Logo
image

লকডাউনৰ আশীৰ্বাদত ৫বছৰীয়া শিশুৰ বিশ্ব ৰেকৰ্ড

আমাৰ অসম, ১১ জানুৱাৰীঃ ক’ভিডৰ লকডাউন কাৰোবাৰ বাবে অভিশাপ আৰু কাৰোবাৰ বাবে আশীৰ্বাদ৷ দেশৰ শিশু-কিশোৰে ২০২০ চনত বিদ্যালয় দেখিয়েই নাপালে৷ ইয়াৰ ফলত অনেকৰ শিক্ষাৰ ক্ষেত্ৰত ক্ষতি হোৱাটো সঁচা৷ কিন্তু কিছুসংখ্যক শিশু বা কিশোৰে অনলাইনৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰি নিজৰ ব্যুৎপত্তি বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ তেনে এগৰাকী শিশু হৈছে ৰাজস্থানৰ উজ্জয়িনীৰ প্ৰেশা খেমানি৷ ২০২০ চনটো প্ৰেশা আৰু তেওঁৰ পিতৃ-মাতৃৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিল৷ পাঁচ বছৰীয়া প্ৰেশা লকডাউনৰ সময়ছোৱাত স্কুললৈ যোৱাৰ প্ৰশ্নই নাছিল৷ পিতৃৰ কৰ্মসূত্ৰে ৰাজস্থানৰ প্ৰেশা থাকে পুনেত৷ মহাৰাষ্ট্ৰত ক’ভিডৰ অতি জটিল পৰিস্থিতিত তেওঁ ঘৰতে থাকিবলগীয়া হৈছিল৷ তেতিয়াই আৰম্ভ হৈছিল তেওঁলোকৰ অনলাইনৰ জৰিয়তে শিক্ষা প্ৰদানৰ ব্যৱস্থা৷ প্ৰেশাই এই সময়ছোৱাত ভূগোল বিষয়ত থকা আকৰ্ষণৰ ফলত পৃথিৱীৰ দেশসমূহৰ ৰাজধানী আৰু পতাকাৰ বিষয়ে মুখস্থ কৰি পেলালে৷ তেওঁৰ মাতৃয়ে এই বিষয়টোত আগ্ৰহ দেখি প্ৰত্যেক দিনাই বিভিন্ন দেশ, ৰাজধানী আৰু পতাকাৰ বিষয়ে প্ৰেশাক জনাবলৈ ধৰিলে৷ পৰিয়ালৰ বন্ধু এজনে প্ৰেশাক এই বিষয়ত আগ্ৰহ দেখি এখন কিতাপ উপহাৰ দিলে, য’ত ১৫০ খন দেশৰ নাম, ৰাজধানী আৰু পতাকাৰ বিষয়ে বৰ্ণনা কৰা আছিল৷ নিজৰ আগ্ৰহ থকা বিষয়ৰ কিতাপ পাই উৎফুল্লিত হৈ প্ৰেশাই ততালিকে সেই ১৫০ খন দেশৰ নাম, ৰাজধানী আৰু পতাকাৰ বিষয়ে সমস্ত ওঠস্থ কৰি পেলালে৷ অলপতে এই সম্পৰ্কীয় এক প্ৰতিযোগিতাত তেওঁ মুঠেই ৪ মিনিট ১৭ ছেকেণ্ডত ডেৰশ খন দেশৰ ৰাজধানী আৰু পতাকাৰ বিষয়ে কৈ বিশ্বাভিলেখ স্থাপন কৰিলে৷  প্ৰতিযোগিতাৰ সবাতোকৈ কনিষ্ঠা সদস্য আছিল তেওঁ৷ ইতিমধ্যে প্ৰেশাৰ এই অভিলেখ ‘ৱল্ডৰ্ ৰেকৰ্ডছ ইণ্ডিয়া বুক’ত অন্তৰ্ভুক্ত হৈছে আৰু সেই সংস্থাৰ পৰা তেওঁ লাভ কৰিছে বিশ্বাভিলেখৰ পুৰস্কাৰ৷