বিহুৰ দুৰৱস্থা প্ৰত্যাহ্বান আৰু কৰণীয়
ব’হাগ মানেইতো বিহু৷ কথাতে কয় যে বিহুত নাই যি, অসমীয়াত নাই সি৷ সেইবাবেই বিহু অসমীয়াৰ জাতীয় উৎসৱ৷ আৰ্যোত্তৰ কালৰ পৰা নিৰৱধি চলি থকা বিহুৱে সমগ্ৰ অসমীয়া জাতিটোৰ মান, স্বাভিমান, শান্তি, সম্প্ৰীতি আৰু ঐক্যক সংস্কৃতিৰ এনাজৰীৰে বান্ধি ৰাখিবলৈ কালজুৰি চেষ্টা চলাই আহিছে৷ কিন্তু কালক্ৰমত দেখিবলৈ পোৱা গৈছে যে অসমৰ সংস্কৃতিৰ পথাৰখনত কিছুমান অপসংস্কৃতি আৰু বিশৃংখলতাৰ পয়োভৰ ঘটিছে; আৰু তাৎপৰ্যপূৰ্ণভাৱে এনে বিজতৰীয়া সংস্কৃতিৰ উপদ্ৰৱ ব’হাগৰ বতৰতেই বেছি হয়৷ চুবুৰিয়ে চুবুৰিয়ে বিহু পাতি জাতীয় পৰম্পৰাক ৰক্ষা কৰাটো বহুতৰ বাবে পেছাত পৰিণত হৈছে৷ চ’তৰ আগমনৰ পৰাই অসমৰ বিভিন্ন প্ৰান্তৰ এচাম কিশোৰ-কিশোৰী তথা যুৱক-যুৱতীয়ে ৰাজপথত বাটৰুৱাৰ পৰা ৰঙালী বিহুৰ চান্দা তোলাত ব্যস্ত হৈ পৰে৷ যান-বাহন ৰখাই ডাবি-ধমকি দি হ’লেও বাটৰুৱাৰ পৰা ধন সংগ্ৰহ কৰি জাতীয় অনুষ্ঠান ৰক্ষাৰ নামত বিহু পতাটো এচামৰ বাবে হৈ পৰিছে সাংস্কৃতিক পৰম্পৰা৷ ড॰ ভূপেন হাজৰিকাই গীতৰ জৰিয়তে কৈ গৈছে যে ‘বৰদৈ চিলাজনী অসমলৈ আগতে আহিছিলে, আহি হিলদল ভঙা এটা মন দিছিলে, নানা জাতি উপজাতি একে কৰিছিলে; আজি বছৰেকৰ মূৰত তাই আহে আৰু যায়; অসমীয়া মনটোত থিতাপি নলয়’৷ বৰদৈচিলাৰ সৈতে ৰঙালী বিহুৰ অভিন্ন সম্বন্ধ৷ কিন্তু সময়ৰ গতিত এই সম্বন্ধ প্ৰায় নোহোৱাৰ দৰেই হৈছে৷ এতিয়া বৰদৈচিলা নাহিলেও বিহু আহে, বৰদৈচিলা গ’লেও বিহু থাকে৷ বিহুবলিয়া ৰাইজৰ নামতে পৰ্বটো দুই-তিনি মাহ চলে৷ টিভি চেনেলবোৰেতো চাৰি-পাঁচ মাহেই চলায়৷ এতেকে, সাম্প্ৰতিক প্ৰেক্ষাপটত সাতবিহুৰ প্ৰাসংগিকতা প্ৰায় নোহোৱা হৈ পৰিছে৷ পুঁজিপতিৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা আজিৰ বিহুৰ ঠিকাদাৰসকলে বাপতিসাহোন বিহুটোক ব্যৱসায়িক মঞ্চলৈ ৰূপান্তৰিত কৰি পেলালে৷ বৰ্তমান বিহুৰ নামত গায়ক-গায়িকাৰ প্ৰতিযোগিতাৰ বাবে বহু সময়ত অসমীয়া কৃষ্টি-সংস্কৃতিও বিপদাপন্ন হৈ পৰিছে৷ কিছুদিনৰ পৰা প্ৰচাৰ বলিয়া কিছুমান পাবত গজা গীতিকাৰ-গায়কৰ দায়িত্বহীন শব্দ-শৃংখলাই জাতিটোক হতচকিত কৰি তুলিছে৷ প্ৰচাৰৰ নামত গীতিকাৰে ব্যৱহাৰ কৰা কিছুমান অৰ্থহীন শব্দই জাতিটোক লজ্জিত কৰি তোলাৰ লগতে সেই মুষ্টিমেয় গায়ক-গীতিকাৰচামৰ নিৰ্লজ্জ মানসিকতাৰ পৰিচয় কৰাই দিছে৷ শিল্পী বুলি নিজকে ক’ব খোজা এনে মুষ্টিমেয় গায়কচামে বাতৰিকাকতত পৃষ্ঠা ভৰাই যেতিয়া বিজ্ঞাপন দিয়ে, তেতিয়াই ভাব হয় এনে ব্যৱস্থাই সংস্কৃতিক বাণিজ্যিকীকৰণৰ লগতে বিকৃত কৰা নাইনে? সংস্কৃতিৰ আদান-প্ৰদানে সভ্যতাৰ উত্তৰণ ঘটায়, কিন্তু প্ৰচাৰমুখী মানসিকতাই চৰম বিপৰ্যয়ৰ সৃষ্টি কৰিব পাৰে৷ অৱশ্যে, এই বৰ্ষত অসম চৰকাৰে এইক্ষেত্ৰত কিছু ইতিবাচক পদক্ষেপ হাতত লৈছে৷ বিহুক বিশ্বজনীন কৰাৰ মানসিকতাৰে প্ৰধানমন্ত্ৰীৰ সন্মুখত বিহুৰ এক অভূতপূৰ্ব আয়োজন কৰিলে৷ ব’হাগৰ ভিতৰত বিহু শেষ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কঠোৰভাৱে ৰাইজক আহ্বান জনাইছে৷ চৰকাৰী পৃষ্ঠপোষকতাত সাত বিহু উদ্যাদ্ৰ পৰিকল্পনা কৰিছে৷ কিন্তু চৰকাৰে যিয়েই প্ৰচেষ্টা নলওক কিয় ব্যক্তি আৰু সমাজ যদি সচেতন আৰু আগ্ৰহী নহয়, বিহুক বিশ্বজনীন কৰাটো সহজ কথা নহয়৷ সেয়েহে বিহুৰ যদি উত্তৰণ ঘটাবলৈ মন আছে, অসমৰ শিল্পীসমাজে বিহুক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবলৈ যত্নপৰ হওক৷ প্ৰকৃত বিহুটোক বিকৃত কৰি ব্যৱসায়িক মুনাফা লুটাতকৈ তাৰ স্বকীয়তা অক্ষুণ্ণ ৰাখি সুন্দৰ কথা, সুৰ আৰু আধুনিক প্ৰযুক্তিৰ জৰিয়তে প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰক৷ বলীউডৰ লগত সঘনাই সম্পৰ্ক ৰক্ষা কৰা অসমীয়া মুষ্টিমেয় শিল্পীকইজনেও এইক্ষেত্ৰত বিশেষ আগভাগ লওক ৷






