Logo
image

টিভিৰ সন্মুখত বেছি সময় বহিলেও বৃদ্ধি পাব পাৰে ডায়েবেটিছ

আমাৰ অসম বিশেষঃ ডায়েবেটিছ ইমানেই বেয়া অসুখ যে নিয়ন্ত্ৰণত নাথাকিলে শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ-প্ৰতংগ সময়ৰ লগে লগে নষ্ট হোৱাৰ সম্ভাৱনা প্ৰৱল৷ কৰ’না সংক্ৰমণ ঘটোৱাত আৰু ক’ভিডত মৃত্যুৰ হাৰ বৃদ্ধিত অনিয়ন্ত্ৰিত ডায়েবেটিছে বিশেষ ভূমিকা লোৱা বুলি বিজ্ঞানীসকলে দাবী কৰিছে৷ এই ৰোগৰ প্ৰৱণতা থাকিলে শুই-বহি থকা, বেছি ওজন, মানসিক চাপ ইত্যাদি যিমান ক্ষতিকাৰক ঠিক সিমানেই ক্ষতিকাৰক সাধাৰণৰ কিছু অভ্যাস৷ যিয়ে নজানকৈয়ে আমাৰ জীৱনৰ অংগ হৈ গৈছে৷ যেনে টিভি চোৱা, পানী খোৱা বা মাজে সময়ে নোখোৱাকৈ থকা আদি৷ ক্ৰমাৎ এই তালিকাত সংযুক্ত হৈছে আৰু এটা নাম৷ সতৰ্ক কৰি দিছে হৰমণ বিশেষজ্ঞসকলে ৷ ডায়েবেটিছৰ প্ৰৱণতা যদি থাকে এই অভ্যাস চলি থাকিলে যিকোনো সময়তে য’তে ত’তে এই বেমাৰ হ’ব পাৰে, বৃদ্ধি পাব পাৰে ৰোগৰ প্ৰকোপ৷ সেয়েহে সাৱধান হোৱা উচিত৷

  • বহু সময় নোখোৱাকৈ থাকিলে ইনছুলিনৰ কাৰ্যকাৰিতা কমি তেজত ছুগাৰৰ মাত্ৰা বৃদ্ধি কৰে৷ নিয়মিত হ’লে ৰোগৰ সূচনা হ’ব পাৰে৷ সেয়ে সময় মতে খোৱা-লোৱাৰ অভ্যাস কৰক৷
  • দুপৰীয়া ১০-১৫ মিনিট সময় টোপনি মাৰিলে দেহৰ ভাগৰ কমে আৰু বিয়লি কামৰ উৎসাহ বাঢ়ে৷ সেয়েহে টোপনি দুই-এঘণ্টাতকৈ বেছি হ’লে বিপদ হয়৷ বৃদ্ধি পায় ডায়েবেটিছৰ আশংকা৷ 
  • এটা সমীক্ষাত প্ৰকাশ পাইছে যে মাত্ৰ বছৰ দিন নৈশ দায়িত্ব পালন কৰিলে ১৭ শতাংশ, তিনি-চাৰি বছৰ কৰিলে ২৩ শতাংশ আৰু ১০ বছৰ অতিক্ৰম কৰিলে ৪২ শতাংশ পৰ্যন্ত ডায়েবেটিছ হোৱাৰ সম্ভাৱনা প্ৰৱল৷ ইয়াৰ প্ৰধান কাৰণ মেলাটোনিন হৰমণত ক্ষৰণ কমি যায়৷ যাৰ পৰিণতিত ইনছুলিনেই ঠিক মতে কাম কৰিবলৈ অসমৰ্থ হয়৷ এই বিপদৰ পৰা হাত সাৰিবলৈ শোৱাৰ আধা ঘণ্টাৰ আগতে ডাক্তৰ পৰামৰ্শ অনুসৰি মেলাটোনিন খাব লাগে৷ 
  • পেকেটৰ ফলৰ ৰসতো থাকে চেনি৷ নিয়মিত খালে তেজত ছুগাৰ বৃদ্ধি পায়৷ ইয়ে কমাব পাৰে ইনচুলিনৰ কাৰ্য ক্ষমতা৷ 
  • ব্ৰাউন ছুগাৰ, মৌ আৰু গুৰৰ কেলৰি চেনিতকৈ ক’ম৷ সেয়ে মিঠাই খাবলৈ মন গ’লে চেনিৰ সলনি মাজে সময়ে এইবোৰ খাব পাৰে৷ 
  • আলুৰ ওপৰত যিমান বদনাম আছে সি সিমান বেয়া নহয়৷ ১০০ গ্ৰাম আলুত থাকে ১০০ কেলৰি, ১০০ গ্ৰাম চাউল আৰু আটাত থাকে ৩৪০ কেলৰি, তাৰো ওপৰি আলুত আছে ক্ল’ৰজেনিক এচিদ৷ যিয়ে ছুগাৰ কমোৱাত সহায় কৰে৷ সেয়ে অইন পাচলিৰ লগত মিলাই ক’ম পৰিমাণে আলু খাব লাগে, কিন্তু ভাজি নহয়৷  
  • ৰক্তচাপ বৃদ্ধিত ধুমপানৰ অৱদান যথেষ্ট৷ ইয়াৰে অচিলালৈ ডায়েবেটিছ হোৱা আৰু জটিল ৰোগ ধাৰণ কৰাৰ আশংকা থাকে৷ সেয়ে এই অভ্যাগ ত্যাগ কৰা উচিত৷ নিয়মিত এঘণ্টা টি ভি চালে ডায়েবেটিছৰ আশংকা বৃদ্ধি পায় প্ৰায় ৩.৪ শতাংশ৷ গোটেই দিন টিভি চালে ওজন বৃদ্ধি পাই ডায়েবেটিছে জটিল ৰূপ ল’ব পাৰে৷