Logo
image

সুৰাসক্ত, মেদবহুল ৩০০ আৰক্ষীক স্বেচ্ছা-অৱসৰৰ যো-জা

আমাৰ অসম, ১ মে': অসম আৰক্ষী আৰু সুৰা! একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলি বদনাম আছে যদিও এতিয়া যেন স্মাৰ্ট অসম আৰক্ষীৰ গাৰ সেই কলংকৰ দাগ আঁতৰ হ’ব৷ কৰ্তব্যৰত অৱস্থাত আৰক্ষী বিষয়া-জোৱানক সুৰাসক্ত অৱস্থাত আৰু দেখা নাপাব৷ কিয়নো মদাহী আৰক্ষীক নাকী লগোৱাৰ বাবে এইবাৰ সাজুহৈছে ৰাজ্য চৰকাৰ৷ কামৰ সময়তো পুৱাৰ পৰা নিশালৈ মদতে ডুব গৈ থকা আৰক্ষীৰ বিষয়া-জোৱানক স্বেচ্ছামূলক অৱসৰ অৰ্থাৎ ভি আৰ এছ দিয়াৰ পৰিকল্পনা কৰিছে গৃহ বিভাগে৷ মদ খাই খাই শৰীৰ অৱশ হৈ পৰাৰ লগতে ফিটনেছ নথকা মেদবহুল বিষয়া-জোৱানক বাছি উলিয়াইছে গৃহ বিভাগে৷ স্মাৰ্ট অসম আৰক্ষী বাহিনীৰ এনে প্ৰায় ৩০০ সুৰাপায়ীক প্ৰথম পৰ্যায়ত বাধ্যতামূলক অৱসৰ দিব বিভাগীয় কতৃৰ্পক্ষই৷ 

বহি বহি খাই খাই পেট ডাঙৰ হৈ পৰা এইসকলক মদাহী আৰক্ষীক শীঘ্ৰে ভি আৰ এছ দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে৷ ‘ফিটনেছ’ বিহীন আৰক্ষীক বাধ্যতামূলক অৱসৰ দিয়াৰ চৰকাৰী নিয়ম আছে যদিও এইবাৰৰ পৰাহে অসম চৰকাৰে এই নিয়ম কাৰ্যকৰী কৰিবলৈ লোৱা বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰিছে৷ এই সন্দৰ্ভত দেওবাৰে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়–‘অসম আৰক্ষীত ৩০০ এনে বিষয়া-জোৱান আছে যিয়ে মদকে খাই থাকে৷ মদে তেওঁলোকৰ শৰীৰটো একেবাৰে কাম নকৰা অৱশ শৰীৰলৈ ৰূপান্তৰ কৰিছে৷ চৰকাৰৰ এটা নিয়ম আছে, য’ত তেওঁলোক ভি আৰ এছত যাব আৰু সম্পূৰ্ণ দৰমহাও লাভ কৰি থাকিব৷ নতুন ল’ৰা-ছোৱালীয়ে তেওঁৰ ঠাইত চাকৰিত সোমাব পাৰিব৷ এইটো এটা পৰম্পৰা আৰু চৰকাৰত সেইটো নিয়মেই হয়৷ পূৰ্বতে আমাৰ ইয়াত এই নিয়ম কাৰ্যকৰী কৰা হোৱা নাছিল যদিও এতিয়া ৩০০ আৰক্ষী বিষয়া-জোৱানৰ ভি আৰ এছৰ কামত আগবাঢ়িছো৷’