Logo
image

অৰুণাচলত মুষলধাৰ বৰষুণ নামনি সোৱণশিৰিত প্ৰলয়

আমাৰ অসম, ৩মে': গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্য়ুৎ প্ৰকল্পক বিপৰ্যয়ে লগ এৰা নাই৷ বিগত এপ্ৰিল মাহত সোৱণশিৰি নদীয়ে প্ৰকল্পটোৰ মূল বান্ধৰ গাতে লাগি থকা গেৰুকামুখৰ বাঁও পাৰৰ পাহাৰ খহাই প্ৰকল্পটো বিস্তৰ ক্ষতি কৰাৰ পাছত আজি পুনৰ বান্ধটোৰ গাতে লাগি থকা পাহাৰ খহাই নিয়া ঘটনাই প্ৰকল্পটোত  কৰ্মৰত শ্ৰমিকসকলক আতংকিত কৰি তুলিছে৷ ঘটনাৰ বিৱৰণি মতে বিগত এপ্ৰিল মাহৰ আৰম্ভণিতে এন এইচ পি চিৰ অধীনৰ ঠিকাদাৰী নিৰ্মাতা সংস্থা ছ’মা এণ্টাৰপ্ৰাইজে প্ৰকল্পটোৰ মূল বান্ধলৈ অহা-যোৱা কৰা পথটো সোৱণশিৰি নদীয়ে খহাই টুকুৰা-টুকুৰ কৰাৰ লগতে পাহাৰৰ বহু অংশ খহাই প্ৰকল্প নিৰ্মাণত তীব্ৰ বাধাৰ সৃষ্টি কৰিছিল আৰু বহু দিনলৈ প্ৰকল্প নিৰ্মাণকাৰ্য স্থবিৰ হৈ পৰিছিল৷  ছ’মা এণ্টাৰপ্ৰাইজে সোৱণশিৰি নদীয়ে টুকুৰা-টুকুৰ কৰা উক্ত পথচোৱাৰ কাষতে পাহাৰ কাটি আন এক বিশাল পথ বহু প্ৰচেষ্টাৰ পাছত পুনৰ নিৰ্মাণ কৰি উলিয়াইছিল৷ কিন্তু পথটো সোৱণশিৰি নদীয়ে আজি পুনৰ দুটুকুৰা কৰে৷ তদুপৰি গেৰুকামুখ পাহাৰৰ বাওঁপাৰে ভয়ানক ৰূপত ভূমি…লন হ’বলৈ আৰম্ভ কৰিছে৷ স্থানীয় শ্ৰমিকসকলৰ মতে কালি মাজনিশাৰ পৰাই গেৰুকামুখ পাহাৰত তীব্ৰ ভূমি…লন আৰম্ভ হৈছিল আৰু আজি পুৱাৰ ভাগৰ পৰা উক্ত খহনীয়া অধিক ভয়ংকৰ হৈ উঠে৷ এই ভূমি…লনত কোনো লোক হতাহত হোৱাৰ খবৰ অহা নাই যদিও ছ’মা এণ্টাৰপ্ৰাইজৰ বান্ধ নিৰ্মাণত স্থবিৰতা নামি আহিছে৷  উল্লেখনীয় যে, সমগ্ৰ উত্তৰ অসমৰ লগতে অৰুণাচল প্ৰদেশৰ আদি পাহাৰত বিগত কেইবাদিন ধৰি এৰাধৰাকৈ বৃষ্টিপাত হৈ আছে৷ অৰুণাচল প্ৰদেশত হোৱা মুষলধাৰ বৰষুণৰ বাবেই সোৱণশিৰি নৈ ওফন্দি উঠিছে৷ সোৱণশিৰিৰ পানীয়ে এন এইচ পি চিয়ে নিৰ্মাণ কৰি থকা নামনি সোৱণশিৰি জলবিদ্য়ুৎ প্ৰকল্পটোৰ লগতে গেৰুকামুখ পাহাৰৰ সোঁ-বাঁওপাৰে তীব্ৰ হেঁচাৰ সৃষ্টি কৰে আৰু এনে হেঁচাৰ বাবে ছ’মা এণ্টাৰপ্ৰাইজে নিৰ্মাণ কৰা প্ৰকল্পটোলৈ অহা-যোৱা কৰা পথটো পুনৰ দুটুকুৰা কৰে৷ এই বাতৰি যুগুত কৰা পৰলৈকে প্ৰকল্পটোৰ গাতে লাগি থকা গেৰুকামুখ পাহাৰৰ বাওঁ পাৰত অবিৰতভাৱে ভয়ংকৰ ৰূপত পাহাৰ খহিয়ে আছে৷ জানিব পৰা মতে প্ৰকল্পটো সংঘটিত দুৰ্যোগৰ বাবে তাত কৰ্মৰত শ্ৰমিকসকলক আজি কামৰ পৰা অব্যাহতি দিয়াৰ লগতে মূল বান্ধৰ নিৰ্মাণৰত সকলোবোৰ সামগ্ৰী নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে এন এইচ পি চিয়ে৷ তাৎপৰ্যপূৰ্ণ যে নামনি সোৱণশিৰি জলবিদ্য়ুৎ প্ৰকল্প নিৰ্মাতা সংস্থাই প্ৰকল্পটোৰ পৰা জুন-জুলাই অথবা আগষ্ট মাহৰ ভিতৰত বিদ্য়ুৎ উৎপাদনৰ লক্ষ্য বান্ধি লৈছে যদিও সোৱণশিৰি নদী আৰু সোৱণশিৰি উপত্যকাৰ সঘন পৰিৱেশ পৰিবৰ্তনে এন এইচ পি চিৰ এই লক্ষ্যপ্ৰাপ্তিত প্ৰবল বাধাৰ সৃষ্টি কৰিছে৷