Logo
image

কম সময়তে জটিল ৰোগ নিৰাময় কৰে শগুনীলতাই

আমাৰ অসম বিশেষঃ মধুমেহ, ডেংগু, টাইফয়েড, কেন্সাৰ, ত্বকৰ সমস্যা, এলাৰ্জি আদি ৰোগত নিৰাময়ৰ ক্ষেত্ৰত যাদুৰ দৰে কাম কৰে এইবিধ বনৌষধিয়ে৷ এই বনৌষধ বিধৰ নাম গুলঞ্চ অথবা শগুনীলতা৷ সংস্কৃতত এই উদ্ভিদৰ নাম অমৃতা৷ ইংৰাজীত গিলয়৷ আমাৰ চৌপাশে প্ৰায় সকলো ঠাইতে পোৱা এইবিধ উদ্ভিদৰ ঔষধি গুণ সম্পৰ্কে জানিবলে আপুনিও অবাক হৈ উঠিব৷ দেহৰ ওজন হ্ৰাস কৰাত, মধুমেহ ৰোগ নিয়ন্ত্ৰণত যাদুৰ দৰে কাম কৰে গুলঞ্চৰ ৰসে৷ গুলঞ্চত থকা এণ্টি অক্সিডেণ্টে দেহত বেমাৰ হোৱাত বাধা আৰোপ কৰে৷ ইমান উপকাৰী এই বিধ উদ্ভিদ ঘৰৰ বেলকনি বা বাৰণ্ডাত অনায়াসে ৰুব পাৰি৷ নিজৰ ঘৰৰ  বাৰী অথবা নাৰ্চাৰীৰ পৰা আনিব পাৰি এইবিধ গছৰ পুলি৷ ঘৰৰ চাদত অন্যান্য গছপুলি ৰুবলৈ যিমান পৰিমাণৰ মাটি লাগে গুলঞ্চৰ বাবে লাগে সিমান  পৰিমাণত মাটি৷ বাগানত যদি কিবা ডাঙৰ গছ থাকে তাৰ গুৰিত অনায়াসে ৰুব পাৰি গুলঞ্চ৷ খুব সোনকালে বৃদ্ধি পায় এইবিধ উদ্ভিদ৷ বাৰ ইঞ্চিৰ আকাৰত টাবত মাটি ভৰাই ৰুব পাৰি গুলঞ্চ৷ সৰু সৰু ডাল কাটি মাটিত ৰুব লাগে৷ বহুত বেছি সাৰ দিয়াৰো প্ৰয়োজন নাই গুলঞ্চৰ বাবে৷ সামান্য পচন সাৰ দিলেই যথেষ্ট৷ বেলকনি বা বাৰান্দাত ৰোৱাৰ পাছত গুলঞ্চই বৃদ্ধি কৰিব আপোনাৰ ঘৰৰ শোভাও৷ দুই ইঞ্চিৰ ডাল কাটি আগদিনা নিশা পানীত তিয়াই থ’লে পানীখিনি পিছদিনা পুৱাই খাব লাগে৷ ইয়াৰ ফলত আপুনি মধুমেহ, ডেংগু, টাইফয়েড, ত্বকৰ সমস্যা, কেন্সাৰ, এলাৰ্জিৰ পৰা পৰিত্ৰাণ পাব৷ শিশুক সপ্তাহত অন্ততঃ ৩ দিন গুলঞ্চৰ ৰস খুৱালে ঋতুকালীন পৰিৱৰ্তনৰ সমস্যাৰ পৰা মুক্ত কৰিব পাৰি৷ ইমিউনিটি বৃদ্ধিত যাদুৰ দৰে কাম কৰে গুলঞ্চৰ ৰসে৷ মানৱ দেহক সৰ্বাংগীনভাৱে সুস্থ কৰি ৰখাৰ বাবে গুলঞ্চ ব্যৱহাৰ কৰাতো অতি জৰুৰী৷