Logo
image

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ৰঙালী বিহু উদযাপন

ডিজিটেল সংবাদ, গুৱাহাটীঃ  প্ৰতি বছৰৰ দৰে এইবাৰো গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ চৌহদত দিনজোৰা কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয়। বুধবাৰে পুৱা ৯ বজাত গুৱাাটীস্থিত কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষ কল্যাণ চৌধুৰীয়ে পতাকা উত্তোলন কৰি কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে চিৰা-পিঠা-দৈৰে আবাসীসকলৰ বাবে পূৱাৰ জলপানৰ ব্যৱস্থা কৰা হয় । দিনৰ ১১ বজাত অসম চৰকাৰৰ কাৰাগাৰসমূহৰ মহা পৰিদৰ্শক পূৱালি গোহাঁয়ে  সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰে। সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কাৰাগাৰসমূহৰ উপ-মহাপৰিদৰ্শক দিলীপ শইকীয়া, অসম চৰকাৰৰ গৃহ সচিব অনিমেষ তালুকদাৰ, বিশিষ্ট নাট্যকাৰ মানিক বৰা, কামৰূপ মহানগৰ জিলাৰ আইন সেৱা প্ৰধিকাৰীৰ সচিব সুজাতা দত্ত। 

অনুষ্ঠানটোত বাড়ো, কাৰ্বি, ৰাভা আদিকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ আমন্ত্ৰিত শিল্পীসকলৰ লগতে আবাসী শিল্পীসকলেও মনোমোহা নৃত্য-গীত আদি পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰে। অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাত কাৰাধ্যক্ষা পৰিণীতা বৰা ,সহকাৰী কাৰাধ্যক্ষ অনিমেষ বৰা,নাইমা আহমেদ,দিলীপ চক্ৰৱৰ্তী , সঞ্জয় ডেকাসহ সমূহ কৰ্মচাৰী আৰু আবাসীসকলে সহায় সহযোগ কৰে ।