Logo
image

টোপনি ভাল নহ’লে বাঢ়িব পাৰে শৰীৰৰ ওজন

আমাৰ অসম বিশেষঃ নিদ্ৰাহীনতা আধুনিক জীৱন প্ৰণালীৰ সৈতে সম্পৰ্কিত এক ব্যাধি৷ বিভিন্ন ৰোগত আক্ৰান্ত হ’লেও নিয়মীয়া টোপনিত ব্যাঘাত জন্মিব পাৰে৷ সাধাৰণতে দুঃশ্চিন্তা, মানসিক চাপ আদিৰ ফলত মানুহ সহজেই নিদ্ৰাহীনতাৰ চিকাৰ হয়৷ নিয়মীয়াকৈ নিদ্ৰাহীনতাত ভুগিলে মানুহ একাধিক ৰোগত আক্ৰান্ত হ’ব পাৰে৷ বিশেষকৈ টোপনিত ব্যাঘাত হ’লে শৰীৰৰ ওজন বৃদ্ধি পাব পাৰে৷ আনহাতে নিদ্ৰাহীনতাৰ বাবে মানুহে কফি, চাহ, ক’লড্ৰিংকছ আদিৰ প্ৰতি আসক্ত হয়৷ এনে দ্ৰব্য খোৱাৰ ফলত টোপনি আহিব বুলি ভবা হয় যদিও ইয়াৰ বিপৰীতে ওজন বৃদ্ধিৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ বিভিন্ন অধ্যয়নত এই কথা  প্ৰকাশ পাইছে যে নিয়মিত টোপনিৰ ব্যাঘাত হোৱা লোক বেছিমাত্ৰাৰ কেলৰি থকা খাদ্যৰ প্ৰতি আকৰ্ষিত হয়৷ ইয়াৰ ফলত ওজন বৃদ্ধি পায়৷ ধাৰাবাহিকভাৱে নিদ্ৰাহীনতাত ভুগিলে শৰীৰ বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হ’ব পাৰে৷ 

  • মগজুৰ কাৰ্যক্ষমতা হ্ৰাসঃ টোপনি নিয়মীয়া নহ’লে মগজুৱে সঠিকভাৱে কাম কৰিব নোৱাৰে৷  ভাগৰুৱা মগজুৱে কোনো কামেই সুচাৰুৰূপে সম্পাদন কৰিব নোৱাৰে৷  আমেৰিকাৰ স্বাস্থ্য সম্পৰ্কীয় এখন জাৰ্ণেলত প্ৰকাশ পোৱা তথ্য অনুসৰি টোপনি কম হ’লে ৰাতি যিকোনো ধৰণৰ সৰু-সুৰা খাদ্য খোৱাৰ প্ৰতি আগ্ৰহ বাঢ়ে৷ সাধাৰণতে সেই খাদ্যত কাৰ্বহাইড্ৰেটৰ  পৰিমাণ বেছি থাকে৷ এক সমীক্ষাত প্ৰকাশ পাইছে যে যি লোকৰ দৈনিক আঠ ঘণ্টা ভাল টোপনি আহে তাৰ তুলনাত টোপনি ভালকৈ নহা লোকৰ খোৱাৰ পৰিমাণ বৃদ্ধি পায় যাৰ ফলত ওজন বৃদ্ধিৰ দৰে সমস্যাৰ সৃষ্টি হয়৷
  • হৰম’নৰ কাৰচাজিঃ টোপনি ভাল নোহোৱাৰ ফলত দেহত হৰম’নৰ তাৰতম্য ঘটে৷ টোপনি ভালকৈ নহাৰ ফলত শাৰীৰিক-মানসিক চাপ বৃদ্ধি পায়৷ ইয়াৰ ফলত হৰম’নৰ তাৰতম্য ঘটে- যাৰ বাবে মানুহ ম্যাদবহুলতাত ভোগে৷
  • সুখনিদ্ৰাৰ বাবে কি কৰিব ?
  • শুবলৈ যোৱাৰ অন্ততঃ এঘণ্টাৰ পূৰ্বে কম্পিউটাৰ, মোবাইল, টিভি আদি বন্ধ কৰক৷
  • মনৰ দুঃশ্চিন্তা পৰিহাৰ কৰি বিছনালৈ যাওক৷
  • শোৱাৰ পূৰ্বে কুহুমীয়া পানীৰে স্নান কৰক৷ তদুপৰি বিছনাত শোৱাৰ পূৰ্বে গান শুনা, কিতাপ পঢ়া বা মেডিটেশ্বনৰ অভ্যাস কৰক৷ তেতিয়া সহজেই টোপনি আহিব৷
  • সোনকালে শোৱা আৰু সোনকালে উঠাৰ অভ্যাস কৰক৷
  • ৰাতি লঘু আহাৰ গ্ৰহণ কৰক৷
  • টোপনি ভাব আহিলে মদ্যপানৰ পৰা বিৰত থাকক৷ তেনে অৱস্থাত মদ্যপান কৰিলে টোপনিত ব্যাঘাত জন্মে৷ নিশাৰ ভাগত চাহ, কফি, ককাকোলা খোৱাৰ পৰা বিৰত থাকক৷ চাহ বা কফিত থকা কেফাইনৰ বাবে ৫-৬ ঘণ্টা পৰ্যন্ত টোপনি নহাকৈ থাকিব পাৰে৷