Logo
image

নগাঁৱত প্ৰথম ক্ৰিকেট মেচ খেলিছিল সৌৰভে

আমাৰ অসম, ৮ এপ্ৰিলঃ  ক্ৰিকেটাৰ হিচাপে টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলী কেইবাবাৰো গুৱাহাটীলৈ আহিছে৷ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ষষ্ঠদশ ছীজন চলি  থকা অৱস্থাত এক নতুন দায়িত্ব লৈ গুৱাহাটী ভ্ৰমণলৈ আহিছে গাংগুলী৷ শনিবাৰে বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব দিল্লী কেপিটেলছ৷ এই দিল্লী কেপিটেলছৰ ডাইৰেক্টৰ অৱ ক্ৰিকেটৰ দায়িত্বত আছে প্ৰাক্তন ক্ৰিকেটাৰজন৷ আইকন স্প’ৰ্টছ একাডেমীৰ সহযোগত দিল্লী কেপিটেলছে গুৱাহাটীত মুকলি কৰিছে এখন ক্ৰিকেট একাডেমী৷ শুকুৰবাৰে এখন সংবাদ মেলত একাডেমীখন মুকলি কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে গাংগুলীয়ে৷ একাডেমীখনৰ বিষয়ে উল্লেখ কৰাৰ লগতে সাংবাদিকৰ আগত গুৱাহাটী ভ্ৰমণৰ বিভিন্ন অভিজ্ঞতাৰ বিষয়েও উল্লেখ কৰে৷ ভাৰতৰ অন্যতম সফল অধিনায়কজনে কয় যে ১৪ বছৰ বয়সত তেওঁ প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল৷ সেইবাৰ তেওঁ খেলিছিল নগাঁৱত৷ তাৰ পাছত নেহৰু ষ্টেডিয়াম আৰু মালিগাঁওস্থিত এন এফ ৰেলৱে’ ক্ৰীড়া সন্থাৰ ষ্টেডিয়ামত তেওঁ ৰঞ্জি ট্ৰফীৰ কেইবাখনো খেল খেলিছে৷ গুৱাহাটীত খেলা কেইবাখনো খেল তেওঁৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আছিল বুলি মন্তব্য কৰি গাংগুলীয়ে কয় যে গুৱাহাটীক লৈ তেওঁৰ বহু ভাল অভিজ্ঞতা আছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়াক্ষেত্ৰৰ বিষয়ে মন্তব্য কৰি টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়কজনে কয় যে এই অঞ্চলৰ পৰা বহু খেলুৱৈয়ে দেশৰ হৈ খেলি খ্যাতি অৰ্জন কৰিছে৷ কিন্তু কোনো ক্ৰিকেটাৰে এতিয়ালৈকে ছিনিয়ৰ ৰাষ্ট্ৰীয় দলত খেলাৰ সুযোগ পোৱা নাই৷ অসমত এতিয়া ক্ৰিকেটৰ আন্তঃগাঁথনি যথেষ্ট উন্নত হৈছে৷ অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰাস্থিত ষ্টেডিয়ামখনক দেশৰ আগশাৰীৰ ষ্টেডিয়ামবোৰৰ অন্যতম হিচাপে বিবেচনা কৰা হয়৷ ৰাজ্যখনত ক্ৰিকেটৰ উন্নত পৰিৱেশ সৃষ্টি কৰিব পাৰিলে এই অঞ্চলৰ পৰা ছিনিয়ৰ ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰিব পৰা ক্ৰিকেটাৰ নোলোৱাৰ কাৰণ থাকিব নোৱাৰে৷ আই পি এলত ৰাজস্থান ৰয়েলছক প্ৰতিনিধিত্ব কৰা অসমৰ ৰিয়ান পৰাগক প্ৰশংসা কৰি  গাংগুলীয়ে কয় যে ৰিয়ানৰ খেল তেওঁ চাইছে৷ ক্ৰিকেটাৰজনে ইতিমধ্যে বিশেষজ্ঞৰো দৃষ্টি আকৰ্ষণ কৰিছে৷ প্ৰদৰ্শনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব পাৰিলে তেওঁ টীম ইণ্ডিয়াৰ হৈ খেলাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷