Logo
image

দেৰগাঁৱত বিজেপি নেতাক গ্ৰেপ্তাৰৰ দাবীত মহিলাৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, দেৰগাঁওঃ বিজেপি পালিনেতাই অলপতে এখন ৰাজহুৱা সভাত এগৰাকী মহিলাক প্ৰহাৰ কৰা ঘটনাই উত্তপ্ত কৰি ৰাখিছে সমগ্ৰ দেৰগাঁও। এই ঘটনাৰ অভিযুক্ত পুলক ভৰালীক গ্ৰেপ্তাৰৰ দাবীৰ বুধবাৰে বিয়লি প্ৰতিবাদত সাব্যস্ত কৰে আহিল অগণন মহিলাই। 

দেৰগাঁও আৰক্ষীয়ে পুলক ভৰালীক গ্ৰেপ্তাৰৰ পৰিৱৰ্তে বিজেপিৰ হেঁচাত ৰক্ষণাবেক্ষণৰ অভিযোগ প্ৰতিবাদী মহিলা। তাৎপৰ্যজনকভাৱে গোচৰ ৰুজু কৰাৰ পৰিৱৰ্তে অভিযোগকাৰীক গোচৰটো উঠাই ল'বলৈ দেৰগাঁও আৰক্ষীয়ে হেঁচা দিয়াৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী মহিলাসকলে।  

খকন্দগুৰিৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ শ শ মহিলাই হাতে হাতে প্লে' কাৰ্ড লৈ কৰে প্ৰতিবাদী সমদল কৰি আহি অৱস্থান গ্ৰহণ কৰে দেৰগাঁও থানাৰ সন্মুখত। থানাৰ সন্মুখতে বিভিন্ন শ্ল'গানেৰে উত্তপ্ত কৰি তোলে পৰিৱেশ। সমান্তৰালভাৱে সমগ্ৰ বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ আহ্বান জনায় প্ৰতিবাদকাৰীসকলে৷ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াক বিতৰ্কিত নেতাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে মহিলাসকলে। পুলক ভঁৰালীক গ্ৰেপ্তাৰ নকৰিলে অনাগত দিনত ইয়াতকৈও অধিক প্ৰতিাবাদী কাৰ্যসূচীৰ হুংকাৰ প্ৰতিবাদকাৰী মহিলাসকলৰ।