Logo
image

ষড়যন্ত্ৰ, ষড়যন্ত্ৰ! থানা-আদালতত চিৎকাৰ কৰি উঠিল সংগীতাই

আমাৰ অসম, ৮ মে’: ‘স্মাৰ্ট’ গুৱাহাটী আৰক্ষীয়ে ৩০ ঘণ্টাৰ তদন্ত শনিবাৰে মাজনিশা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় শিশু নিৰ্যাতনৰ গোচৰত অভিযুক্ত পলাতক চিকিৎসক ডাঃ সংগীতা দত্তক৷ মহানগৰীৰ খানাপাৰাৰ গ্ৰীণউড ৰিজ’ৰ্টৰ পিছফালৰ পাহাৰৰ এটা বাসগৃহত আত্মগোপন কৰি থকা অভিযুক্ত চিকিৎসকজনক কৰায়ত্ব কৰে পল্টনবজাৰ আৰক্ষীয়ে৷ ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউৰ ইছলামে অবৈধভাৱে ৰখা চাৰে তিনি বছৰীয়া কন্যা শিশুটিক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠাৰ পাছতেই ই ঘটনাক ষড়যন্ত্ৰৰ আখ্যা দিছিল ডাঃ দত্তই৷ আনকি স্বামী ডাঃ ৱালিউৰ ইছলামক আৰক্ষীয়ে আটক কৰাত সামাজিক মাধ্যমত ফেচবুক লাইভযোগে সংগীতা দত্তই তেওঁলোকৰ সুখৰ সংসাৰ ভঙাৰ বাবেই কোনোৱে ষড়যন্ত্ৰ কৰা বুলি ক্ষোভ ব্যক্ত কৰিছিল৷ আনকি  মনোৰোগ বিশেষজ্ঞ ডাঃ দত্তই গুৱাহাটীৰ এটা অভিজাত ক্লাবৰ সদস্যৰ হোৱাটছএপ গ্ৰুপলৈ অডিঅ’ ক্লিপিং প্ৰেৰণ কৰি কোনো ‘বিশেষ’ ছাৰলৈ উদ্দেশ্য কৰি সহায় কৰিবলৈ আহ্বান জনাইছিল৷ সেই অডিঅ’ ক্লিপিংটোতো চিকিৎসকগৰাকীয়ে তেওঁলোকৰ পৰিয়ালৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলা বুলিয়েই অভিযোগ কৰিছিল৷ অৱশ্যে সংগীতা দত্তই গ্ৰেপ্তাৰৰ ভয়ত আত্মগোপন কৰি ফেচবুক লাইভটোৰ ভিডিঅ’ পোষ্টটো ‘ডিলিট’ কৰি দিলেও অৱশেষত শনিবাৰে নিশা ভাগলৈ আৰক্ষীৰ জালত পৰে অভিযুক্ত চিকিৎসকগৰাকী৷ 

কিন্তু আৰক্ষীৰ জেৰাতো সংগীতা দত্তই শিশুদুটিৰ ওপৰত নিৰ্যাতন চলোৱা বুলি উঠা অভিযোগক ষড়যন্ত্ৰ বুলিয়েই দাবী কৰে৷ আনকি দেওবাৰে পানবজাৰ আৰক্ষী থানা আৰু আদালতৰ চৌহদতো সংগীতা দত্তই চিঞৰি চিঞৰি সংবাদ মাধ্যমৰ আগত– ‘এয়া ষড়যন্ত্ৰ, ষড়যন্ত্ৰ, বুলি মন্তব্য কৰা দেখা যায়৷ কেৱল ইমানেই নহয়, নিশা খানাপাৰাৰ পাহাৰত আত্মগোপন কৰি থকাৰ সময়তো সংগীতা দত্তই আৰক্ষীক বাধা প্ৰদান কৰি কাৰোবাৰ ষড়যন্ত্ৰৰ বাবেই গ্ৰেপ্তাৰ কৰিবলৈ আহিছে নেকি বুলিও প্ৰশ্ন কৰিছিল৷ চিকিৎসকগৰাকীক তদন্তকাৰী আৰক্ষীয়ে থানালৈ যাব লাগিব বুলি কোৱাত আত্মগোপন কৰি থকা বাসগৃহটোত প্ৰায় এক ঘণ্টা সময় মেকআপ কৰিহে তদন্তকাৰী বিষয়াৰ সৈতে আহিবলৈ সন্মত হয়৷ সেই সময়ত কান্দি কান্দি আৰক্ষীক জনোৱা অনুৰোধ আছিল এনে ধৰণৰ– মোক অলপমান মেক-আপ কৰি ল’বলৈ দিয়ক৷ ইফালে পাণবজাৰৰ মহিলা থানাতো সংগীতা দত্তই লকআপৰ ভিতৰত থাকিবলৈ অস্বীকাৰ কৰি চিঞৰ বাখৰ কৰিছিল বুলিও জানিবলৈ দিছে৷ তদুপৰি থানাৰ লকআপত মহৰ কামোৰণিৰ পৰা বাচিবলৈ আঠুৱা আৰু টুপনিৰ বাবে শ্লিপিং টেবলেট বিচাৰি আৰক্ষীক ব্যতিব্যস্ত কৰি তোলে৷ দেওবাৰে পুৱা ভাগত শীৰ্ষ আৰক্ষী বিষয়াই জেৰা কৰাৰ অন্তত তদন্তকাৰী আৰক্ষীয়ে সংগীতা দত্তক লগত লৈ মণিপুৰীবস্তিৰ ৰোমা এনক্লেভত অভিযান চলাই৷ প্ৰায় চাৰি ঘণ্টা ধৰি ঘৰটোত অভিযান চলোৱাৰ পাছতে সংগীতাক পুনৰ থানালৈ লৈ আহে যদিও গাড়ীৰ ভিতৰতো চিঞৰি টিঞৰি কন্দাকটা কৰা পৰিলক্ষিত হয়৷ আনকি থানাত  দিনটোৰ বেছিভাগ সময়েই ষড়যন্ত্ৰ, ষড়যন্ত্ৰ বুলি ৰাউচি জুৰি কন্দা পৰিলক্ষিত হয় চিকিৎসক গৰাকীক৷ ইফালে চিকিৎসক সংগীতা দত্তক তদন্তকাৰী মহিলা আৰক্ষী বিষয়াই থানাৰ ভিতৰত জেৰা কৰা এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে৷ ভাইৰেল ভিডিঅ’টো অভিযুক্ত সংগীতা দত্ত আৰু আৰক্ষী বিষয়াৰ কথোপকথন আছিল এনেধৰণৰ–
আৰক্ষী বিষয়াঃ ৱালিছা কৰি ছোৱালী?
ডাঃ সংগীতাঃ নাজানো৷
আৰক্ষী বিষয়াঃ নাজানো…?
ডাঃ সংগীতাঃ মানে মোৰ ছোৱালী৷ পৰিচয় হিচাপে মোৰ ছোৱালী৷ আপুনি যদি জেনেটিকেলী সুধিছে, তেনেহ’লে নাজানো৷
আৰক্ষী বিষয়াঃ মানে ৱালিছা নিজৰ সন্তান নহয়?
ডাঃ সংগীতাঃ হয়, নিজৰ সন্তান৷
আৰক্ষী বিষয়াঃ আপুনি কোনোদিন প্ৰেগনেণ্ট হোৱা নাই!
ডাঃ সংগীতাঃ প্ৰেগনেণ্ট নাই হোৱা সঁচা, কিন্তু তাই মোৰ নিজৰ সন্তান হয়৷
আৰক্ষী বিষয়াঃ ৱালিছা আৰু আজান দুয়োটাই আপোনৰ সন্তান নহয়৷
ডাঃ সংগীতাঃ যশোদা কি শ্ৰীকৃষ্ণৰ মাক নাছিল?
আৰক্ষী বিষয়াঃ ফাল্টু কথা নক’ব৷
ডাঃ সংগীতাঃ নহয় মানে…৷
আৰক্ষী বিষয়াঃ ৱালিছাক ক’ৰ পৰা আনিছিল?
ডাঃ সংগীতাঃ আমি যেতিয়া আই ভি এফৰ ট্ৰীটমেণ্ট লৈ আছিলো দিছপুৰ পলিক্লিনিকত৷ তাতে তেতিয়া বেজি-চেজি ল’ব লাগে…৷
আৰক্ষী বিষয়াঃ (ধমকেৰে) ৱালিছা কাৰ ছোৱালী? 
ডাঃ সংগীতাঃ নাজানো৷
আৰক্ষী বিষয়াঃ ক’ত পালে তাইক? 
ডাঃ সংগীতাঃ তাইক এগৰাকী মানুহে মোক দি থৈ গৈছিল৷
আৰক্ষী বিষয়াঃ কোন মানুহ?
ডাঃ সংগীতাঃ যেতিয়া মোৰ ছাৰুগেছি ফেইল কৰিলে, তেতিয়া ছাৰুগেট কৰা মহিলাগৰাকীৰ চিনাকি মানুহ এগৰাকীয়ে…৷
আৰক্ষী বিষয়াঃ ছাৰুগেছি কৰা মহিলাগৰাকীৰ ডিটেইলছ কি আছে? 
ডাঃ সংগীতাঃ আছে, কাগজ-পত্ৰখিনি মোৰ ওচৰত আছে৷
আৰক্ষী বিষয়াঃ সন্তানটোক তাই আনি দিছিল নেকি, ক’ৰ পৰা আনি দিছিল?
ডাঃ সংগীতাঃ হয়, ৱালিছা আৰু আজান দুয়োটাকে একেলগে আনি দিছিল৷ সেইটো ২০১৯ চনত৷
আৰক্ষী বিষয়াঃ ৱালিছা আৰু আজান তেতিয়া কিমান বয়সৰ আছিল?
ডাঃ সংগীতাঃ নিউব’ৰ্ণ৷ টুইনছ বুলি কৈছিল৷
আৰক্ষী বিষয়াঃ ক’ৰ পৰা আনিছিল?
ডাঃ সংগীতাঃ ছাৰুগেছি কৰা মহিলাগৰাকীয়ে এবশ্বৰ্নৰ পাছত কৈছিল বাইদেউ যিহেতু আমি ফেইল কৰিলো…৷
আৰক্ষী বিষয়াঃ ক’ৰ পৰা আনিছিল?
ডাঃ সংগীতাঃ মই একো নাজানো, মানুহগৰাকীয়ে আনি দিছিল৷