Logo
image

লক্ষ্য এক লক্ষ

আমাৰ অসম, ৪মে': ঘোষণা হ’ল বহু প্ৰত্যাশিত ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল৷ ঘোষিত ফলাফল অনুসৰি মুঠ ১১,৩২৪জন প্ৰাৰ্থীক বাছনি কৰা হৈছে৷ বুধবাৰে বিয়লি দুই বজাত ছেবাৰ ৱেবছাইট www.sebaonline.org আৰু ৰাজ্য চৰকাৰৰ ৱেবছাইট assam.gov.inত ফলাফল উপলব্ধ হয়৷ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল আনুষ্ঠানিকভাৱে ৱেবছাইটত উপলব্ধ হোৱাৰ পূৰ্বে খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ত এক সংবাদমেল সম্বোধন কৰি তৃতীয় বৰ্গৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ [এছএলআৰচি] অধ্যক্ষ তথা ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব আশীষ কুমাৰ ভূটানীয়ে কয়– ‘ৰাজ্য চৰকাৰৰ ৪৭টা বিভাগৰ মুঠ ১১,৫১০টা তৃতীয় বৰ্গৰ পদৰ বাবে পৰীক্ষা, স্কীল টেষ্ট অনুষ্ঠিত হৈছিল যদিও চূড়ান্ত বাছনিত উঠিল ১১,৩২৪গৰাকী প্ৰাৰ্থী৷ ষ্টেনগ্ৰাফীৰ ১৬৪ পদ আৰু ড্ৰাইভাৰৰ   ২২ পদসহ মুঠ ১৮৬ পদ উপযুক্ত প্ৰাৰ্থীৰ অভাৱত পূৰণ কৰিব পৰা নগ’ল৷ তৃতীয় বৰ্গৰ তিনিটা শ্ৰেণীৰ পদৰ বাবে ছেবাই লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছিল৷ স্নাতক ডিগ্ৰীসহ কম্পিউটাৰ, উচ্ছতৰ মাধ্যমিক-উচ্ছতৰ মাধ্যমিক বিজ্ঞান, উচ্ছ মাধ্যমিক [ড্ৰাইভাৰ] পদৰ বাবে ছেবাই পৰীক্ষা অনুষ্ঠিত কৰিছিল৷ পৰীক্ষাৰ বাবে মুঠ ৯,২১,৬৩৪গৰাকী প্ৰাৰ্থীয়ে আৱেদন কৰাৰ বিপৰীতে ৮,২৮,৮৬০জন প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ ৬ মে’ত ৱেবছাইটত উপলব্ধ হ’ব নিযুক্তি লাভ কৰাসকলৰ বিভাগৰ নাম৷ পৰীক্ষাত বেছি নম্বৰ পোৱাসকলে পাব বেছি দৰমহাৰ চাকৰি৷ প্ৰাপ্য নম্বৰৰ ভিত্তিত দিয়া হ’ব নিৰ্দিষ্ট বিভাগত নিযুক্তি৷ স্বতন্ত্ৰ নিৰীক্ষকৰ উপস্থিতিত ৰেগুলাইজেশ্বন প্ৰক্ৰিয়াৰে বিভাগ নিৰ্ধাৰণ কৰা হ’ব৷ সাধাৰণ বৰ্গৰ মুঠ ৫,৪৮৫ খালী পদৰ বিপৰীতে ২,৪৩১জনে, অ’বিচিৰ মুঠ ২,৬৩৩ খালী পদৰ বিপৰীতে ৪,৪৮৫ জনে, এছ চিৰ ৭৪৬খালী পদৰ বিপৰীতে ৯৫৬জনে, এছটি [পি]ৰ ১,১১২টা খালী পদৰ বিপৰীতে ১,২৩৫জন প্ৰাৰ্থী উত্তীৰ্ণ হৈছে৷’ উল্লেখ্য, বৃহস্পতিবাৰে ঘোষণা হ’ব চতুৰ্থ বৰ্গৰ চাকৰিৰ বাছনি পৰীক্ষাৰ ফলাফল৷ ১১ মে’ত একেলগে ৰাজ্য চৰকাৰৰ দ্বিবৰ্ষপূৰ্তিত নিযুক্তি-পত্ৰ বিতৰণ কৰা হ’ব৷ আজিৰ সংবাদমেলত এছএলআৰচিৰ সচিব ডাঃ মনোজ কুমাৰ চৌধুৰী, সদস্য পৱিত্ৰ ৰাম খাউণ্ড, কৱিতা পদ্মনাভনো উপস্থিত আছিল৷ লক্ষ্যণীয় যে আজি ঘোষিত ফলাফল ঘোষণাত বহু প্ৰাৰ্থীৰ ফলাফল ইনভেলিড দেখুওৱাত বিমোৰত পৰিছে প্ৰাৰ্থীসকল৷ ফলাফলত কোনো ধৰণৰ নম্বৰ বা কাট অৱ মাৰ্ক উল্লেখ নখৰাতো বিভ্ৰান্ত হৈছে প্ৰাৰ্থীসকল৷ সংৰক্ষিত পদৰ বিপৰীতে নিৰ্ধাৰিত প্ৰাৰ্থীৰ সংখ্যা অধিক৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যৰ ১ লাখ নিবনুৱাক চৰকাৰী চাকৰি প্ৰদানৰ প্ৰায় কাষ চাপিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ৷ অহা ১১ মে’ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ অনুষ্ঠানত একেলগে ৫০ হাজাৰ চৰকাৰী চাকৰি নিযুক্তি-পত্ৰ বিতৰণ কৰা হ’ব৷ স্বাভাৱিকতে এয়া দেশৰ ভিতৰতে এক অভিলেখ হ’ব৷ ইতিমধ্যে ৰাজ্য চৰকাৰে গৃহ, শিক্ষাকে ধৰি বিভিন্ন বিভাগত ৪২ হাজাৰ চাকৰিত নিযুক্তি প্ৰদান কৰিছে৷ ১১ মে’ত পুনৰ ৫০ হাজাৰক নিযুক্তি দিলে৷ প্ৰায় ৯২ হাজাৰ চাকৰি প্ৰদানৰ কাম সম্পূৰ্ণ কৰিব ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে৷ জুনত পুনৰ ওলাব ৬ হাজাৰ পদৰ বিজ্ঞাপন৷ কাজেই এক লাখ চৰকাৰী চাকৰি প্ৰদানৰ  স্বপ্ন পূৰণৰ প্ৰায় কাষ চাপিল হিমন্ত চৰকাৰ৷