Logo
image

হাৰ্ট এটেক হোৱাৰ এমাহ পূৰ্বে দেহত দেখা দিয়ে এই পাঁচটা লক্ষণ

আমাৰ অসম বিশেষঃ হাৰ্ট এটেক এটা অতি বিপজ্জনক ৰোগ৷ উপযুক্ত সময়ত চিকিৎসা নাপালে এই ৰোগত আক্ৰান্ত লোকৰ মৃত্যু প্ৰায় নিশ্চিত৷ পিছে এই ভয়ংকৰ ৰোগ হোৱাৰ প্ৰায় এমাহ পূৰ্বে দেহত কেতবোৰ  লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে৷ হাৰ্ট এটেকৰ পূৰ্বে পাঁচটা বিশেষ লক্ষণে দেখা দিয়ে৷ এনে লক্ষণে দেখা দিলে তাৎক্ষণিকভাৱে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷ আমাৰ দেহৰ হাঁওফাঁও পৰ্যাপ্ত পৰিমাণে অক্সিজেন নাপালে অথবা তেজৰ সৰবৰাহ সঠিকভাৱে নহ’লে এনেধৰণৰ সমস্যাই দেখা দিয়ে৷  হাৰ্টৰ সমস্যা হ’লে হাঁওফাঁওত তেজৰ চলাচল কমি যায়৷ হাৰ্ট একেটকৰ প্ৰায় এমাহ পূৰ্বে এইবোৰ লক্ষণে দেখা দিয়ে৷

  • হাৰ্টৰ সমস্যা হ’লে মানুহৰ উশাহ লোৱাত সমস্যা হয়৷ উশাহ চুটি হয়৷
  • দেহত তেজৰ চলাচল কম হ’লে মানুহৰ তন্দ্ৰা বৃদ্ধি পায়৷ মস্তিষ্কত ৰক্তপ্ৰৱাহ কম হ’লে তন্দ্ৰা বৃদ্ধি পায়৷
  • বাহু, পিঠি, ডিঙি, কান্ধ আৰু পাকস্থলীত বিষ অনুভৱ হ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷
  • বুকুৰ মধ্য অংশত বিষ অনুভূত হ’লে শীঘ্ৰেই বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক৷ বুকুৰ বিষ হাৰ্টৰ অসুখৰ ডাঙৰ লক্ষণ৷
  • হাৰ্ট এটেকৰ পূৰ্বে মানুহৰ বমি ভাব হয়, দকৈ চিন্তা কৰিব নোৱাৰা হয়৷ বেছিকৈ ঘামিবলৈ ধৰে৷ 

এই লক্ষণসমূহে দেখা দিলে তাৎক্ষণিকভাৱে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷