Logo
image

অক্সিজেন চিলিণ্ডাৰ নোলোৱাকৈ দহবাৰকৈ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা আং ৰিটাৰ মৃত্যু

আমাৰ অসম, ২৪ ছেপ্টেম্বৰঃ অক্সিজেন চিলিণ্ডাৰ নোলোৱাকৈ দহবাৰকৈ মাউণ্ট এভাৰেষ্ট জয় কৰা ছেৰপা আং ৰিটাৰ সোমবাৰে ৭২ বছৰ বয়সত কাঠমাণ্ডুৰ নিজা বাসগৃহত মৃত্যু হয়৷ ‘স্নু লেপাৰ্ড’ নামে পৰিচিত আং ৰিটাই ১৯৮০ চনত প্ৰথম মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল৷ ১৯৮০১ ১৯৯৬ লৈ দহ বছৰে অক্সিজেন চিলিণ্ডাৰ নোহোৱাকৈ এভাৰেষ্ট আৰোহণ কৰিছিল৷ অক্সিজেন চিলিণ্ডাৰ নোলোৱাকৈ এভাৰেষ্ট আৰোহণ কৰা তেওঁৱে আছিল বিশ্বৰ একমাত্ৰ পৰ্বতাৰোহী৷