Logo
image

চিয়াৰলীডাৰৰ পাৰিশ্ৰমিক

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অন্যতম আকৰ্ষণ চিয়াৰ লীডাৰসকল৷ প্ৰতিখন খেলতেই দেখা যায় দলৰ সমৰ্থনত তেওঁলোকে যৌৱনৰ বা বিলাই নৃত্য কৰা৷ ৰঙীন কাপোৰ পিন্ধি হাতত পমপম লৈ বেটাৰৰ প্ৰতিটো চাৰি-ছয় বা বলাৰৰ উইকেটৰ লগে লগে তেওঁলোকে নৃত্যৰে অধিক গৰম কৰি তোলে ষ্টেডিয়ামৰ পৰিৱেশ৷  এই চিয়াৰ লীডাৰসকলে আই পি এলত কিমান টকা লাভ কৰে জানেনে? বা আই পি এলত সকলোততৈ অধিক টকা লাভ কৰে কোন দলৰ চিয়াৰ লীডাৰে?
আই পি এলত চিয়াৰ লীডাৰে প্ৰতিখন খেলতে পাৰিশ্ৰমিক লাভ কৰে৷ লগতে দল জিকিলে বোনাছ হিচাপে তেওঁলোকক অধিক দিয়া হয়৷ চাও আহক কোন দলে চিয়াৰ লীডাৰক কিমান টকা দিয়ে–
- কলকাতা নাইট ৰাইডাৰ্ছ
আই পি এলত চিয়াৰ লীডাৰক সকলোতকৈ অধিক টকা দিয়ে কলকাতাই৷ প্ৰতিখন খেলৰ বাবে তেওঁলোকে ২৫ হাজাৰ টকা লাভ কৰে৷ 

- মুম্বাই ইণ্ডিয়ানছ
আই পি এলৰ পাঁচবাৰৰ চেম্পিয়ন ৰোহিত শৰ্মাৰ দৰে চিয়াৰ লীডাৰক প্ৰতিখন খেলত ২০ হাজাৰ টকা দিয়ে৷ 

- ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ
বিৰাট কোহলিৰ দলেও আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ দৰে  চিয়াৰ লীডাৰক প্ৰতিখন খেলত ২০ হাজাৰ টকা দিয়ে৷

- ৰাজস্থান ৰয়েলছ
ৰাজস্থান দলে কিছু কম টকা দিয়ে চিয়াৰ লীডাৰক৷ ৰাজস্থান ৰয়েলছৰ চিয়াৰ লীডাৰে প্ৰতিখন খেলত ১৫ হাজাৰ টকা দিয়ে৷ 

- লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ
আই পি এলত মাত্ৰ দ্বিতীয় ছীজনত খেলিছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে৷ এই দলৰ চিয়াৰ লীডাৰেও প্ৰতিখন খেলত ১৫ হাজাৰ টকা লাভ কৰে৷ 

- পঞ্জাব কিংছ
ওপৰৰ দল কেইটাতকৈ পঞ্জাব কিংছত চিয়াৰ লীডাৰক কম ধন দিয়া হয়৷ এই দলৰ চিয়াৰ লীডাৰে প্ৰতিখন খেলত লাভ কৰে ১২ হাজাৰকৈ টকা৷ 

- চেন্নাই ছুপাৰ কিংছ
 প্ৰতিখন খেলৰ বাৰে মহেন্দ্ৰ সিং ধোনিৰ দলে চিয়াৰ লীডাৰলৈ আগবঢ়ায় ১২ হাজাৰ টকা৷ 

- দিল্লী কেপিটেলছ
পঞ্জাব, চেন্নাইৰ দলে দিল্লী কেপিটেলছেও তেওঁলোৰক চিয়াৰ লীডাৰক ১২ হাজাৰ টকা দিয়ে প্ৰতিখন খেলত৷ 

- ছানৰাইজাৰ্ছ হায়দৰাবাবাদ 
ছানৰাইজাৰ্ছ হায়দৰাবাদেও চিয়াৰ লীডাৰক প্ৰতিখন খেলত ১২ হাজাৰ টকা দিয়ে৷ 

- গুজৰাট  টাইটানছ 
হাৰ্দিক পাণ্ডিয়া নেতৃত্বাধীন গুজৰাট  টাইটানছ আই পি এলৰ ডিফেণ্ডিং চেম্পিয়ন৷ এই দলৰ চিয়াৰ লীডাৰেও প্ৰতিখন খেলৰ বাবে  ১২ হাজাৰ টকা লাভ কৰে৷ 

উল্লেখ্য, জনতাৰ সন্মুখত নৃত্য আৰু মডেলিং কৰাৰ অভিজ্ঞতা থকাসকলে আই পি এলৰ  চিয়াৰ লীডাৰ হোৱাৰ অগ্ৰাধিকাৰ লাভ কৰে৷ আই পি এলৰ চিয়াৰ লীডাৰৰ লিখিত পৰীক্ষাতো অৱতীৰ্ণ হ’ব লগা হয়৷ লগতে তেওঁলোক এলানি সাক্ষাৎকাৰৰ সন্মুখীন হয়৷