Logo
image

দ্বিতীয় জয়ৰ লক্ষ্যৰে পঞ্জাৱৰ সন্মুখত আজি আৰ চি বি

আমাৰ অসম, ২৪ ছেপ্টেম্বৰঃ দিল্লী কেপিটেলছৰ বিৰুদ্ধে প্ৰথম খেলত ‘শ্বৰ্ট ৰান’ৰ বিতৰ্কিত সিদ্ধান্তৰ কথা পাহৰি আই পি এলৰ ত্ৰয়োজশ ছীজনত প্ৰথমটো পইণ্ট অৰ্জনৰ লক্ষ্যৰে আজি বিৰাট কোহলিৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ [আৰ চি বি] সন্মুখীন হ’ব কিংছ ইলেভেন পঞ্জাব৷ অধিনায়ক লোকেশ ৰাহুল আৰু তেওঁৰ সতীৰ্থসকলে নতুন উদ্যমেৰে ৰয়েল চেলেঞ্জাৰ্ছৰ প্ৰত্যাহবান গ্ৰহণ কৰিবলৈ সাজু হৈছে৷ ইপিনে, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে প্ৰথম খেলত দহ ৰানত জয়ী হোৱা ৰয়েল চেলেঞ্জাৰ্ছৰ লক্ষ্য হ’ব জয়ৰ ধাৰা অব্যাহত ৰখা৷ আই পি এলত অভিষেক ঘটোৱা ৰয়েল চেলেঞ্জাৰ্ছৰ অ’পেনাৰ দেৱদূত পাড়িক্কালে প্ৰথম খেলত অৰ্ধ শতকীয় ইনিংছেৰে  টীম মেনেজমেণ্টৰ আস্থা জয় কৰিবলৈ সক্ষম হৈছিল৷ আজিৰ খেলখনতো তেওঁৰ ওপৰত সকলোৰে দৃষ্টি থাকিব৷ অধিনায়ক কোহলি আৰু এৰ’ন ফিন্সৰ লগতে এবি ডে ভিলিয়াৰ্ছ স্বাভাৱিক ছন্দত থাকিলে ৰয়েল চেলেঞ্জাৰ্ছক পৰাস্ত কৰাটো কঠিন  হ’ব৷ ছানৰাইজাৰ্ছৰ বিৰুদ্ধে খেলখনত ৰয়েলচেলেঞ্জাৰ্ছৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহলৰ বিৰুদ্ধে কিংছ ইলেভেনৰ বেটছমেন সতৰ্ক থাকিব লাকিব৷ প্ৰথম খেলত পেচ বলাৰ উমেশ যাদৱে আশানুৰূপ প্ৰদৰ্শন  দেখুৱাব নোৱৰাৰ বাবে ৰয়েল চেলেঞ্জাৰ্ছে মহম্মদ ছিৰাজক সুযোগ দিয়াৰ কথা ভবিব পাৰে৷ অলৰাউণ্ডাৰ হিচাপে মঈন আলীয়ে কাইলৈ ৰয়েল চেলেঞ্জাৰ্ছ দলত সুযোগ পায় নে নাপায় সেয়া হ’ব লক্ষ্যণীয়৷ প্ৰথম খেলত ৭৫ ৰান সংগ্ৰহ কৰা অ’পেনাৰ মায়ংক আগৰৱালৰ ওপৰত কিংছ ইলেভেন পঞ্জাবৰ ইনিংছ বহুখিনি নিৰ্ভৰ কৰিব৷ আনহাতে, অধিনায়ক কোহলিৰ লগতে গ্লেন মেক্সৱেল আৰু নিক’লাছ পুৰানৰ পৰাও উন্নত প্ৰদৰ্শন আশা কৰিব পাৰি৷ বিগ হিটাৰ ক্ৰিছ গেইল আৰু অলৰাউণ্ডাৰ জেমছ নিছামকো সুযোগ দিয়া হ’ব পাৰে৷ প্ৰথম খেলত পেচ বলাৰ মহম্মদ ছামি আৰু যুৱ লেগ স্পিনাৰ ৰবি বিষ্ণইৰ  প্ৰদৰ্শন  আছিল সন্তোষজনক৷ সেই প্ৰদৰ্শনেৰে বলাৰজনৰ আত্মবিশ্বাস বহুখিনি বৃদ্ধি কৰাৰ আশা কৰিব পাৰি৷