Logo
image

প্ৰথম জয়ৰ লক্ষ্যৰে আজি ৰাজস্থানৰ সন্মুখত দিল্লী কেপিটেলছ

আমাৰ অসম, ৮ এপ্ৰিলঃ  পঞ্জাব কিংছৰ হাতত ৫ ৰানত পৰাস্ত হোৱাৰ পাছত আই পি এলত হোম গ্ৰাউণ্ডত নিজৰ দ্বিতীয়খন খেলত আজি দিল্লী কেপিটেলছৰ সন্মুখীন হ’ব ৰাজস্থান ৰয়েলছ৷ ৰাজস্থান ৰয়েলছে এতিয়ালৈকে খেলা দুখন খেলৰ এখনত জয়ী হোৱাৰ বিপৰীতে পৰাস্ত হৈছে এখন খেলত৷ আনহাতে, দিল্লী কেপিটেলছ নিজৰ প্ৰথম দুয়োখন খেলতে পৰাস্ত হৈছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু গুজৰাট টাইটানছৰ হাতত৷ টুৰ্নামেণ্টত প্ৰথম জয়ৰ লক্ষ্যৰে গুৱাহাটীলৈ আহিছে দিল্লী কেপিটেলছ৷ দলটোৰ মূল সমস্যা হৈছে শীৰ্ষক্ৰমৰ বেটাৰৰ দুৰ্বল প্ৰদৰ্শন৷ দিল্লী কেপিটেলছত ডেভিদ ৱাৰ্নাৰ, পৃথ্বি শ্ব’, ছৰফৰাজ খান,  ৰিলী ৰ’ছো, অক্ষৰ পেটেলৰ দৰে বেটাৰ আছে যদিও এই পৰ্যন্ত দলটোৰ বেটিং সন্তোষজনক নহয়৷ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে জয়ী হ’বলৈ হ’লে দলটোৰ বেটাৰৰ প্ৰদৰ্শন উন্নত হ’ব লাগিব৷  তাৰ বাবে ৰাজস্থান ৰয়েলছৰ পেচ বলাৰ ট্ৰেণ্ট বল্ট, কে এম আছিফ, জেছন হ’ল্ডাৰৰ দৰে পেচ বলাৰৰ সন্মুখত যথেষ্ট সতৰ্কতাৰে খেলিব লাগিব তেওঁলোকে৷ ৰাজস্থান ৰয়েলছৰ স্পিন আক্ৰমণো যথেষ্ট শক্তিশালী৷ দলটোত আছে ৰবিচন্দ্ৰন অশ্বিন আৰু যুজবেন্দ্ৰ চাহলৰ দৰে অভিজ্ঞ স্পিনাৰ৷

পঞ্জাব কিংছৰ হাতত পৰাস্ত হ’লেও দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছকে ফেৱৰীট আখ্যা দিয়া হৈছে৷  অৱশ্যে অ’পেনাৰ জোছ বাটলাৰৰ  আঘাত দলটোৰ বাবে চিন্তাৰ কাৰণ হ’ব পাৰে৷ ফিল্ডিঙৰ সময়ত আঙুলিত আঘাত পোৱা বাটলাৰে কাইলৈৰ খেলখনত ভাগ ল’ব পৰাটো অনিশ্চিত হৈ আছে৷ এনে স্থিতিত জো ৰুটে মূল একাদশত স্থান পাব পাৰে৷ উল্লেখ্য, পঞ্জাব কিংছৰ বিৰুদ্ধে ছিমৰন হেটমায়াৰ আৰু ধ্ৰুৱ জুৰেলে যিদৰে বেটিং কৰিছিল,  সেই প্ৰদৰ্শনৰ পুনৰাবৃত্তি ঘটাব পাৰিলে  দলটোক পৰাস্ত কৰাটো সহজ নহ’ব৷ ইপিনে, গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি থাকিব ৰিয়ান পৰাগৰ ওপৰত৷ গৃহ চহৰত ৰিয়ানৰ পৰা আকৰ্ষণীয় ইনিংছ আশা কৰা হৈছে যদিও পঞ্জাব কিংছৰ বিৰুদ্ধে খেলখনত তেওঁ অনুৰাগীক নিৰাশ কৰিছিল৷ ৰাজস্থান ৰয়েলছৰ প্ৰথমখন খেলতো ৰিয়ান ব্যৰ্থ হৈছিল৷ সেয়েহে কাইলৈৰ খেলখনত তেওঁৰ বেটিং হ’ব লক্ষ্যণীয়৷