Logo
image

দুটা বল, ৬০ লাখ টকা লোকচান

আমাৰ অসম,২৪ এপ্ৰিলঃ আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অন্তিম অভাৰৰ ৰোমাঞ্চকৰ যুঁজত শনিবাৰে জয়ী হয় পঞ্জাব কিংছ৷ খেলখনত দুটা ইনিংছ মিলাই সংগৃহীত হৈছিল ৪১৫ ৰান৷ খেলখনত বিশেষভাৱে চৰ্চিত হয় পঞ্জাবৰ পেচ বলাৰ অৰ্শদীপ সিঙৰ অন্তিম দুই অভাৰ৷ ২১৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভালদৰেই আগবাঢ়িছিল মুম্বাই  ইণ্ডিয়ানছ৷ কিন্তু অন্তিম দুটা অভাৰত ১১ ৰান দি তিনিটা উইকেট দখল কৰে অৰ্শদীপে৷ ১৮ সংখ্যক অভাৰ মেচৰ টাৰ্নিং পইণ্ট হৈ পৰে৷ অন্তিম তিনি অভাৰত মুম্বাই ইণ্ডিয়ানছক প্ৰয়োজন আছিল ৪০ ৰান৷ ক্ৰীজত সূৰ্যকুমাৰ যাদৱ আৰু টীম ডেভিদ৷ ১৮ সংখ্যক অভাৰ অৰ্শদীপৰ বলত ছয় মাৰি আৰম্ভ কৰিছিল টিম ডেভিদে৷ তাৰ পাছৰটো আছিল ডট বল৷ তৃতীয় বলত ছিংগল লৈ সূৰ্যক ষ্ট্ৰাইক দিয়ে টীমে৷ কিন্তু চতুৰ্থ বলটোত অৰ্থৱ টাইডৰ হাতত কেচ দি বিদায় লয় সূৰ্যকুমাৰে৷ এইটোৱে খেলৰ টাৰ্নিং পইণ্ট৷ অন্তিম অভাৰত মুম্বাইক প্ৰয়োজন আছিল ১৬ ৰান৷ এই অভাৰৰ তৃতীয় বলতেই তিলক বাৰ্মাক বল্ড কৰে অৰ্শদীপে৷ মিডল ষ্টাম্প দুটুকুৰা হৈ পৰে৷ স্বাভাৱিকতেই নতুন ষ্টাম্প আনিব লগা হয়৷ পাছৰ বলত ইম্পেক্ট প্লেয়াৰ হিচাপে নামে নেহাল ৱাডেৰা৷ তেওঁ কোনো ৰান নকৰাকৈ বিদায় লয়৷ এইবাৰো মিডল ষ্টাম্প দুটুকুৰা কৰে অৰ্শদীপে৷ ক্ৰমাগত দুটা বলত ষ্টাম্প দুটুকুৰা কৰি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে অৰ্শদীপে৷ উল্লেখ্য আই পি এলত ব্যৱহাৰ কৰা এলইডি ষ্টাম্প আৰু জিং বেলৰ এটা ছেটৰ দাম ভাৰতীয় মুদ্ৰাত প্ৰায় ৩০ লাখ টকা৷ অৰ্শদীপে ক্ৰমাগত দুটা উইকেট ভঙাত ক্ষতি হ’ল ৬০ লাখ টকা৷