Logo
image

সাধাৰণ তেতেলীৰ আছে অসাধাৰণ গুণ

আমাৰ অসম বিশেষঃ তেতেলী–এনে এটা শব্দ যিটো শব্দ শুনিলেই জিভাৰে টপটপকৈ পানী পৰিব ধৰে৷ ফুচকা খাই ভালপোৱা সকলৰ ক্ষেত্ৰতটো কথাই নাই৷ শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে অতি প্ৰিয় তেতেলী টেঙা৷ প্ৰায় প্ৰতিঘৰ মানুহৰ ঘৰৰ বাৰী, হাবি জংঘলত ডাল ভৰি লাগি থাকে তেতেলী৷ সকলোৰে বাবে গুৰুত্বহীন হৈ পৰি থকা তেতেলীৰ আছে অভাবনীয় উপকাৰিতা৷ চিকিৎসা বিজ্ঞানৰ অপাৰ অগ্ৰগতিৰ পাছতো কোনোৱে অস্বীকাৰ কৰিব নোৱাৰে তেতেলীৰ ঔষধি গুণৰ যাদুকৰী শক্তিক৷ তেতেলী আমাৰ দেহৰ বাবে কিমান উপকাৰী জানেনে–

–হৃদৰোগীৰ বাবে অতি উপকাৰী তেতেলী টেঙা৷ ই মানুহৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে৷ তেতেলীত থকা ফ্লাভৰনয়েডে বেদ কলেষ্টেৰল হ্ৰাস কৰি গুড কলেষ্টেৰল বৃদ্ধি কৰে৷ তদুপৰি তেজত ট্ৰাইগ্লিচাৰাইড নামৰ চৰ্বী হ’বলৈ নিদিয়ে৷

–তেতেলীত থকা পটাচিয়ামে ৰক্তচাপ স্বাভাৱিক ৰখাত সহায় কৰে৷

–তেতেলীৰ গুটিয়ে মধুমেহ ৰোগ নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ ইয়াত থকা আলফা এমেলাইজ নামৰ এনজাইম বিধে তেজত শৰ্কৰাৰ পৰিমাণ কমোৱাত সহায় কৰে৷

–তেতেলীত থকা এণ্টি অক্সিডেণ্টে বৃক্কৰ ৰোগ, বৃক্কৰ কৰ্কত ৰোধ কৰাত সহায় কৰে৷

–তেতেলী টেঙাই যকৃত ভালে ৰাখে৷ পৰীক্ষা কৰি দেখা গৈছে যে নিয়মিত তেতেলীৰ পাত খোৱাৰ ফলত অধিক পৰিমাণৰ মদ্যপান কৰাৰ ফলত অনিষ্ট হোৱা লোকৰ যকৃত স্বাভাৱিক হৈ উঠিছে৷

–তেতেলী টেঙাত থকা অধিক পৰিমাণৰ ফাইবাৰে মানৱ দেহৰ অতিৰিক্ত মেদ হ্ৰাস কৰে৷

–তেতেলীৰ গুটিৰ গুৰি নিয়মিতভাৱে খালে পেপটিক আলছাৰ নিৰ্মূল হয়৷ তেতেলীত থকা পলিফেননিক কম্পাউণ্ডে আলছাৰ নিৰ্মূল কৰে৷

–তেতেলীত থকা মলিক এচিড পটাচিয়ামে কোষ্ঠকাঠিন্য বদহজম আদিৰ দৰে সমস্যা নাইকীয়া কৰে৷

–আয়ুৰ্বেদ চিকিৎসাত তেতেলীৰ পাত ডায়েৰীয়া ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়৷

–পকা তেতেলী খালে জ্বৰ নাশ হয়৷ বসন্ত, বাত বিষ আদিতো তেতেলী বৰ উপকাৰী৷