Logo
image

৭খন ৰাজ্যলৈ বিয়পিছে বাৰ্ড ফ্লু

আমাৰ অসম, ১১ জানুৱাৰীঃ এতিয়াৰ পৰা ৮-১০ মাহ পূৰ্বে যিদৰে ক’ভিডৰ সংক্ৰমণ ঘটিছিল, ঠিক তেনেদৰেই এতিয়া দেশত সংক্ৰমণ বিয়পিছে বাৰ্ড ফ্লুৰ৷ কেইদিনমান পূৰ্বে দেশত তিনিখন ৰাজ্যত বাৰ্ড ফ্লু ধৰা পৰিছিল৷ এসপ্তাহৰ ভিতৰতে এতিয়া বাৰ্ড ফ্লু বিয়পি পৰিছে সাতখন ৰাজ্যলৈ৷ ফলত স্বাভাৱিকতে দেশজুৰি আতংকৰ সৃষ্টি হৈছে৷ বিগত এমাহত উত্তৰ প্ৰদেশত এক লাখৰো অধিক মুৰ্গীৰ মৃত্যু হৈছে বাৰ্ড ফ্লুত৷ ৰাজ্যখনত বাৰ্ড ফ্লুৱে মাৰাত্মক পৰিস্থিতি ধাৰণ কৰাৰ পাছত প্ৰথমে কেৰালা, ৰাজস্থান আৰু হিমাচল প্ৰদেশলৈ বিয়পিছিল বাৰ্ড ফ্লু৷ শেহতীয়া দুদিনত বাৰ্ড ফ্লু বিয়পিছে মধ্য প্ৰদেশ,  হাৰিয়ানা আৰু গুজৰাটলৈ৷

এইদৰে সাতখনকৈ ৰাজ্যত বাৰ্ড ফ্লুৰ সংক্ৰমণ হোৱাত বহু ৰাজ্যই হাঁহ, কুকুৰাৰ ভিন্ন ৰাজ্যৰ পৰা যোগান নিষিদ্ধ কৰি দিছে৷ দিল্লীয়ে দেওবাৰৰ পৰা হাঁহ, কুকুৰাৰ নিজ প্ৰদেশলৈ যোগান আৰু পৰিবহন বন্ধ কৰি দিয়াৰ লগতে দিল্লীৰ বৃহত্তম পক্ষী বজাৰ ‘গাজিপুৰ মাৰ্কেট’ দহ দিনলৈ বন্ধ কৰি দিছে৷ পশু পালন বিভাগে নমুনা সংগ্ৰহ কৰি জলন্ধৰৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে৷ দক্ষিণ দিল্লীৰ যশোলা অঞ্চলৰ এখন পাৰ্কত বিগত কেইদিনত বহু কাউৰীৰ মৃত্যু হোৱাত আতংকৰ সৃষ্টি হৈছে৷ পাৰ্ক সংলগ্ন হ্ৰদত মৰিছে কেইবাটাও হাঁহ৷ পঞ্জাবে ৰাজ্যৰ বহু স্থানক নিয়ন্ত্ৰিত অঞ্চল বুলি ঘোষণা কৰিছে, যাতে আন আন অঞ্চললৈ বাৰ্ড ফ্লু বিয়পিব নোৱাৰে৷ তদুপৰি ১৫ জানুৱাৰীলৈ ৰাজ্যত মুকলি স্থানত হাঁহ-কুকুৰাৰ বিক্ৰী নিষিদ্ধ কৰিছে৷ আনহাতে মধ্য প্ৰদেশৰ ১৩ খন জিলালৈ বাৰ্ড ফ্লু বিয়পিছে আৰু ২৭খন জিলাত ১,১০০ কাউৰী মৰিছে৷ মহাৰাষ্ট্ৰ, কেৰালা, হিমাচল প্ৰদেশ, ৰাজস্থানতো একেই পৰিস্থিতি উদ্ভৱ হোৱাত দেশজুৰি আতংক বৃদ্ধি পাইছে৷