Logo
image

গণৰাজ্য দিৱসৰ মুখ্য অতিথি চুৰিনামৰ ৰাষ্ট্ৰপতি চন্দ্ৰিকাপ্ৰসাদ

আমাৰ অসম, ১১ জানুৱাৰীঃ দেশৰ গণৰাজ্য দিৱসত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনচনৰ পৰিৱৰ্তে মুখ্য অতিথিৰূপে আমন্ত্ৰণ জনোৱা হৈছে চুৰিনামৰ ৰাষ্ট্ৰপতি ভাৰতীয় বংশোদ্ভৱ চন্দ্ৰিকাপ্ৰসাদ সন্তোখিক৷ দক্ষিণ আমেৰিকাৰ উত্তৰ-পূবত অৱস্থিত ৰাষ্ট্ৰ চুৰিনামৰ ৰাষ্ট্ৰপতি সন্তোখি৷ ২৬ জানুৱাৰীত দিল্লীত অনুষ্ঠিত হ’বলগীয়া গণ ৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাষত দেখা পোৱা যাব ভাৰতীয় বংশোৎসৱ সন্তোগিক৷ যোৱা সপ্তাহত বিদেশ মন্ত্ৰণালয়ে আয়োজন কৰা প্ৰবাসী ভাৰ্চুৱেল মাধ্যমৰ ভাৰতীয় দিৱসৰ অনুষ্ঠানত মুখ্য অতিথিৰূপে দেখা গৈছিল চন্দ্ৰিকা প্ৰসাদ সন্তোখিক৷ উক্ত অনুষ্ঠানত সন্তোখিয়ে দুই দেশৰ নাগৰিকৰ ভিছা অবিহনে মুক্ত যাতায়াতৰ প্ৰস্তাৱ দিছিল৷ ইয়াৰ জৰিয়তে তেওঁ ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক মজবুত কৰাৰ বাৰ্তা দিছিল৷ তাৰ পাছতে দেশৰ গণৰাজ্য দিৱসত সন্তোখিক আমন্ত্ৰণ জনোৱা হৈছে৷ পূৰ্বে গণৰাজ্য দিৱসত মুখ্য অতিথিৰূপে ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছনক আমন্ত্ৰণ জনোৱা হৈছিল৷ ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত তেওঁ ভাৰতৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ভাগ লোৱাৰ সিদ্ধান্ত বাতিল কৰিছিল৷