Logo
image

‘টাইম’ৰ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত মোদী, শ্বাহিনবাগৰ ‘দাদি’

আমাৰ অসম,  ২৪ ছেপ্টেম্বৰঃ ‘টাইম’আলোচনীৰ চলিত বৰ্ষৰ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত চতুৰ্থবাৰৰ বাবে স্থান পালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ আনহাতে এই তালিকাত মোদীৰ লগতে স্থান পাইছে ‘কা’আন্দোলনৰ নেত্ৰী শ্বাহিনবাগৰ ‘দাদিয়ে’৷ বিশ্বৰ এশজন প্ৰভাৱশালী ব্যক্তিৰ তালিকাত ‘টাইমে’এই বছৰ প্ৰায় ২৪জন নেতাৰ নাম অন্তৰ্ভুক্ত কৰিছে৷ এই তালিকাৰ ভিতৰত অন্তৰ্ভুক্ত হোৱা একমাত্ৰ ভাৰতীয় নেতাজন হ’ল নৰেন্দ্ৰ মোদী৷ ‘টাইম’ৰ এই তালিকাত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ লগতে বিশ্বৰ কেইবাজনো ৰাজনৈতিক নেতাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে৷ উল্লেখ্য, ‘কা’আন্দোলনৰ নেত্ৰী শ্বাহিনবাগৰ ৮২ বছৰীয়া ‘দাদী’ বিল কিছো এইবাৰ ‘টাইম’ৰ তালিকাত অন্তৰ্ভূক্ত হোৱাটোৱে তাৎপৰ্য বহন কৰিছে৷ বলীউডৰ তাৰকা আয়ুষ্মান খোৰানাৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে৷