Logo
image

সপ্তমবাৰ প্ৰথম বলত আউট কোহলি

আমাৰ অসম,২৪ এপ্ৰিলঃ ৰাজস্থান ৰয়েলছৰ  বিৰুদ্ধে দেওবাৰে অংশ লোৱা আই পি এলৰ মেচখনত প্ৰথম বলতেই নিৰাশাজনকভাৱে আউট হয় বিৰাট কোহলি৷ চলিত আই পি এলত প্ৰথমবাৰৰ বাবে তেওঁ এনেদৰে আউট হ’ল৷ সকলো মিলি আই পি এলত মুঠ সাতবাৰ প্ৰথম বলত আউট হ’ল আৰ চি বিৰ প্ৰাক্তন অধিনায়কজন৷ যোৱাবছৰ তিনিবাৰ তেওঁ প্ৰথম বলত আউট হৈছিল৷ আই পি এলত মুঠ ১০ বাৰ শূন্য ৰানত বিদায় ল’লে কোহলিয়ে৷ দেওবাৰে ঘৰুৱা খেলপথাৰত অনুৰাগীক নিৰাশ কৰি প্ৰথম বলতেই খেলপথাৰ এৰে খেলুৱৈজনে৷ বেয়া শ্বট খেলাৰ বাবেই কোহলি আউট হোৱা বুলি ক’ব পাৰি৷ ট্ৰেণ্ট বল্টৰ বলত এল বি ডব্লিউ হয় কোহলি৷   উল্লেখ্য প্ৰথম বলত আউট হোৱাৰ ক্ষেত্ৰত কোহলিৰ সৈতে ২৩ এপ্ৰিল দিনটো বিশেষভাৱে জড়িত হৈ আছে৷ দেওবাৰকে ধৰি ২৩ এপ্ৰিলত তিনিবাৰ প্ৰথম বলতে আউট হ’ল কোহলি৷ প্ৰথমবাৰ কে কে আৰৰ বিৰুদ্ধে ইডেনত প্ৰথম বলত আউট হৈছিল কোহলি৷ সেইবাৰ আৰ চি বি ৪৯ ৰানত অলআউট হৈ গৈছিল৷ যোৱা বছৰ ঘৰুৱা খেলপথাৰত হায়দৰাবাদৰ বিৰুদ্ধে  প্ৰথম বলত আউট হৈছিল কোহলি৷ এইবাৰ প্ৰথম বলত আউট হ’ল তেওঁ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে৷ যোৱাবাৰ হায়দৰাবাদৰ বিৰুদ্ধে দুখন মেচত প্ৰথম বলত আউট হৈছিল কোহলি৷ প্ৰথমবাৰ মাৰ্কো জানছেনৰ বলত দ্বিতীয়বাৰ জগদীশ সূচীতৰ বলত৷