Logo
image

নেমুৰ বাকলিৰো আছে প্ৰচুৰ উপকাৰিতা

আমাৰ অসম বিশেষঃ নেমু খাই ভাল নোপোৱা মানুহ খুব কমেই আছে৷ চৰবত হিচাপে খোৱাৰ উপৰি প্ৰায়ভাগ লোকে বছৰৰ প্ৰতিটো ঋতুতে খাদ্যৰ সৈতে নেমু খায়৷ নিঃসন্দেহে এয়া অতি ভাল অভ্যাস৷ কিয়নো নেমুৰ ৰসৰ উপকাৰিতা সম্পৰ্কে কাকো বহলাই কোৱাৰ প্ৰয়োজন নাই৷ গৰমৰ দিনত ক্লান্তি আৰু তৃষ্ণা দুয়োটাই দূৰ কৰে নেমুৰ ৰসে৷ পিছে নেমুৰ ৰসেইহে যে আমাৰ উপকাৰ কৰে সেয়া নহয়, নেমুৰ বাকলিও আমাৰ  শৰীৰৰ বাবে অতি উপকাৰী৷ নেমুৰ বাকলি খালে কি কি উপকাৰ হয় জানেনে?

  • নেমুৰ বাকলিত থাকে প্ৰচুৰ ভিটামিন ‘চি’ আৰু চাইট্ৰিক এচিদ৷ ই ৰক্তপাত, জিঞ্জিভাইটিছসহ অনেক ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷ 
  • নেমুৰ বাকলিত থকা চাইট্ৰাচ বায়’ফ্লোভোনয়েডে মানসিক চাপ কমোৱাত সহায় কৰে৷ 
  • ত্বকৰ সৌন্দৰ্য বৃদ্ধিত অৰিহণা যোগায় নেমুৰ বাকলিয়ে৷ নেমুৰ বাকলিত প্ৰচুৰ এণ্টি অক্সিডেণ্ট থাকে  যি ত্বকক বেৰৰ দৰে আৱৰণ দি ৰাখে৷ 
  • নেমুৰ বাকলিত চয়ালভেট্ৰল কিউ ৪০ আৰু লিমোনেন্স থাকে৷ ই কেন্সাৰৰ কোষ ধবংস কৰাৰ উপৰি দেহত বেক্টেৰিয়াজনিত ৰোগৰ সংক্ৰমণ হ্ৰাস কৰে৷ 
  • নেমুৰ বাকলিয়ে শৰীৰত চাইট্ৰিক এচিডৰ পৰিমাণ বৃদ্ধিত অৰিহণা যোগায়৷ ইয়াৰ ফলত কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা হ্ৰাস পায়৷
  • শৰীৰৰ অতিৰিক্ত চৰ্বি নষ্ট কৰি পেলায়৷ গতিকে প্ৰতি সাঁজ আহাৰৰ সৈতে নেমু খোৱাৰ অভ্যাস কৰাটো অতি জৰুৰী৷ 

ভাতৰ সৈতে নেমুৰ ৰসখিনি খাওক তাৰ পাছত নেমুৰ বাকলিখিনি খাবলৈ পাহৰি নাযাব৷ কিয়নো নেমুৰ বাকলিখিনি খালে আপোনাৰ অপকাৰটো নহয়েই বৰঞ্চ ইয়াৰ পৰা ভাল ফল যে পাবই সেয়া নিশ্চিত৷