Logo
image

স্বাস্থ্যমন্ত্ৰীসহ ২ শতাধিকৰ নেত্ৰদানত স্বাক্ষৰ

আমাৰ অসম, ৮ মে’: ‘নেত্ৰদান মহান দান, নেত্ৰদান কৰা প্ৰতিগৰাকী ব্যক্তিয়ে সমাজৰ একো একোজন মহান ব্যক্তি৷ নিজৰ মৰমৰ চকুজুৰি দান কৰিবলৈ আগবাঢ়ি অহা ব্যক্তিসকলে সমাজৰ এচাম দুৰ্ভগীয়া লোকক সন্মুখৰ পৃথিৱীখনক দৃশ্যমান ৰূপত ডাঙি ধৰি এটা নতুন জীৱন প্ৰদান কৰে৷' এই বক্তব্য ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ৷ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত এক সমূহীয়া নেত্ৰদান কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি স্বাস্থ্যমন্ত্ৰীজনে এই গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়৷ উল্লেখ্য যে, ৰাজ্যখনৰ অন্যতম অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান সুপ্ৰভাত কলাক্ষেত্ৰৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৃষ্ঠপোষকতাত আৰু শ্ৰীশংকৰদেৱ নেত্ৰালয়ৰ সহযোগত এক বৃহৎ সমূহীয়া নেত্ৰদান কাৰ্যসূচী সম্পন্ন হয়৷ এই উপলক্ষ্যে সমাজৰ বিভিন্ন সংস্থা-সংগঠনকে ধৰি ব্যক্তিগতভাৱেও সৰ্বাধিক দুই শতাধিক সহৃদয় ব্যক্তি স্বেচ্ছাই আগবাঢ়ি আহি সমূহীয়া নেত্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি মৃত্যুৰ পাছত সংগ্ৰহ কৰিব পৰাকৈ মৰমৰ চকুজুৰি দান কৰে৷ আনকি অনুষ্ঠানত উপস্থিত থকা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ইমানকৈ বৃহৎসংখ্যক ব্যক্তিয়ে একেলগে প্ৰথমবাৰলৈ নেত্ৰদান কৰা কাৰ্যসূচীক অভূতপূৰ্ব আৰু সমাজ কল্যাণকামী আখ্যা দি তেওঁৰ নিজৰ চকুজুৰিও দান কৰাৰ কথা ঘোষণা কৰে আৰু এই বিষয়ক আনুষ্ঠানিকতা সম্পন্নৰ বাবে সুপ্ৰভাত কলাক্ষেত্ৰক আহ্বানন জনায়৷ 

ইফালে নেত্ৰদান কৰা প্ৰতিগৰাকী ব্যক্তিকে অভিনন্দন জনাই এইক্ষেত্ৰত সমাজৰ সৰ্বস্তৰতে ব্যাপক সজাগতা সৃষ্টিৰ আহ্বান জনায়৷ বিশিষ্ট অতিথি হিচাপে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে সন্মানীয় অতিথি হিচাপে ৰাজ্য চৰকাৰৰ মুখ্যসচিব পৱন বৰঠাকুৰ, ইলোৰা বিজ্ঞান মঞ্চৰ কাৰ্যকৰী সভাপতি ডাঃ জয়দেৱ শৰ্মা, শ্ৰীশঙ্কৰদেৱ নেত্ৰালয়ৰ অধ্যক্ষ ডাঃ হৰ্ষ ভট্টাচাৰ্য, নেত্ৰ বেংকৰ সঞ্চালক ডাঃ বালমুকুন্দ আগৰৱালা, শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, বিশিষ্ট লেখিকা তথা সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী, বিশিষ্ট ভাস্কৰ বীৰেণ সিংহ আদি বিশিষ্ট ব্যক্তিসকলে মঞ্চত আসন গ্ৰহণ কৰাৰ পাছতে সকলোৰে উপস্থিতিত স্বাস্থ্যমন্ত্ৰীয়ে বন্তি প্ৰজ্বালন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা আগবঢ়াই মুখ্য সমন্বয়ক প্ৰদীপ পূজাৰীয়ে কয় যে মানুহৰ মৃত্যুৰ পাছত অসাৰ চকুজুৰিয়ে অন্ধৰ বাবে অমূল্য সম্পদ৷ সেয়ে জীৱনকালতে চকুদান কৰি এক কল্যাণকামী যাত্ৰা আৰম্ভ কৰাই সুপ্ৰভাত কলাক্ষেত্ৰৰ আজিৰ কাৰ্যসূচীৰ প্ৰধান উদেশ্য বুলি কয়৷ 

অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰৰ গৌৰৱোজ্বল ৰূপালী জয়ন্তী বৰ্ষ উদ্‌যাপন কৰি থকাৰ মাজতে সুপ্ৰভাত কলাক্ষেত্ৰৰ এই ব্যতিক্ৰমী নেত্ৰদান কাৰ্যসূচীৰ পৃষ্ঠপোষকতা কৰি ৰূপালী জয়ন্তীৰ কাৰ্যসূচীৰ অংশবিশেষ হিচাপে গ্ৰহণ কৰি গৌৰৱবোধ কৰা বুলি মন্তব্য কৰে৷ শ্ৰীশঙ্কৰদেৱ নেত্ৰালয়ৰ অধ্যক্ষ হৰ্ষ ভট্টাচাৰ্যই নেত্ৰদান কৰা লোকসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি এইক্ষেত্ৰত পৰিয়ালৰ পাছৰ প্ৰজন্মৰ মাজত ব্যাপক সজাগতা সৃষ্টিত গুৰুত্ব দিয়ে৷ নেত্ৰদান কৰা লোকসকলৰ পৰিয়ালৰ এশগৰাকী লোকৰ শতকৰা দহজনেহে পাছত চিকিৎসক, চিকিৎসালয়ৰ সৈতে যোগাযোগ কৰি নেত্ৰ প্ৰদানৰ আনুষ্ঠানিকতা সম্পন্ন কৰে বুলি কৈ এইক্ষেত্ৰত সমাজত প্ৰচলিত অন্ধবিশ্বাস দূৰ কৰাৰ বাবেও আহ্বান জনায়৷ ৰাজ্য চৰকাৰৰ মুখ্যসচিব পৱন বৰঠাকুৰে আজিৰ নেত্ৰদান কাৰ্যসূচীক ঐতিহাসিক আখ্যা দি এই কাৰ্যসূচীৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ সমাজৰ সকলোৰে প্ৰতি আহ্বান জনায়৷ সুপ্ৰভাত কলাক্ষেত্ৰৰ আহ্বানৰ প্ৰতি ব্যাপক সঁহাৰি জনাই আগবাঢ়ি অহা ড° ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস, বিশ্ববাহু ফাউণ্ডেশ্বনকে ধৰি ৰাজ্যৰ বিভিন্ন চিকিৎসা প্ৰতিষ্ঠানত কৰ্মৰত বিশিষ্ট চিকিৎসক আৰু সমাজৰ অনান্য ক্ষেত্ৰৰ দুই শতাধিক নেত্ৰদাতাৰ সন্মতি পত্ৰ এই ব্যতিক্ৰমী কাৰ্যসূচীৰ আহ্বায়ক ডাঃ ৰথিন্দ্ৰ ভূঞা আৰু ধ্ৰুৱজ্যোতি কাকতিৰ নেতৃত্বত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শ্ৰীশঙ্কৰদেৱ নেত্ৰালয়ৰ অধ্যক্ষ হৰ্ষ ভট্টাচাৰ্যক অৰ্পণ কৰে৷ অনুষ্ঠানত সদস্য আব্দুল মজিদৰ পৰিকল্পনাত, আইআইটিৰ অধ্যাপক তথা আন্তৰ্জাতিক খ্যাতিসম্পন্ন জলসম্পদ বিশেষজ্ঞ ডাঃ অৰূপ কুমাৰ শৰ্মাৰ ৰচনা-সুৰেৰে ‘সুপ্ৰভাত কলাক্ষেত্ৰ’ৰ শীৰ্ষ গীত উন্মোচন কৰা হয়৷ ইফালে সৰস্বতী বন্দনা পৰিবেশন কৰি নীলাক্ষি দেৱীয়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই ‘সুপ্ৰভাত কলাক্ষেত্ৰ’ৰ পৰিকল্পনা আৰু উন্নয়ন উপদেষ্টা চাহজামাল জাকাৰিয়াই৷ উল্লেখ্য, এই অনুষ্ঠানত উপস্থিত থকা একাংশ লোকেও সমাজত সুপ্ৰভাত কলাক্ষেত্ৰৰ এই নেত্ৰদান কাৰ্যসূচীৰ ব্যাপক প্ৰভাৱ আৰু গুৰুত্ব অনুভৱ কৰি নিজৰ নিজৰ চকুদান কৰাৰ আগ্ৰহ প্ৰকাশ কৰি সন্মতি পত্ৰ সংগ্ৰহ কৰে আৰু দুইএদিনতে সকলো আনুষ্ঠানিকতা সম্পন্ন কৰিৰ প্ৰতিশ্ৰুতি দি  অনুষ্ঠানটোত অন্য এক মাত্ৰা প্ৰদান কৰে৷