Logo
image

গহপুৰত অৰুণাচলীৰ পোষ্টাৰ, অসমীয়াক গাঁও এৰাৰ নিৰ্দেশ

আমাৰ অসম, গহপুৰ আৰু জামুগুৰিহাটৰ প্ৰতিবেদক, ১ মে': অসম আৰু অৰুণাচলৰ মাজত দীৰ্ঘদিনে চলি থকা ভূমি বিবাদ নিষ্পত্তি কৰিবলৈ দুই ৰাজ্যই পদক্ষেপ লোৱাৰ সময়তে অসমৰ মাটিত অৰুণাচলীয়ে নিশাই আঁৰিলে পোষ্টাৰ৷ গহপুৰত অসম-অৰুণাচল সীমান্তৰ পাঁচ কিলোমিটাৰ ভিতৰলৈ আহি অৰুণাচলীয়ে নিশাই পোষ্টাৰ আঁৰি দিয়ে৷ আনকি বছৰৰ পাছত বছৰ বাস কৰি থকা অসমীয়া লোকক অসমৰ মাটি খালি কৰি দিবলৈ এচিপিএফ নামৰ এটা সংগঠনে ভাবুকিও প্ৰদান কৰে৷ 

অৰুণাচলে ৰাজ্যৰ স্বীকৃতি লাভ কৰাৰ পাছৰে পৰাই চলি থকা সীমা সমস্যা অসম অৰুনাচলৰ মুখ্যমন্ত্ৰীদ্বয়ৰ উদ্যোগত কেন্দ্ৰীয় গৃহমন্ত্ৰী উপস্থিত সমাধানৰ বাবে অসম অৰুণাচল চৰকাৰৰ মাজত দিল্লীত চুক্তি স্বাক্ষৰিত হোৱাৰ কেইটামান দিন হোৱাৰ পাছতেই গহপুৰত অৰুণাচলীয়ে পোষ্টাৰিঙৰ দ্বাৰা অসমৰ মাটি শীঘ্ৰে এৰি দিবলৈ কাৰ্যতঃ ভাবুকি প্ৰদান কৰে অসমীয়াক৷ অসমৰ গহপুৰ মহকুমাৰ সীমান্তবৰ্তী অঞ্চলত পোষ্টাৰিং কৰি অসমৰ মাটি অৰুণাচলীক খালি দিবলৈ ভাবুকি দিয়ে যোৱা নিশা৷ জানিব পৰা মতে গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানা তথা হেলেম ৰাজহ চক্ৰৰ অন্তগত অসম অৰুণাচল সীমান্তবৰ্তী অতি স্পৰ্শকাতৰ অঞ্চল ডফলাগড়ৰ নলিনীবাৰী উত্তৰ কাৰিবিল, মঙ্গলবৰীয়া, গোশালাকে ধৰি কেইবাখনো গাঁৱৰ প্ৰায় ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথত যোৱা নিশা পোষ্টাৰ আঁৰি দিয়ে অৰুণাচলীয়ে৷ এবিপিএফ নামৰ অৰুণাচলৰএটা সংগঠনৰ নাম উল্লেখ থকা পোষ্টাৰসমূহ ডিটিপি কৰি লেমিনেচন কৰাৰ পাছত গাঁও কেইখনৰ বিভিন্ন গছ দোকান আদিত চকুত পৰাকৈ আঁৰি দিয়ে৷ পোষ্টাৰ সমূহত ইংৰাজী আখৰত ভঙা ভঙা হিন্দী অসমীয়া ভাষাত অৰু কা জেগা হয় জল্‌দী খালি কৰ’, ‘অসম পৰেষ্ট বিয়া কাম নাই কৰিবি’ আদি লিখি থোৱা আছে৷ সীমান্তৰ পৰা অসমৰ প্ৰায় প্ত কিলোমিটাৰ ভিতৰলৈকে সোমাই আহি একেনিশাই কৰা পোষ্টাৰিঙক লৈ বৃহত্তৰ অঞ্চলটোৰ অসমৰ বাসিন্দাৰ মাজত ব্যাপক আতংকৰ সৃষ্টি হৈছে৷ 

ডফলাগড়ৰ পৰা গোশালালৈ গহপুৰ মহকুমাৰ এই বৃহত্তৰ অঞ্চলটো বছৰ বছৰ ধৰি বসবাস কৰি অহা অসমীয়া ৰাইজৰ বহু সময়ত অৰুনাচলীয়ে নিদ্ৰাহৰণ কৰি আহিছে৷ উল্লেখ্য, গহপুৰ মহকুমাৰ হেলেমৰ উত্তৰ অঞ্চলৰ সীমান্তবৰ্তী এলেকাত বন্যহস্তী সংৰক্ষণৰ বাবে চিংলিজান নামৰ এখন বনাঞ্চল অসম চৰকাৰৰ বন বিভাগে প্ৰতিষ্ঠা কৰিছিল৷ ১৪০০ হেক্টৰ মাটিকালিৰে আগুৰি থকা বনাঞ্চলখন অৰুণাচলী লোকেক্ৰমাগতভাৱে প্ৰায়৭০/৮০ শতাংশ ভূমি দখল কৰি লয়৷ দখল কৰা অসমৰ উক্ত বনাঞ্চলৰ ভূমিত অৰুনাচলী লোকে বৰ্তমান চাহ খেতি ৰবৰ খেতি কৰি আছে৷ বনাঞ্চলখনৰ পৰা অৰুণাচলী দখলকাৰীক উচ্ছেদ কৰাত অসম চৰকাৰ সম্পূৰ্ণ ৰূপে ব্যৰ্থ হোৱাৰ বিপৰীতে যোৱা নিশা অসমৰ ভূমি নিজৰ বুলি দাবী কৰি শীঘ্ৰে সেই অঞ্চলৰ মাটি খালি কৰি দিবলৈ এবিপি এফ নামৰ সংগঠটোৱে ভাবুকি প্ৰদান কৰি আঁৰি দিয়া পোষ্টাৰে ৰাইজৰ মাজত উত্তেজনাৰ সৃষ্টি কৰে৷ যোৱা নিশা আঁৰি দিয়া পোষ্টাৰ সমূহ আজি পুৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি লগে লগে হেলেম আৰক্ষ ঘাঁহিগাৱ আৰক্ষী চকীৰ লগতে প্ৰশাসনক খৱৰ দিয়ে৷ পাছত হেলেম আৰু ঘাঁহিগাৱ আৰক্ষীয়ে উক্ত অঞ্চলটোত উপস্থিত হৈ পোষ্টাৰসমূহ জব্দ কৰে৷ প্ৰশাসনে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কোৱাৰ লগতে ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনায়৷ ইফালে, অসম আৰু অৰুণাচলৰ মাজত চলি থকা ভূমি বিবাদ দুয়োখন ৰাজ্যৰ মন্ত্ৰীৰ লগতে চৰকাৰী উচ্ছ পদস্থ বিষয়াৰ উপস্থিতিত আলোচনাৰ মাধ্যমেৰে মীমাংসা হোৱাৰ পথত আগবঢ়াৰ সময়তে নদুৱাৰৰ উত্তৰাঞ্চলত একাংশ আৰুণাচলী দুৰ্বিত্তই অসমৰ ভূমি দখল কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ নদুৱাৰ তথা চতিয়াৰ উত্তৰাঞ্চলৰ ঘিলাধাৰীত আৰুণাচলী দুৰ্বৃতই অসমৰ ভূমি দখল কৰি টঙি ঘৰ নিৰ্মাণ কৰাৰ লগতে সেই মাটিত লিচুকে ধৰি অন্যান্য গছৰ পুলি ৰোপণ কৰিছে৷ নদুৱাৰ ৰাজহ চক্ৰৰ এলেকাত এইদৰে অৰুণাচলী দুবৃৰ্তই অসমৰ ভূমি দখল কৰা স্থান পৰিদৰ্শন কৰে নদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে ডিপলোঙা বনাঞ্চলিক বিষয়া আৰু নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষ্মীকান্ত বৰাই৷ পৰিদৰ্শনৰ অন্তত পৰিদৰ্শনকাৰী দলটোৱে বিভাগীয় উৰ্ধতন কতৃৰ্পক্ষক আৰুণাচলী দুৰ্বিত্তই অসমৰ ভূমি দখল কৰাৰ সন্দৰ্ভত এক তথ্য সম্বলিত প্ৰতিবেদন দাখিল কৰিব বুলিও জানিবলৈ দিয়ে৷