈ বাধ্য হ’ব৷ দুয়োগৰাকী বেটাৰ বৰ্তমান যথেষ্ট ভাল ফৰ্মত আছে আৰু অষ্ট্ৰেলিয়াৰ দৰে দল এটাক পৰাস্ত কৰিবলৈ হ’লে ফাইনেলতো তেওঁলোকৰ পৰা প্ৰয়োজন হ’ব অনুৰূপ প্ৰদৰ্শন৷  ছেমিফাইনেলত  দক্ষিণ আফ্ৰিকাৰ বলাৰদ্বয় আয়াবংগা খাকা  আৰু ছাবনিম ইছমাইলে ইংলেণ্ডৰ বেটাৰক যথেষ্ট সমস্যাত পেলাইছিল৷ টীম মেনেজমেণ্টে ফাইনেলতো তেওঁলোকৰ পৰা তেনে প্ৰদৰ্শনেই আশা কৰিব৷ মহিলাৰ ক্ৰিকেটত অষ্ট্ৰেলিয়া হৈছে সফলতম দল৷ দলটো প্ৰতিটো বিভাগতে যথেষ্ট শক্তিশালী৷ সেয়েহে অষ্ট্ৰেলিয়াক খিতাপৰ দাবীদাৰ হিচাপেই বিবেচনা কৰা হৈছে৷ কিন্তু ঘৰুৱা পৰিৱেশত, স্বদেশৰ সমৰ্থকৰ উপস্থিতিত দক্ষিণ আফ্ৰিকা দলটোও বিপজ্জনক হৈ উঠাৰ সম্ভাৱনা আছে৷