Logo
image

কংগ্ৰেছ নেতাৰ ভাতৃৰ গৃহত তালাচীঃ গছৰ পৰা ওলাল কোটি টকা

ডিজিটেল ডেস্কঃ এজোপা গছৰ পৰা ওলাইছে কোটি কোটি টকা৷ গছৰ ডালৰ পৰা উদ্ধাৰ কৰা হৈছে এক কোটি টকা৷ অবিশ্বাস্য লাগিলেও এই খবৰ সঁচা৷ কিয়নো এয়া কোনো সাধাৰণ মানুহৰ ঘৰত থকা গছত নহয়, বৰঞ্চ নেতাৰ ঘৰত থকা গছৰ পৰাহে ওলাইছে এক কোটি টকা৷

বুধবাৰে কৰ্ণাটকৰ এজন কংগ্ৰেছ নেতাৰ ভাতৃৰ গৃহত আয়কৰ বিভাগে অভিযান চলাই৷ অভিযানত গছত লুকুৱাই থোৱা ১ কোটি টকা জব্দ কৰে আয়কৰ বিভাগে৷ আয়কৰ বিভাগে মাইচুৰুত কৰ্ণাটকৰ কংগ্ৰেছ নেতা অশোক কুমাৰ ৰায়ৰ ভাতৃ সুব্ৰমনিয়াম ৰায়ৰ ঘৰত তালাচী চলাইছিল। উল্লেখ্য যে কৰ্ণাটক বিধানসভা নিৰ্বাচনত পুত্তুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী অশোক কুমাৰ ৰায়। 

কৰ্ণাটক আৰক্ষীয়ে বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যজুৰি অভিযান অব্যাহত ৰাখিছে। সুব্ৰমনিয়াম ৰয়ৰ বাসগৃহত আয়কৰ বিভাগে চলোৱা অভিযানৰ এটা ভিডিঅ' পোহৰলৈ আহিছে। ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে যে টকা ভৰ্তি এটা বাকচ এজোপা গছৰ ডালিত লুকুৱাই ৰখা হৈছিল৷ গছৰ ডালিত  লুকুৱাই ৰখা বাকচটোৰ পৰা এই বৃহৎ পৰিমাণৰ ধন জব্দ কৰিছে আয়কৰ বিভাগে৷

উল্লেখ্য যে  নিৰ্বাচনমুখী ৰাজ্যখনত আদৰ্শ আচৰণ বিধি কাৰ্যকৰী হোৱাৰ পিছত বিভিন্ন অনুসন্ধানকাৰী সংস্থাই এইপৰ্যন্ত নগদ ১১০ কোটি টকা জব্দ কৰিছে। কৰ্ণাটকৰ মুখ্য নিৰ্বাচনী বিষয়াৰ মতে, অবৈধ টকা উদ্ধাৰৰ সন্দৰ্ভত ২,৩৪৬ খন এজাহাৰ দাখিল কৰা হৈছে। ১০ মে'ত অনুষ্ঠিত হ'ব কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন আৰু ১৩ মে'ত ফলাফল ঘোষণা কৰা হ'ব।