Logo
image

এপাত চৰে তোলপাৰ লগাইছে শিৱসাগৰত

আমাৰ অসম, ১ মে':  এপাত চৰত তোলপাৰ শিৱসাগৰ৷ যুৱ-ছাত্ৰ পৰিষদৰ মাহমৰা আঞ্চলিকৰ সম্পাদক লক্ষ্মী দাস পানিকাৰক বৰ্বৰ আক্ৰমণ চলোৱা ঠিকাদাৰ নিৰ্মল ম’ৰৰ শিৱসাগৰৰ বাবুপট্টীস্থিত বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীৰ ওপৰত ম’ৰৰ পৰিয়ালে শিলাবৰ্ষণ কৰা আৰু কৰ্তব্যৰত এজন সাংবাদিক আহত হোৱাক লৈ সৃষ্টি হয় এক ভয়ংকৰ পৰিস্থিতিৰ৷ থলুৱা যুৱকক বৰ্বৰ অত্যাচাৰ চলোৱা বিতৰ্কিত ঠিকাদাৰ নিৰ্মল ম’ৰৰ বাসগৃহ ঘেৰাও কৰিবলৈ যোৱা যুৱ ছাত্ৰ কৰ্মীৰ ওপৰত ম’ৰৰ পৰিয়ালে চলোৱা শিলাবৰ্ষণত চৰিফুল আহমেদ নামৰ সংবাদকৰ্মীজন আহত হোৱাৰ পিছতেই সমগ্ৰ শিৱসাগৰ চহৰতেই সৃষ্টি হয় তুমুল উত্তেজনাময় পৰিস্থিতিৰ৷ 

বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ শ শ যুৱকে নিৰ্মল ম’ৰক গ্ৰেপ্তাৰ আৰু শিলাবৰ্ষণৰ লগত জড়িত ম’ৰৰ পৰিয়ালৰ সদস্যক গ্ৰেপ্তাৰৰ দাবীত বাবুপট্টী পথ অৱৰোধেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰাপ্ত বাতৰি মতে, চৰাইদেউ জিলাৰ কাকতিবাৰীত নিৰ্মীয়মান জলজীৱন মিছনৰ এক পানী যোগান আঁচনিত ব্যাপক অনিয়মৰ সন্দৰ্ভত যুৱ ছাত্ৰ পৰিষদৰ মাহমৰা আঞ্চলিকৰ সম্পাদক লক্ষ্মী দাস পানিকাৰৰ নেতৃত্বত যোৱা এটা দলে তিনি দিনৰ পূৰ্বে ঠিকাদাৰ নিৰ্মল ম’ৰক সেই বিসংগতি আৰু অনিয়মৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল৷ নিৰ্মলে সংবাদ মাধ্যমৰ কেমেৰাৰ পোনপটীয়া সম্প্ৰচাৰতেই যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক লক্ষ্মী দাস পানিকাক নিৰ্মম প্ৰহাৰ কৰিছিল৷ ঘটনাৰ সন্দৰ্ভত আহত লক্ষ্মী দাসে কাকতিবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও কাকতিবাৰী আৰক্ষীয়ে গুৰুতৰ অভিযোগক লঘু কৰি ৰাজ আতিথ্যৰে ঠিকাদাৰ নিৰ্মল ম’ৰেক আধা ঘণ্টাতেই থানাৰ পৰা জামিনত মুকলি কৰি দিছিল৷ 

ইফালে জাতীয় সংগঠনৰ নেতাক আক্ৰমণ চলোৱা নিৰ্মল ম’ৰক গ্ৰেপ্তাৰৰ দাবীত যুৱ ছাত্ৰ পৰিষদৰ লগতে কেইবাটাও জাতীয় সংগঠনৰ কৰ্মীয়ে নিৰ্মলৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আমোলাপট্টীৰ ব্যৱসায়িক প্ৰতিষ্ঠান-কাৰ্যালয় অনিদিষ্টকাললৈ চীল কৰি দিছিল৷ আন নালাগে উদণ্ড ঠিকাদাৰ নিৰ্মল ম’ৰক বিনাচৰ্তে শিৱ দ’লৰ সন্মুখত কাণত ধৰি আঁঠু কাঢ়ি অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিবলৈ সকীয়নি দিয়া বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক গৃহবন্দী কৰি ৰাখিছিল শিৱসাগৰ আৰক্ষীয়ে৷ যুৱ ছাত্ৰ পৰিষদ, অসমীয়া যুৱ মঞ্চ, বীৰ লাচিত সেনা, জাতীয় সংগ্ৰামী সেনা, ঐক্য সেনা অসমৰ লগতে একাধিক সংগঠনে বাৰম্বাৰ আৰক্ষী প্ৰশাসনক শীঘ্ৰে খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ চলোৱা অনা-অসমীয়া বিতৰ্কিত ঠিকাদাৰ নিৰ্মল ম’ৰক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছিল যদিও আৰক্ষী প্ৰশাসনে নিৰ্মল ম’ৰক গ্ৰেপ্তাৰৰ পৰিৱৰ্তে জাতীয় সংগঠনৰ নেতাৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছিল৷ আন নালাগে জাতীয় সংগঠনৰ দাবী- আহ্বানক তুচ্ছ-তাচিল্যৰে ম’বাইলৰ ভিডিঅ’যোগে অজ্ঞাত স্থানৰ পৰা ক্ষমাবিচৰা কাৰ্যত ক্ষোভিত হৈ পৰে যুৱ ছাত্ৰ পৰিষদ৷ যাৰ পৰিপ্ৰেক্ষিতত যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতি, চৰাইদেউ জিলা সমিতিৰ লগতে ভুক্তভোগী লক্ষ্মী দাস পানিকাই আজি বিয়লি পাঁচ বজাত ম’ৰৰ বাবুপট্টীৰ বাসগহৰ সন্মুখত প্ৰতিবাদ কৰোঁতেই পৰিয়ালৰ লোকে তৃতীয় মহলাৰ পৰা প্ৰতিবাদকাৰীক লক্ষ্য কৰি ছাদৰ পৰা শিলগুটি নিক্ষেপ কৰাৰ ফলতেই সংবাদকৰ্মী চৰিফুল আহমেদৰ মূৰ ফাটি ঘটনাস্থলিত পৰি যায়৷ লগে লগেই সতীৰ্থসকলে সংবাদকৰ্মীজনক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায়৷ 

আনহাতে ম’ৰৰ পৰিয়ালৰ এই বৰ্বৰ আক্ৰমণৰ পিছতেই শিৱসাগৰৰ গৰিষ্ঠসংখ্যক জাতীয় জনগোষ্ঠীয় সংগঠনৰ কৰ্মী উপস্থিত হয় নিৰ্মল ম’ৰৰ ঘৰৰ সন্মুখৰ বাবুপট্টী পথ অৱৰোধেৰে পৰিস্থিতি উত্তপ্ত কৰি তুলে৷ নিৰ্মল ম’ৰৰ গুণ্ডামী নচলিব, অসমীয়াৰ ওপৰত আক্ৰমণ চলোৱা নিৰ্মল ম’ৰক গ্ৰেপ্তাৰ কৰক, অসমত অনা-অসমীয়াৰ গুণ্ডামী নচলিব, অসম পুলিচ হায় হায় ধবনিৰে নিশাৰ শিৱসাগৰ উত্তপ্ত কৰি তোলে৷ ঘটনাৰ খবৰ পায়েই, সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড॰ দেৱজিত নাথ, নিৰাপত্তা বিভাগৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰিফ আহমেদ, সদৰ ভাৰপ্ৰাপ্ত বিষয় কুলেন্দ্ৰ কুমাৰ হুজুৰীৰ লগতে বিশাল আৰক্ষী বাহিনী উপস্থিত হয় প্ৰতিবাদকাৰীৰ সৈতে আলোচনাত মিলিত হয়৷ দীৰ্ঘসময় ধৰি পথ অৱৰোধৰ অন্তত অহা কাইলৈৰ দিনৰ ১২ বজাৰ ভিতৰত নিৰ্মল ম’ৰক গ্ৰেপ্তাৰৰ চূড়ান্ত সময়সীমা বান্ধি দি অৱৰোধ উঠাই লয়৷ অৱশ্যে অহা কাইলৈৰ দুপৰীয়া ১২ বজাৰ ভিতৰত যদিহে নিৰ্মলক গ্ৰেপ্তাৰত আৰক্ষী প্ৰশাসন ব্যৰ্থ হয় তেন্তে শিৱসাগৰৰ আটাইকেইটা প্ৰতিবাদত নমা সংগঠনে শিৱসাগৰ চৰাইদেউ জিলা বন্ধ ঘোষণা কৰিব বুলি স্পষ্ট কৰি দিয়ে৷ ইফালে সংবাদকৰ্মীৰ ওপৰত নিৰ্মল ম’ৰৰ পৰিয়ালে চলোৱা আক্ৰমণৰ বিৰুদ্ধে আহত সাংবাদিক চৰিফুল আহমেদ স্বাক্ষৰিত এখন এজাহাৰ সদৰ আৰক্ষী থানাত দাখিল কৰিছে৷ ঠিকাদাৰ নিৰ্মল ম’ৰৰ পৰিয়ালৰ শিলাবৰ্ষণত কৰ্তব্যৰত সাংবাদিক আহত হোৱা কাৰ্যত তীব্ৰ ভাষাৰে গৰিহণা দিছে আছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক সমীৰণ ফুকন, অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সভাপতি যাদৱ গগৈ, আটাছুৰ কেন্দ্ৰীয় উপ-সভাপতি বসন্ত গগৈ, অসমীয়া যুৱ মঞ্চৰ সভাপতি বিষ্ণু শইকীয়া, সংগ্ৰামী সেনাৰ সভাপতি চিতু বৰুৱাকে আদি কৰি শিৱসাগৰৰ বহু দল-সংগঠনে উচিত বিচাৰৰ দাবী জনায়৷ শেহতীয়া বাতৰি মতে, দোষীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত নিশাই জিলা আৰক্ষী অধীক্ষকক জিলা সাংবাদিক সংস্থা আৰু ই-মিডিয়া সংস্থা, ৱেৱ মিডিয়া এছ’চিয়েশ্বনে স্মাৰক-পত্ৰ প্ৰদান কৰিছে৷