Logo
image

কম বয়সত চুলি পকিছে নেকি! প্ৰতিৰোধৰ উপায় জানি লওঁক

আমাৰ অসম বিশেষঃ আমাৰ আশে-পাশে এনে কিছুমান লোক আছে যি সকলৰ অধিকাংশৰে কম বয়সত চুলি পকা আৰম্ভ কৰিছে৷ ছালৰ ভিটামিন আৰু মিনাৰেলৰ অভাৱত চুলি পকা আৰম্ভ হয়৷ কম বয়সত চুলি পকিলে বহুতেই অস্বস্তিত ভোগে, নষ্ট হয় সৌন্দৰ্য, সমবয়সৰ পৰা শুনিবলগীয়া হয় ঠাট্টা-মস্কৰা৷ চুলি পকাৰ সাময়িক সমাধানৰ বাবে বহুতেই কলপ ব্যৱহাৰ কৰে৷ কিন্তু  কলপ ব্যৱহাৰে মূৰৰ ছালৰ ক্ষতি কৰিব পাৰে৷ প্ৰাকৃতিক উপায়েৰে ঘৰতে থকা নানা উপাদানৰ জৰিয়তে এই চিকিৎসা  উপকৰণ প্ৰস্তুত কৰা সম্ভৱ৷ জানি লওক অকালতে চুলি পকা ৰোধ কৰাৰ কেইটামান উপায়৷

[১] বজাৰৰ পৰা আমলখিৰ গুড়ি আনি তাত নেমুৰ ৰস মিহলাই প্ৰতিদিনে এঘণ্টাকৈ মূৰৰ ছালত মেছেজ কৰক৷ তাৰ পিছত চেম্পুৰে মূৰ ধুলে ভাল ফল লাভ কৰিব৷

[২] পিয়াঁজ ভালকৈ বটি প্ৰতিদিনে কিছু সময় মূৰৰ ছাল আৰু চুলি মেছেজ কৰক আৰু চুলিত পিয়াঁজ বটা শুকাই ৩০ মিনিট পিছত ধুলে কিছুদিনৰ পিছতে পকা চুলি ক’লা হৈ যাব৷ সেয়েহে দ্ৰুত ফল লাভৰ বাবে অৱশ্যে প্ৰতিদিনে এবাৰকৈ এই ব্যৱস্থা অব্যাহত ৰাখক৷

[৩]প্ৰতিদিনে চাৰি চামুচকৈ নাৰিকলৰ তেল আৰু দুই চামুচ নেমুৰ ৰস মিহলাই চুলিৰ গুড়ি  আৰু মূৰৰ ছালত লগাওক৷ দুই সপ্তাহৰ ভিতৰত পকা চুলি ক’লা হৈ পৰিব৷

[৪] প্ৰতিদিনে এগিলাচকৈ গাজৰৰ ৰস পান কৰিলে সুফল পোৱা যায়৷

[৫] বাদাম তেলৰ সৈতে তিল গুড়ি কৰি পেষ্ট তৈয়াৰ কৰক৷ এই পেষ্টটো চুলি আৰু মূৰৰ ছালত লগাই বিশ-ত্ৰিশ সময় ৰাখি চেম্পুৰে ভালকৈ ধুই লওক৷

[৬]পুষ্টিহীনতা, টেনচন, অৱসাদ, টোপনি কম হোৱা আদিৰ কাৰণে কম বয়সতে চুলি পকিব পাৰে৷ সেয়েহে পৰ্যাপ্ত পৰিমাণে শুৱক, পুষ্টিকৰ শাক-পাচলি খাওক আৰু প্ৰচুৰ পৰিমাণে পানী খোৱাৰ ব্যৱস্থা কৰক৷