Logo
image

ৰূপম বৰুৱালৈ ‘দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা’ : ‘আমাৰ অসম’ৰ জ্যেষ্ঠ সাংবাদিক সাম্য ভৰদ্বাজসহ অসমৰ তিনিগৰাকী সাংবাদিকলৈ বিশেষ সম্বৰ্ধনা

আমাৰ অসম, ৩ মে’: দেশ তথা সমাজৰ প্ৰতিকুল পৰিস্থিতিত ৰাইজক সজাগ আৰু সতৰ্ক কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সংবাদ মাধ্যমে৷ বিশ্বৰ প্ৰথমজন সাংবাদিক দেৱৰ্ষি নাৰদ মহাপ্ৰভুৱেও সমাজক সজাগ সচেতন কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল৷ এনে এক ভাবাদৰ্শৰে বিশ্ব সংবাদ কেন্দ্ৰ, অসমে প্ৰতিবছৰে দেৱৰ্ষি নাৰদ জয়ন্তী উদযাপন কৰি এক বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে এগৰাকী বিশিষ্ট সাংবাদিকক দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা দুই-চাৰি গৰাকী সাংবাদিকক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে৷ এই উদ্দেশ্য আগত ৰাখি এইবেলি দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা-২০২২ বৰ্ষৰ বাবে নিৰ্বাচিত হয় জ্যেষ্ঠ সাংবাদিক তথা সফুঁৰাৰ সম্পাদক ৰূপম বৰুৱা৷ আনহাতে, নাৰদ জয়ন্তী উপলক্ষে অসমৰ তিনিগৰাকী সাংবাদিকক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰাৰ কথা ঘোষণা কৰিছে বিশ্ব সংবাদ কেন্দ্ৰ, অসমৰ সম্পাদক কিশোৰ শিৱমে৷ এক প্ৰেছ বাৰ্তা যোগে বিশ্ব সংবাদ কেন্দ্ৰ, অসমৰ সম্পাদক কিশোৰ শিৱমে জানিবলৈ দিয়া অনুসৰি, দেৱৰ্ষি নাৰদ জয়ন্তী উপলক্ষে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিবলগীয়া তিনিগৰাকী সাংবাদিক ক্ৰমে, ‘দৈনিক অসম’ কাকতৰ চীফ ৰিপ’ৰ্টাৰ জিতেন্দ্ৰ কুমাৰ চৌধুৰী, ‘আমাৰ অসম’ কাকতৰ চীফ ৰিপ’ৰ্টাৰ সাম্য ভৰদ্বাজ আৰু গুৱাহাটী দূৰদৰ্শনৰ জ্যেষ্ঠ ষ্টাফ ৰিপ’ৰ্টাৰ শেৱালি কলিতা৷ আনহাতে, দেৱৰ্ষি নাৰদৰ জয়ন্তী উপলক্ষে প্ৰতি বছৰৰ দৰে এইবেলিও বিশ্ব সংবাদ কেন্দ্ৰ, অসমৰ উদ্যোগত ৬ মে’ত আবেলি ৪ বজাত গুৱাহাটীৰ বৰবৰীস্থ সুদৰ্শনালয়ত আয়োজন কৰা হৈছে এক বক্তৃতানুষ্ঠান৷ উক্ত অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকিব ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় সহঃপ্ৰচাৰ প্ৰমুখ নৰেন্দ্ৰ কুমাৰ৷ উক্ত অনুষ্ঠানতে দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা-২০২৩ প্ৰদান কৰাৰ লগতে আন তিনিগৰাকী সাংবাদিকক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব৷ উল্লেখ্য, দেৱৰ্ষি নাৰদ জয়ন্তী বঁটাত নগদ ধনৰ লগতে মানপত্ৰ প্ৰদান কৰা হ’ব বুলি বিশ্ব সংবাদ কেন্দ্ৰ, অসমৰ সম্পাদকজনে জানিবলৈ দিয়ে৷