Logo
image

হাৰ্ট কেনেকৈ সুৰক্ষিত কৰি ৰাখিব?

আমাৰ অসম বিশেষঃ দিনে ২০ মিনিট যোগ, প্ৰাণায়াম, ধ্যান কৰিলে হাৰ্ট ভালে থাকে৷ নিয়ন্ত্ৰণত থাকে ডায়েবেটিছ, উচ্ছ ৰক্তচাপ আৰু কলেষ্ট’ৰল৷ যোগ কৰিলে মন শান্ত থাকে৷ শৰীৰৰ নমনীয়তা তথা সন্তুলন সঠিক থাকে৷ বিভিন্ন গৱেষণাৰ দ্বাৰা জনা গৈছে এই তথ্য৷ বিশেষজ্ঞসকলৰ মতে হাৰ্ট ভাল ৰাখিবলৈ হ’লে দিনে ২০ মিনিট সময় যোগ, প্ৰাণায়াম আৰু ধ্যান কৰক৷ হৃদৰোগ, ডায়েবেটিছ, উচ্ছ ৰক্তচাপ প্ৰমুখ্যে এইবিলাক সমস্যা থাকিলে ক’ভিডেও জটিল ৰূপ ধাৰণ কৰিব পাৰে৷ ইউৰোপিয়ান জাৰ্ণাল অৱ কাৰ্ডিঅ’ভাস্কুলাৰ নাৰ্ছিঙত প্ৰকাশিত গৱেষণা পত্ৰত বিজ্ঞানীয়ে পৰামৰ্শ দিয়ামতে সপ্তাহত মাত্ৰ ৩০ মিনিট সময় যোগাভ্যাস কৰিলে বাৰ সপ্তাহৰ ভিতৰত হৃৎস্পন্দন আৰু ৰক্তচাপ স্থিতিশীল হয়৷ মানসিকভাৱে স্বাস্থ্যও উন্নতি হয়৷ লগতে উন্নত হয় জীৱন-যাপনৰ মান৷ যোগ আৰু প্ৰাণায়ামে মানসিক চাপ কমায়৷ নিয়মিত যোগ সাধনা কৰিলে হাৰ্ট এটেক, ষ্ট্ৰোক হোৱাৰ পৰা ৰক্ষা পৰে৷