Logo
image

আজব কাণ্ড! শিক্ষাবৰ্ষ আৰম্ভৰ পাছত পাঠ্যক্ৰম সলনিৰ জাননী

আমাৰ অসম, ৩মে':  অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদত ঘটিছে আজব ঘটনা৷ এই ঘটনা সংঘটিত কৰিছে স্বয়ং শিক্ষা সংসদে৷ শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ প্ৰায় এমাহ পাছত অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদে উচ্ছতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ পাঠ্যক্ৰম সলনি হ’ব বুলি ঘোষণা কৰিছে৷ এই সন্দৰ্ভত শিক্ষা সংসদৰ সচিবে ২৭ এপ্ৰিলত জাৰি কৰা জাননীত [NO. AHSEC/ACA/CIR/১৪৪/৯৯/৪৩০] উল্লেখ কৰা মতে, মুঠ ১৪টা বিষয়ৰ পাঠ্যক্ৰম সলনি কৰাৰ দিহা কৰিছে অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদে৷ সেইমৰ্মে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, জীৱ বিজ্ঞান, ব্যৱসায় অধ্যয়ন, ভূগোল, সমাজতত্ত্ব, অৰ্থনীতি বিজ্ঞান, একাউণ্টেন্সী, মনোবিজ্ঞান, ৰাজনীতি বিজ্ঞান, বিকল্প ইংৰাজী, ফাইনেঞ্চ আৰু নৃতত্ত্বৰ পাঠ্যক্ৰম সলনি কৰাৰ দিহা কৰা হৈছে বুলি ঘোষণা কৰে উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদে৷ ইয়াৰে বিকল্প ইংৰাজী, ফাইনেঞ্চ আৰু নৃতত্ত্বৰ পাঠ্যক্ৰম কেৱল উচ্ছতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰহে সলনি হ’ব৷ বাকী ১১টা বিষয়ৰ পাঠ্যক্ৰম উচ্ছতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় দুয়োটা বৰ্ষতে সলনি কৰাৰ দিহা কৰা হৈছে৷ এই জাননীখন ইতিমধ্যে সকলো উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আৰু সমপৰ্যায়ৰ শিক্ষানুষ্ঠানৰ পঞ্জীয়কলৈ প্ৰেৰণ কৰা হৈছে উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা৷ জাননীত উল্লেখ কৰা মতে, নতুন পাঠ্যক্ৰম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ ৱেবছাইটত ‘নিৰ্দিষ্ট সময়’ত উপলব্ধ হ’ব৷ শিক্ষা সংসদৰ সচিবে জাৰি কৰা এই নিৰ্দেশৰ প্ৰতিলিপি প্ৰেৰণ কৰা হৈছে শিক্ষা সংসদৰ অধ্যক্ষৰ উপৰি সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক, শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক, শিক্ষানুষ্ঠানসমূহৰ মুৰব্বী, শিক্ষা সংসদৰ শৈক্ষিক উপ-সচিব, উপ-পৰীক্ষা নিয়ন্ত্ৰক, শিক্ষা সংসদৰ সকলো বিষয়া আৰু শৈক্ষিক অধীক্ষকলৈ৷ শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ প্ৰায় এমাহৰ পাছত উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদে পাঠ্যক্ৰম সলনি কৰাৰ দিহা কৰাৰ কথা ঘোষণা কৰা কাৰ্যই সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলক বিভ্ৰান্ত, ক্ষুব্ধ আৰু শংকিত কৰিছে৷ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতক লৈ উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদে হেতালি খেলাৰ অধিকাৰ ক’ত পালে বুলিও প্ৰশ্ন উত্থাপিত হৈছে৷ উল্লেখ্য, ১ এপ্ৰিলত শিক্ষাবৰ্ষ আৰম্ভ হয় আৰু ৩১ মাৰ্চত শেষ হয়৷ সেইমতে এইবাৰো ৰ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে ২০২৩-২৪ শিক্ষাবৰ্ষ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা নকৰাৰ সূত্ৰে চৰকাৰী শিক্ষানুষ্ঠানসমূহত উচ্ছতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পাঠদান আৰম্ভ হোৱা নাই যদিও ব্যক্তিগত খণ্ডৰ অধিকাংশ বিদ্যালয়তে ইতিমধ্যে পূৰ্ণগতিত উচ্ছতৰ মাধ্যমিক প্ৰথম শ্ৰেণীৰ পাঠদান অব্যাহত আছে৷ নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ ২৭ দিন পাছত শিক্ষা সংসদে ছাত্ৰ-ছাত্ৰীৰ মূৰত মাধমাৰ শোধাই কিয় পাঠ্যক্ৰম সলনিৰ ঘোষণা কৰিলে, সেয়া দুৰ্বোধ্য সাঁথৰ হৈ পৰিছে৷ ইফালে, ১ এপ্ৰিলৰ পৰা ছেগা-চোৰোকাকৈ উচ্ছতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ শ্ৰেণী আৰম্ভ হয় যদিও অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ আভ্যন্তৰীণ শৈক্ষিক দিনপঞ্জী অনুসৰি ২ মে’ৰ পৰা পূৰ্ণাংগ ৰূপত উচ্ছতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পাঠদান আৰম্ভ হ’ব লাগে৷ ছেগা-চোৰোকাকৈ পাঠদান আৰম্ভ হোৱাৰ ২৭ দিনৰ পাছত আৰু পূৰ্ণাংগ ৰূপত পাঠদান আৰম্ভ হোৱাৰ ৫ দিন আগত উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদে পাঠ্যক্ৰম সলনিৰ কথা ঘোষণা কৰাৰ লগে লগে শিক্ষানুষ্ঠানসমূহত হাহাকাৰ লাগিছে৷ ২ মে’পৰ্যন্ত পাঠ্যক্ৰম সলনিৰ বিষয়ে সবিশেষ ঘোষণা কৰা নাই শিক্ষা সংসদে৷ পাঠ্যক্ৰম সলনি কৰিলেই কামটো সম্পূৰ্ণ নহয়, পৰৱৰ্তী পৰ্যায়ত আহিব পাঠ্যপুথি প্ৰস্তুতকৰণ আৰু বিতৰণৰ কাম৷ তাৰ পূৰ্বে শিক্ষানুষ্ঠানসমূহৰ পৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাকে ধৰি বিভিন্ন তথ্য সংগ্ৰহ কৰিব লাগিব শিক্ষা সংসদে৷ এইবোৰ কাম সম্পূৰ্ণ কৰিবলৈ বেছ কিছু সময়ৰ প্ৰয়োজন হয়৷ ২ মে’পৰ্যন্ত এই কাম আৰম্ভই হোৱা নাই৷ ৩ বা ৪ মে’ত কাম আৰম্ভ হ’লেও গোটেই প্ৰক্ৰিয়াটো শেষ হ’বলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ’ব৷ এই সময়খিনিত পাঠ্যপুথিৰ অভাৱত বা পাঠ্যপুথি নিৰ্দিষ্ট নোহোৱাৰ কাৰণে পাঠ গ্ৰহণৰ পৰা বঞ্চিত হ’ব ছাত্ৰ-ছাত্ৰীসকল৷ সেই সময়ছোৱাত কেন্দ্ৰীয় ব’ৰ্ডৰ ছাত্ৰ-ছাত্ৰীসকলে নিৰ্বিঘ্নে শিক্ষাগ্ৰহণ কৰি থাকিব৷ ব্যক্তিগত খণ্ডৰ অভিজাত বিদ্যালয়সমূহে নিজৰ সমস্যা নিজেই সমাধান কৰিব৷ কিন্তু সমস্যাৰ মেটমৰা বোজাৰে ভাৰাক্ৰান্ত চৰকাৰী বিদ্যালয়সমূহে কি কৰিব? নক’লেও হ’ব যে উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ এই বাতুলামিৰ প্ৰধান চিকাৰ হ’ব চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল৷ পাঠ্যক্ৰম পুনৰীক্ষণ কৰা বা নতুনকৈ প্ৰস্তুত কৰা ইত্যাদি কাম শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বেই সম্পূৰ্ণ হ’ব লাগে৷ দুগ্ধপোষ্য শিশুৱেও জনা এই সৰু কথাটো উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদে কিয় নাজানে? নে চৰকাৰী শিক্ষা ব’ৰ্ডক ক্ৰমশঃ দুৰ্বল কৰি এসময়ত নাইকিয়া কৰিবৰ বাবে এটা শক্তিশালী চক্ৰই দীৰ্ঘদিনে অব্যাহত ৰখা ষড়যন্ত্ৰৰ এয়া অংশমাত্ৰ? ছেবা আৰু শিক্ষা সংসদ ধবংসৰ দিশে আগবঢ়াৰ দিশত দুয়োটা ৰাজ্যিক শিক্ষা ব’ৰ্ডৰ শীৰ্ষস্থানীয় বিষয়াবৰ্গৰ কৰিবলগীয়া একোৱেই নাই নেকি? শিক্ষা বিভাগৰ ব্যৰ্থতাৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ সংগঠনসমূহক ঠাট্টা-মস্কৰা কৰি সময়ৰ অপব্যয় কৰা শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এইবোৰৰ খবৰ ৰাখিছেনে? মেট্ৰিক আৰু উচ্ছতৰ মাধ্যমিকৰ পৰীক্ষা কোন তাৰিখৰ পৰা আৰম্ভ হ’ব সেয়াপৰ্যন্ত ঘোষণা কৰা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই এইবোৰ কথা জানেনে? এনেধৰণৰ হাজাৰটা প্ৰশ্নৰ উত্তৰতে নিৰ্ভৰ কৰিছে অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ ভৱিষ্যৎ৷