Logo
image

প্ৰলোভন নহয়, লাগে নৱনিৰ্মাণৰ আকাংক্ষা

আচলতে এক সঁচা পৰিৱৰ্তনৰ ৰাজনীতি আৰম্ভ হৈছিল বিগত দশকটোৰ আৰম্ভণিতে৷ যেতিয়া এফালে আন্না হাজাৰে দুৰ্নীতিবিৰোধী সংগ্ৰামখনৰ নেতৃত্ব দি দেশৰ কোটি কোটি জনতাৰ মনত আশাৰ সঞ্চাৰ কৰিছিল, আনফালে ৰামদেৱে বিদেশৰ ক’লা ধন ঘূৰাই অনাৰ দাবীত ভাৰত স্বাভিমান যাত্ৰা কৰিছিল৷ কিন্তু এই দুয়োটা আন্দোলনেই দেশৰ জনতাক বৰ দুখলগাকৈ প্ৰতাৰণা কৰিছিল, কাৰণ এই দুয়োটা আন্দোলনে আচলতে গেৰুৱা বাহিনীক শাসনত বহুৱাবলৈহে যে পৰিচালিত হৈছিল, সেই কথা ৰাইজে দেৰিকৈ হ’লেও উপলব্ধি কৰিছে৷ কিন্তু ইয়াৰ মাজৰ পৰাই অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত গঠন হোৱা ‘আম আদমি’ পাৰ্টীয়ে এক পৃথক পৰিচয় লৈ দিল্লী প্ৰদেশত ৰাজনীতিৰ পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ পাছত দীৰ্ঘ পৰিক্ৰমাত দেশত কেৱল বিজেপিৰ জয়-জয়কাৰ হোৱাত নৰেন্দ্ৰ মোদীৰ চলাহী কথাত ভোল গৈ দেশৰ জনতাই বিগত সময়ছোৱাত বহু অধিকাৰ হেৰুৱাই পেলালে৷ কেৱল ধনী-পুঁজিপতি শ্ৰেণীৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ দেশৰ জনগণক হিন্দু-মুছলমানৰ সস্তীয়া ৰাজনীতিত ব্যস্ত ৰাখি দেশৰ সমগ্ৰ সম্পদসমূহ আম্বানি-আদানি-মাদানি গোষ্ঠীৰ হাতত অপৰ্ণ কৰিলে৷ ৰে’ল, তেল, বিমান, বেংক, বীমা, দূৰসংযোগ আদি সকলো খণ্ড মুকলি কৰি দিলে বহুজাতিক কোম্পানীক৷ দেশৰ খুচুৰা ব্যৱসায় খণ্ডটো প্ৰত্যক্ষ বিদেশী বিনিয়োগকাৰীৰ হাতত দিয়েই মোদী চৰকাৰ ক্ষান্ত থকা নাই, প্ৰতিৰক্ষাৰ দৰে অতি সংবেদনশীল আৰু সুৰক্ষাৰ লগত জডি.ত খণ্ডটোও এশ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগকাৰীৰ হাতত অপৰ্ণ কৰিলে৷ হাজাৰ হাজাৰ কোটি টকা বেংকৰ পৰা লুণ্ঠনকাৰীক দেশৰ পৰা পলাই যাবলৈ চৰকাৰেই সুবিধা কৰি দিয়াৰ অভিযোগ উঠিছে৷ এনে পৰিস্থিতিতো কিন্তু দেশজুৰি বিজেপিৰ বিৰুদ্ধে কোনো শক্তিশালী প্ৰতিৰোধবাহিনী গঢি. উঠা নাই৷ ইয়াৰ বিপৰীতে ২০১৮ চনৰ পৰাই অসমত আৰম্ভ হোৱা শক্তিশালী ‘কেব’বিৰোধী আন্দোলনে মানুহক বিজেপিৰ বিৰুদ্ধে বুকুত এক ক্ষোভৰ উদ্‌গীৰণ আৰম্ভ কৰিলে৷ কিন্তু ২০১৯ চনৰ জানুৱাৰীত সংসদত ‘কা’ গৃহীত নোহোৱাৰ সুযোগে বিজেপিক ২০১৯ৰ লোকসভা নিৰ্বাচনত অসমত ভাল ফলাফল দেখুৱাবলৈ সুবিধা কৰি দিছিল৷ কিন্তু ইয়াৰ পাছতে যেতিয়া ২০১৯ৰ ডিচেম্বৰত সংসদত ‘কেব’ গৃহীত হৈ ‘কা’ হ’ল, তেতিয়াৰ পৰাই অসমৰ ৰাইজে নিজে নিজে বিজেপিবিৰোধী কেন্দ্ৰ বিচাৰিবলৈ ধৰিছে৷ এনে সুযোগৰ সদ্ব্যৱহাৰ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গঢি. উঠিল ‘অসম জাতীয় পৰিষদ’ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গঢ়ি. উঠিল ‘ৰাইজৰ দল’৷ সমগ্ৰ পদক্ষেপটো দেৰি হ’ল যদিও ৰাইজে বিজেপিৰ বিৰুদ্ধে সমাৱেশিত হোৱাৰ দুটা কেন্দ্ৰ বিচাৰি পালে৷ কিন্তু বিড়ম্বনা তাতে, ৰাইজে কোনটো কেন্দ্ৰক বিশ্বাস কৰিব, কাৰণ আজিৰ পৰিস্থিতিত ভোটাৰ ৰাইজ বৰ সচেতন– যদি দুই নতুন কেন্দ্ৰই ভোট বিভাজন কৰি পুৰণি শত্ৰুক সুযোগ দিয়েক্ক সেই আশংকাত আজিও ভুগি আছে অসমৰ জনতা আৰু সেই দিনালৈকে ভুগিব যিদিনালৈকে দুয়োটা দলেই আনুষ্ঠানিক আলোচনাত মিলিত হৈ সাম্প্ৰদায়িক ফেচিবাদী শক্তিৰ বিৰুদ্ধে এক উমৈহতীয়া কৰ্মসূচী যুগুত কৰি ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ নহ’ব৷ দল দুটাৰ মাজত যাতে এই ঐক্য নাহে তাৰবাবে কিন্তু শাসকীয় বিজেপি দলে বহু চেষ্টা কৰি বহু বিভ্ৰান্তি বিয়পাব৷ সেইবোৰ প্ৰতিহত তেতিয়াহে হ’ব যেতিয়া দুয়োটা দলৰ নেতৃত্বই এক শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিব৷ আনহাতে, অসম জাতীয় পৰিষদত বৰ্তমানৰ বিধায়কসহ ‘কা’ সমৰ্থনকাৰী নেতাৰ ভিৰ বৃদ্ধি হোৱা বিষয়টোও ৰাইজে বৰ সন্তপৰ্ণে লক্ষ্য কৰিছে৷ নতুন দলৰ নামত যাতে সেই পুৰণি ধাৰণাৰ বোকাত লেটি-পেটি হোৱাসকলে জনগণৰ নতুন আকাংক্ষাক ধ্বংস কৰিব নোৱাৰে, তাৰবাবে দুয়োটা দলেই সাৱধান হ’ব লাগিব৷ নতুন দলক অসমৰ ৰাইজে বৰ তীক্ষ্ণ নজৰত ৰাখিব, কাৰণ বহু প্ৰতাৰণা-প্ৰৱঞ্চনাৰ বশৱৰ্তী হৈছে অসমৰ ৰাইজ৷ এতিয়া যদি নতুন দলেও তেনে ভুল কৰে, তেন্তে সি হ’ব অতিকৈ বেদনাদায়ক৷ এতিয়ালৈকে প্ৰায় সকলো দলেই কেৱল প্ৰলোভনৰ ৰাজনীতি কৰি আহিছে৷ নতুন দলেও যাতে সেই পথেই অনুকৰণ নকৰে সেইটোও জৰুৰী হৈছে৷ এতিয়া অসমখনক নতুনকৈ নিৰ্মাণৰ বাবে নতুন আঁচনিৰ প্ৰয়োজন৷ কিন্তু এই নতুনত্বৰ বিপৰীতে জাতীয় পৰিষদে নিবনুৱাক প্ৰতিমাহে ৫,০০০-১০,০০০ দিয়াৰ ঘোষণাই যেন পুৰণা পথেই গ্ৰহণ কৰিছে এনে লাগে৷ কংগ্ৰেছে ঘৰে ঘৰে চাকৰি বুলি কোৱাৰ লগে লগে দলটোৰ চৰিত্ৰ মানুহে ভালকৈয়ে উপলব্ধি কৰিছে৷ এইবোৰ সস্তীয়া ঘোষণাই এতিয়া মানুহক সাম্প্ৰদায়িক ফেচিবাদী বিজেপিক প্ৰতিহত কৰিব নোৱাৰিব৷ তাৰবাবে লাগিব সুন্দৰ পৰিকল্পনা৷ এই পৰিকল্পনা হ’ব লাগিব ৰাজ্যখনৰ সকলো স্তৰৰ আন্তঃগাঁথনি নিৰ্মাণৰ পৰিকল্পনা৷ স্বাস্থ্য, শিক্ষা, বিদ্যুৎ, খোৱাপানী, যোগাযোগ, পৰিবহণ, পৰ্যটন আদিৰ আন্তঃগাঁথনি গঢি. অসমখন আগুৱাই নিবলৈ লাগিব এক শক্তিশালী নেতৃত্বৰ৷ এই নেতৃত্বৰ বিচক্ষণতাইহে জনগণৰ অধিক আস্থা অৰ্জন কৰিব পাৰিব নতুন আঞ্চলিক দলে৷ তাৰবাবে লাগিব কিন্তু শাসন-শোষণৰ নহয়, ৰাজ্যখন নৱ-নিৰ্মাণৰ শক্তিশালী মনোবল৷