Logo
image

খেলুৱৈসহ অসমৰ বহু লোক বন্দী মণিপুৰত

আমাৰ অসম, ৬ মে’: অশান্ত মণিপুৰৰ পৰা দলে দলে স্থানীয় লোকে অসমত আশ্ৰয় লৈছে যদিও অগ্নিগৰ্ভ ৰাজ্যখনত অসমৰো বহু লোক বন্দী হৈ পৰাৰ খবৰ আহিছে৷ বিশেষত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ চমুকৈ ছাইৰ অধীনত মণিপুৰত প্ৰশিক্ষণত অসমৰ এটা খেলুৱৈৰ দল আবদ্ধ হৈ আছে চুবুৰীয়া ৰাজ্যখনত৷ মণিপুৰৰ ৰাজধানী ইম্ফলৰ ছাইৰ প্ৰশিক্ষণৰ কেন্দ্ৰটোৰ হোষ্টেলত অসমৰ ৮জন খেলুৱৈ আবদ্ধ হৈ পৰা বুলি জানিব পৰা গৈছে৷ মণিপুৰত আবদ্ধ নাহৰকটীয়া মৃন্ময় গগৈ নামৰ খেলুৱৈজনে সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মণিপুৰৰ পৰা সুকলমে উদ্ধাৰ কৰাৰ বাবে আহ্বান জনাইছে৷ খেলুৱৈজনে হিংসাত্মক পৰিস্থিতিৰ বাবে হোষ্টেলত খাদ্য-সামগ্ৰীৰ লগতো খোৱা পানীৰ নাটনি হোৱা বুলিও জানিবলৈ দিছে৷ ছাইৰ প্ৰশিক্ষণ কেন্দ্ৰটোত অসমৰ উপৰি দেশৰ ভিন্ন প্ৰান্তৰ শতাধিক প্ৰশিক্ষক আৰু ফুটবলাৰ আবদ্ধ হৈ আছে৷ প্ৰায় চাৰি দিন ধৰি অগ্নিগৰ্ভ হৈ থকা মণিপুৰত কেৱল খেলুৱৈয়ে নহয়, অসমৰ শিক্ষাৰ্থী আৰু কৰ্মচাৰীও আবদ্ধ হৈ আছে৷ মণিপুৰত ইণ্টাৰনেট কৰ্তন তথা যান-বাহনৰ চলাচল বন্ধ হৈ পৰাত সাধাৰণ লোকসকল আবদ্ধ হৈ পৰিছে৷ হিংসাজৰ্জৰ মণিপুৰত কুকি আৰু মেইটে সকলৰ মাজত সংঘটিত গোষ্ঠীগত সংঘৰ্ষৰ পৰিণতিত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩জনলৈ বৃদ্ধি পাইছে৷ ফলত প্ৰাণৰ মমতাত একাংশ লোকে মণিপুৰৰ পৰা আহি বৰাকৰ কাচাৰ জিলাত আশ্ৰয় লৈছে৷ অসমত আশ্ৰয় লোৱা মণিপুৰৰ লোকসকলৰ বাবে প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাচাৰ প্ৰশাসনক নিৰ্দেশ দিছে৷ ইফালে মণিপুৰৰ এই ঘটনাৰ পৰিণতিত নাগালেণ্ড চৰকাৰে হেল্প লাইন নম্বৰ মুকলি কৰিছে৷ মণিপুৰত বাস কৰা নগা লোকসকলৰ সুৰক্ষা বিচাৰি গৃহ মন্ত্ৰী অমিত শ্বাহৰ হস্তক্ষেপ বিচাৰিছে নাগালেণ্ডৰ দল-সংগঠনসমূহে৷ গোষ্ঠী সংঘৰ্ষত বিধবস্ত মহিপুৰত এতিয়া ২০ হাজাৰ লোক গৃহহীন হৈছে৷


মণিপুৰৰ পৰিস্থিতি লৈ উদ্বিগ্ন আছু-নেছ’, মুখ্যমন্ত্ৰীলৈ জৰুৰী চিঠি

মণিপুৰত সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতি লৈ সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠন (নেছ’) ই গভীৰ উদিগ্নতা প্ৰকাশ কৰিছে আৰু ৰাজ্যখনত সকলো জনগোষ্ঠীৰ মাজত শান্তি, সম্প্ৰীতিৰ বাতাবৰণ পোষকতা কৰিছে৷ মণিপুৰত অধ্যয়নৰত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী, কৰ্মৰত কৰ্মচাৰীৰ নিশ্চিত সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ফলপ্ৰসূ ব্যৱস্থা ল’বলৈ কতৃৰ্পক্ষক আহ্বান জনাইছে আৰু বিষয়টো লৈ সদৌ মণিপুৰ ছাত্ৰ সন্থাকে ধৰি নেছ’ৰ অন্তৰ্গত উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠনসমূহৰ সৈতে যোগাযোগ অব্যাহত আছে৷ সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই মণিপুৰত সৃষ্টি হোৱা পৰিস্থিতিত উদ্বেগ প্ৰকাশ কৰি মণিপুৰত অধ্যয়নৰত অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীলৈ জৰুৰী চিঠি প্ৰেৰণ কৰিছে৷ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা চিঠিত ছাত্ৰ সন্থাই কয়- ‘মণিপুৰৰ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে শংকা, অনিশ্চয়তা আৰু নিৰাপত্তাহীনতাৰ মাজত জীৱনযাপন কৰিবলগীয়া হৈছে৷ পিতৃ-মাতৃসকল চিন্তিত হৈ পৰিছে৷ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে কৰ্মৰত কৰ্মচাৰীসকলক সুৰক্ষা প্ৰদানৰ প্ৰয়োজন৷ মণিপুৰত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক ৰাজ্যখনত শান্তিৰ বাতাবৰণ সৃষ্টি নোহোৱালৈকে অসমত নিজৰ ঘৰলৈ লৈ অহাৰ ব্যৱস্থা কৰিবলৈ ছাত্ৰ সন্থাই৷ মুখ্যমন্ত্ৰীক জৰুৰী চিঠিখনত আহ্বান জনায়৷ কৰ্মৰত কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো অনুৰূপ ব্যৱস্থা ল’বলৈ সন্থাই আহ্বান জনাইছে৷’ ছাত্ৰ সন্থাই বিষয়টো লৈ নেছ’, সদৌ মণিপুৰ ছাত্ৰ সন্থাৰ মাজত যোগাযোগ অব্যাহত ৰাখিছে৷ নেছ’ৰ অধ্যক্ষ চেমুৱেল জেৰুৱা, সম্পাদকপ্ৰধান মুটচিক্ষয় য়ুবু, মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই মণিপুৰৰ পৰিস্থিতিৰ উদ্বিগ্নতা প্ৰকাশ কৰি ৰাজ্যখনত শান্তি আৰু বিভিন্ন জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ বাতাবৰণৰ পোষকতা কৰিছে৷ নেছ’ৰ তৰফৰ পৰা সদৌ মণিপুৰ ছাত্ৰ সন্থা, মিজো জিলাই পল মিজো ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থা, খাছি ছাত্ৰ সন্থা, নাগা ছাত্ৰ ফেডাৰেছন, সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা, গাৰো¸ ছাত্ৰ সন্থা, ত্ৰিপুৰা ছাত্ৰ ফেডাৰেছনৰ সৈতে যোগাযোগ অব্যাহত ৰখা হৈছে৷