Logo
image

অসমত প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ই-পাঠ্যপুথি

আমাৰ অসম, ৪মে': বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ সহায়ক হোৱাকৈ শিক্ষা বিভাগে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ যাৰ দ্বাৰা এতিয়াৰে পৰা অনলাইনযোগে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিদ্যালয়ত ব্যৱহৃত পাঠ্যপুথি সমূহ ই-পাঠ্যপুথি হিচাপে  উপলব্ধ হ’ব৷ এই ক্ষেত্ৰত আজি সমগ্ৰ শিক্ষাৰ কাহিলীপাৰাস্থিত মিছন সঞ্চালকৰ কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে এই সুবিধাৰ শুভ উদ্বোধন কৰে৷ এই পদক্ষেপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলো যথেষ্ট উপকৃত হ’ব৷ ইতিমধ্যে শিক্ষা বিভাগে বিদ্যালয়সমূহত ডিজিটেল ফ্লেট পেনেল প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ অনলাইন যোগে ছাত্ৰ-ছাত্ৰীসকলে scert.assam.gov.in/portlets/textbookselementarylevel২০২৩-২৪, sebaonline. org, ahsec.assam.gov.in ৱেবছাইটত গৈ পাঠ্যপুথিসমূহ অতি সহজলভ্যৰে ছাত্ৰ-ছাত্ৰীসকলে ডাউনলোড কৰিব পাৰিব৷ উল্লেখ্য, শিক্ষা বিভাগৰ অধীনত ২০২৩-২৪বৰ্ষৰ বাবে ‘ক’ শ্ৰেণীৰ পৰা ‘দ্বাদশ’ শ্ৰেণীলৈকে ৩, ১৬, ৯৭, ৯১৮খন বিনামূলীয়া পাঠ্যপুথি ৫৯, ৯৭, ৯৭৫জন ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰা হৈছে৷ এই অনুষ্ঠানত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ অধ্যক্ষ দেৱানন্দ হাজৰিকা, উপাধ্যক্ষ তুলসী বৰঠাকুৰ, পৰিচালন সঞ্চালক এচএন চৌধুৰী প্ৰমুখ্যে শিক্ষা বিভাগৰ বহুকেইগৰাকী উচ্ছ পদস্থ বিষয়া উপস্থিত থাকে৷ উল্লেখ্য, ইতিমধ্যে বিশ্ববিদ্যালয় পৰ্যায়তো মাতৃভাষাত উত্তৰ লিখাৰ অনুমতি দি জাননী জাৰি কৰিছে বিশ্ববিদ্যালয় অনুদান আয়োগে৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষই দেশৰ বিশ্ববিদ্যালয়সমূহলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰি অৱগত কৰাইছে৷ এনে পদক্ষেপৰ পাছতে অসম চৰকাৰৰ শিক্ষা বিভাগে এই সন্দৰ্ভত বিশেষ পদক্ষেপ লোৱাটো অতি তাৎপৰ্যপূৰ্ণ৷