Logo
image

ক্ৰিকেট ফিল্ডত বীভৎস বৰ্ণ বৈষম্য, অষ্ট্ৰেলিয়াৰ ক্ষমাপ্ৰাৰ্থনা

বিশ্বজুৰি প্ৰতিক্ৰিয়া, কঠোৰ ব্যৱস্থাৰ ইংগিত দিলে অ’জি প্ৰধানমন্ত্ৰীয়ে

আমাৰ অসম, ১১ জানুৱাৰীঃ ‘ডাউন আণ্ডাৰ’ ক্ৰিকেট শৃংখলা সদায়েই বিতৰ্কিত৷ বিশেষকৈ ভাৰত যদি অষ্ট্ৰেলিয়াৰ প্ৰতিপক্ষ হয় তেন্তে ভাৰতীয় ১১ জন ক্ৰিকেটাৰে অষ্ট্ৰেলিয়াৰ সমসংখ্যক ক্ৰিকেটাৰ আৰু  এজন আম্পায়াৰৰ বিৰুদ্ধে যুঁজিব লাগে বুলি বিশ্ব ক্ৰিকেটত প্ৰবাদ আছে৷ বিগত কেইবছৰমান ধৰি ভাৰতীয় ক্ৰিকেটাৰৰ বাবে ‘ডাউন আণ্ডাৰ’ শৃংখলাত শত্ৰুৰ সংখ্যা অধিক সংযোজন ঘটিছে৷ নতুনকৈ সংযোজিত প্ৰথমবিধ শত্ৰু হৈছে অষ্ট্ৰেলিয়াৰ হিংসুক মিডিয়া আৰু দ্বিতীয় শত্ৰু হৈছে ততোধিক হিংসুক দৰ্শক৷ চলিত  টেষ্ট শৃংখলাত দ্বিতীয়খন মেচত বিজয় অৰ্জন কৰি ভাৰতে সমতা স্থাপন কৰাৰ পাছত টীম ইণ্ডিয়াৰ বিৰুদ্ধে উঠি পৰি লাগিছে অষ্ট্ৰেলিয়াৰ দৰ্শক৷ শাৰীৰিকভাৱে নহয়, ততোধিক নিকৃষ্টতাৰে অষ্ট্ৰেলিয়াৰ দৰ্শকে ভাৰতীয় ক্ৰিকেটাৰক আক্ৰমণ কৰিছে বৰ্ণবাদী মন্তব্যৰে৷ আক্ষৰিক অৰ্থতে বৰ্ণবাদী শব্দ আৰু বাক্য ব্যৱহাৰ কৰি অষ্ট্ৰেলিয়াৰ দৰ্শকে বিদ্ধ কৰিছে খেল পথাৰৰ ভিতৰত ১১+১ জনৰ বিৰুদ্ধে যুঁজ কৰি থকা ভাৰতীয় দলক৷ ভাৰতীয় ক্ৰিকেটাৰ অজিংক্য ৰাহানে আৰু মহম্মদ ছিৰাজক ঘাইকৈ লক্ষ্য কৰি লৈ অতি অশ্ৰাব্যভাৱে বৰ্ণবাদী মন্তব্যৰে থকা-সৰকা কৰিছে অষ্ট্ৰেলিয়াৰ দৰ্শকে৷ বিৰাট কোহলিৰ দেশলৈ প্ৰত্যাৱৰ্তনৰ পাছত টীম ইণ্ডিয়াক নেতৃত্ব দি দ্বিতীয় টেষ্টত বিজয়ী কৰোৱা অজিংক্য ৰাহানেক ‘বিগ মাংকি’ বুলি সম্বোধন কৰিছে অষ্ট্ৰেলিয়াৰ দৰ্শকে৷ প্ৰসংগতঃ অষ্ট্ৰেলিয়াত মাংকি শব্দটো বৰ্ণবাদী মন্তব্য বুলি বিবেচিত৷ ইপিনে মহম্মদ ছিৰাজক তেওঁৰ ইছলাম ধৰ্মৰ বাবে ধৰ্মীয় মন্তব্যৰে আক্ৰমণ কৰিছে অষ্ট্ৰেলিয়াৰ দৰ্শকে৷ চলিত ছিডনী টেষ্টত প্ৰথম দিনৰ পৰাই দৰ্শকে ভাৰতীয় ক্ৰিকেটাৰক বৰ্ণবাদী মন্তব্যৰে আক্ৰমণ কৰাত ক্ৰিকেট অষ্ট্ৰেলিয়াই বহু দৰ্শকক চিহ্নিত কৰি খেলপথাৰৰ পৰা বাহিৰ কৰি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ তথাপি পৰিস্থিতিয়ে শাম নকটাত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে ক্ৰিকেট অষ্ট্ৰেলিয়াৰ ওচৰত আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰে৷ বিষয়টোৱে আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰত ক্ৰমাৎ বিতৰ্কৰ সৃষ্টি কৰাত আজি ক্ৰিকেট অষ্ট্ৰেলিয়াই ভাৰতীয় দলৰ অধিনায়ক অজিংক্য ৰাহানে আৰু মহম্মদ ছিৰাজৰ ওচৰত আনুষ্ঠানিকভাৱে ক্ষমাপ্ৰাৰ্থনা বিচাৰিছে৷ ক্ৰিকেট অষ্ট্ৰেলিয়াৰ পক্ষৰ পৰা কঠোৰভাৱে বিবৃতিও প্ৰদান কৰা হৈছে৷ এই বিষয়ত খৰ্গহস্ত হৈ পৰিছে ক্ৰিকেট বিশ্বৰ সৰ্বোচ্ছ প্ৰশাসক আই চি চি৷ আই চি চিয়ে এতিয়াও এই সন্দৰ্ভত কোনো মন্তব্য নকৰিলেও ক্ৰিকেট অষ্ট্ৰেলিয়াক বিষয়টো লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে৷ অচিৰেই আই চি চিয়ে এই সন্দৰ্ভত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি এক শীৰ্ষ আই চি চি সূত্ৰই প্ৰকাশ কৰিছে৷ ক্ৰিকেট অষ্ট্ৰেলিয়াই তেওঁলোকৰ বিবৃতিত কৈছে– ‘আমি ক্ৰিকেটৰ সাৰ্বভৌমত্বত বিশ্বাস কৰোঁ৷ বৰ্ণবৈষম্যৰ দৰে ধিক্কাৰজনক ঘটনাক কেতিয়াও প্ৰশ্ৰয় নিদিওঁ৷ আমি এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাইছো৷ ইয়াৰ লগে লগে শৃংখলাৰ আয়োজক হিচাপে ভাৰতীয় দলৰ কাষত থিয় হৈছো৷ বৰ্ণবৈষম্যৰ বলি হোৱা দুয়োজন ভাৰতীয় ক্ৰিকেটাৰৰ ওচৰত আমি ক্ষমা বিচাৰিছো৷’

উল্লেখ্য, প্ৰথম দিনাৰ পৰা আৰম্ভ হোৱা দৰ্শকৰ বৰ্ণবাদী মন্তব্য আজি চতুৰ্থ দিনাও অব্যাহত আছিল৷ আজি মেচৰ ৮৬সংখ্যক অভাৰত মহম্মদ ছিৰাজৰ বিৰুদ্ধে বৰ্ণবাদী মন্তব্য কৰে দৰ্শকে৷ লগে লগে তেওঁ বিষয়টো অধিনায়ক ৰাহানেক জনায়৷ ৰাহানেই আম্পায়াৰৰ সৈতে কথা পাতে আৰু অভিযোগ দিয়ে৷ ফলত দীৰ্ঘসময় বন্ধ হৈ থাকে মেচ৷ আম্পায়াৰে বিষয়টোক লৈ মেচ ৰেফাৰীৰ সৈতে খেলপথাৰৰ পৰাই আলোচনা কৰে৷ তাৰ পাছতে যিটো গেলেৰীৰ পৰা বৰ্ণবাদী মন্তব্য উৰি আহিছিল সেই গেলেৰীৰ একাংশ খালী কৰি দিয়ে নিউ ছাউথ ৱেলছৰ আৰক্ষীয়ে৷ ইপিনে  দেশলৈ প্ৰত্যাৱৰ্তন কৰা টীম ইণ্ডিয়াৰ স্থায়ী অধিনায়ক বিৰাট কোহলিয়ে এই মন্তব্যৰ তীব্ৰ প্ৰতিবাদ জনাইছে৷ তেওঁ কয়, এনে কাৰ্যৰ কোনো ক্ষমা নাই৷ এয়া ঘৃণনীয় ঘটনা৷ আনহাতে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ জাষ্টিন লেংগাৰেও অষ্ট্ৰেলিয়াৰ দৰ্শকৰ বৰ্ণবাদী মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে৷