Logo
image

বাৰ্ড ফ্লু ! মূৰ্গীৰ মাংস, কণী খোৱাটো কিমান নিৰাপদ

আমাৰ অসম বিশেষঃ  এতিয়া উৎসৱৰ বতৰ৷ আপুনি উৎসৱ উদ্‌যাপন কৰক৷ কিন্তু উৎসৱৰ নামত খোৱা লোৱাত অলপ সাৱধানে থাকিব৷ দেশৰ চৌদিশে এতিয়া বাৰ্ড ফ্লুৰ আতংক ৷ এনে এক সময়ত মূৰ্গীৰ মাংস আৰু কণী খোৱাটো কিমান নিৰাপদ? দেশৰ বিভিন্ন প্ৰান্তত বাৰ্ড ফ্লুত আক্ৰান্ত  হৈ মূৰ্গীকে ধৰি চৰাই-চিৰিকতিৰ মৃত্যু হৈছে৷ মৃত চৰাইৰ দেহত পোৱা গৈছে এইচ ৫ এন ১ ভাইৰাছ৷ এই ভাইৰাছত আক্ৰান্ত হোৱাৰ লগে লগে উশাহ-নিশাহ লোৱাত সমস্যাই দেখা দিয়ে আৰু পিছত মৃত্যুমুখত পৰে৷ মুহূৰ্তৰ ভিতৰতে এই ভাইৰাছ এটাৰ পৰা আনটোলৈ বিয়পি পৰে৷ ইপিনে, দেশৰ বিভিন্ন প্ৰান্তত বাৰ্ড ফ্লুত আক্ৰান্ত হৈ মূৰ্গী, পাৰ আৰু চৰাইৰ মৃত্যুত আতংক বৃদ্ধি পোৱাত কেন্দ্ৰীয় চৰকাৰে সতৰ্কতা জাৰি কৰিছে৷ বিভিন্ন ঠাইত কমিছে মূৰ্গীৰ মাংস আৰু কণীৰ দাম৷ এনে অৱস্থাত চিকিৎসকসকলে জনোৱা অনুসৰি, ভালকৈ ধুই আৰু সঠিককৈ ৰান্ধি খালে এনে ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কম৷ অৱশ্যে মূৰ্গীৰ মাংস ৰন্ধাৰ আগতে গৰম পানীৰে ভালকৈ ধুই ল’ব লাগে৷ কাৰণ গৰম পানীত ভাইৰাছ বেছি সময় সক্ৰিয় হৈ থাকিব নোৱাৰে৷  সেয়েহে যিয়ে মূৰ্গীৰ দোকানত কাম-কাজ কৰে বা মাংস বিক্ৰী কৰে তেওঁলোকে এই ক্ষেত্ৰত অধিক সতৰ্ক হ’ব লাগিব৷ কাৰণ মূৰ্গী আৰু হাঁহৰ ফাৰ্মৰ পৰা ৰোগৰ বিয়পি নাযায়, সংক্ৰমিত চৰাইৰ মাংসৰ পৰাহে বীজাণু সংক্ৰমিত হয়৷