Logo
image

সুমেৰুত বৰফ গলিছে, পঞ্চাশ বছৰত ৰেকৰ্ড

আমাৰ অসম, ২৪ ছেপ্টেম্বৰঃ সুমেৰুত দ্ৰুত হাৰত বৰফ গলাক লৈ পৰিৱেশ বিজ্ঞানী চিন্তিত হৈ পৰিছে৷ চলিত মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত সুমেৰুত যি হাৰত বৰফ গলিছে সেয়া পঞ্চাশ বছৰৰ ভিতৰত দ্বিতীয়বাৰলৈ সৰ্বাধিক ৰূপে পৰিগণিত হৈছে৷ ইয়াৰ পূৰ্বে ২০১২ চনত সুমেৰুত ব্যাপক হাৰত বৰফ গলিছিল৷ মাৰ্কিন গৱেষণা সংস্থা নাছাই উপগ্ৰহৰ জৰিয়তে লোৱা আলোকচিত্ৰৰ মাধ্যমত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ নাছাই লোৱা আলোকচিত্ৰৰ জৰিয়তে এই কথা পোহৰলৈ আহিছে যে এই বছৰ পোন্ধৰ ছেপ্টেম্বৰ পৰ্যন্ত সুমেৰুত ৯ লাখ ৫৮ হাজাৰ বৰ্গমাইল এলেকাত বৰফ গলিছে৷ বিজ্ঞানীসকলৰ মতে সুমেৰুৰ এই বৰফ গলাৰ আঁৰত আছে চাইবেৰিয়াত হোৱা গ্ৰীষ্ম প্ৰবাহ৷