Logo
image

মহানগৰীত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি ভিডিঅ' প্ৰস্তুতঃ অভিযুক্তক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে নাৰী-শিশু অপৰাধজনিত ঘটনা। গুৱাহাটী মহানগৰীতো উদ্বেগজনকভাৱে বৃদ্ধি পাব ধৰিছে নাৰী, যুৱতী, কিশোৰী, শিশু নির্যাতনৰ ঘটনা। যোৰহাটত এগৰাকী যুৱতীয়ে অশ্লীল ভিডিঅ' প্ৰস্তুত কৰি পৰ্ণ ছাইটত আপলোড কৰা ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে গুৱাহাটী মহানগৰীৰ ফটাশিল আমবাৰীত এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি ভিডিঅ' প্ৰস্তুত কৰাৰ এক ভয়াৱহ ঘটনা পোহৰলৈ আহিছে। নাবালক প্রেমিকে বন্ধুৰ সৈতে মিলি ১৪ বছৰীয়া প্ৰেমিকাক ধৰ্ষণ কৰি ভিডিঅ' প্ৰস্তুত কৰে। কেইবাদিনো ধৰি প্ৰেমিকাক ধৰ্ষণ কৰাৰ ভিডিঅ' বিভিন্নজনে চোৱাৰ পিছতে পৰিয়ালৰ লোকে এই জঘন্য ঘটনাৰ কথা জানিব পাৰি ফটাশিল আমবাৰী থানাত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত ফটাশিল আমবাৰী আৰক্ষীয়ে পস্ক' এক্টৰ ৩৭৬ (I), আৰ/ডব্লিউ ধাৰাৰ ৬ৰ অধীনত থানাত ১০১/২৩ নম্বৰত এটা গোচৰ ৰুজু কৰি দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰি কামৰূপ মহানগৰ জিলাৰ জুবেনাইল আদালতত হাজিৰ কৰায়। 

আদালতে দুই নাবালক অভিযুক্তক আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰে। নাবালিকাক যৌন নিৰ্যাতন চলোৱা ঘটনাত দুই-তিনিজন নাবালক অভিযুক্ত জড়িত থকা বুলি স্থানীয় লোকসকলে জানিবলৈ দিয়ে। অৱশ্যে এই সংক্ৰান্তত তদন্ত চলি আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। তদন্তৰ পিছতহে সকলো কথা প্ৰকাশ কৰিব পৰা যাব বুলি আৰক্ষীয়ে ব্যক্ত কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। নাবালকৰ এনে জঘন্য কাণ্ডই নতুন প্ৰজন্মই কোন দিশত ধাৱমান হৈছে সেই বিষয় চিন্তনীয় হৈ পৰিছে।